--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধই শ্বেয়াৰ বজাৰত সৃষ্টি কৰা ধুমুহাৰ পাছত মঙলবাৰে পৰিস্থিতি বহুখিনি উন্নত হয়। হতাশাৰ পাছত বিনিয়োগকাৰীৰ মুখত হাঁহি বিৰিঙি উঠিছে। ব্লেক মানডে'ৰ পাছত মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত কোনো ধৰণৰ অমংগল নহ'ল। ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটি ভালেখিনি পইন্ট ঊর্ধ্বমুখী হয়।

বজাৰৰ লেনদেন চলি থকাৰ অৱস্থাত এটা সময়ত ছেনছেক্স ১৭০০ পইণ্টতকৈ অধিক ওপৰলৈ উঠিছিল। অৱশ্যে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১১৩৫ পইন্ট ঊর্ধ্বগামী হৈ ৭৪২০০ পইন্ট হয়গৈ। আনহাতে নিফটি ৩৭৪ পইন্ট ঊর্ধ্বগামী হৈ লেনদেন সামৰাৰ পৰত ২২,৫৩৫ পইন্ট হয়গৈ। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২৯টাক শ্বেয়াৰৰ চাহিদা তথা মূল্য বৃদ্ধি পায়। শ্বেয়াৰ মূল্য সৰ্বাধিক হাৰত ঊর্ধ্বমুখী হোৱা দেখা যায় টাটা গ্ৰুপৰ কোম্পানী টাইটানৰ। টাইটান, বাজাজ ফাইনেন্স আৰু এছ বি আইৰ শ্বেয়াৰ মূল্য আজি ৩%তকৈ অধিক বৃদ্ধি পায়। 

ইফালে মঙলবাৰে শ্বেয়াৰ বজাৰত হোৱা উত্থানৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৭.৫০ লাখ কোটি টকা লাভ হয়। সোমবাৰে শ্বেয়াৰ বজাৰত হোৱা বৃহৎ পতনৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ২০ লাখ কোটি টকা লোকচান হৈছিল। মন কৰিবলগীয়া যে ট্রাম্পৰ শুল্ক যুদ্ধৰ চলিত মাহৰ প্ৰথম সাত দিনত বিনিয়োগকাৰীয়ে প্রায় ২৪ লাখ কোটি টকা হেৰুৱায়। ইফালে এছিয়াৰ বজাৰতো মঙলাবাৰে বিনিয়োগকাৰীৰ মাজত উৎসাহ দেখা পোৱা যায়। জাপানৰ সূচকাংক নিক্কেই প্রায় ৬% ঊর্ধ্বমুখী হৈ বন্ধ হয়। হংকঙৰ হেনছেঙো ১.৫১% উত্থান হয়।

উৎস- দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ