--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড প্ৰতিষেধক প্ৰদানৰ আনুষ্ঠানিক প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দেশৰ ক’ভিড যুদ্ধত গুৰুত্বপূৰ্ণ সংযোজন হিচাপে চিহ্নিত হ’বলগীয়া দুটাকৈ ক’ভিড প্ৰতিষেধকৰ ব্যৱহাৰৰ অনুমোদন দিয়া হৈছে। ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলে পুণেৰ ছিৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন ব্যৱহাৰৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব : পেছাত হকাৰ, অৰ্হতা পিএইচডি : সংগ্ৰামৰপৰা সফলতালৈ নুৰ মহম্মদৰ কাহিনী

ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল ভিজি ছোমানীয়ে কয় যে, দুয়োটা প্ৰতিষ্ঠানে ক’ভিড প্ৰতিষেধকৰ ‘ট্ৰায়েল ৰাণ’ৰ তথ্য জমা দিছে আৰু দুয়োটা প্ৰতিষ্ঠানকে ক’ভিড প্ৰতিষেধকৰ ‘নিয়ন্ত্ৰিত প্ৰয়োগ’ৰ অনুমতি দিয়া হৈছে। ‘আমি সুৰক্ষা সম্পৰ্কীয় সামান্য আসোঁৱাহ থকা একোকেই অনুমোদন দিয়া নাই। এই দুবিধ প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু নিৰাপদ।’

আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজৰ উছাহ

ভি জি ছোমানিয়ে কয়। এই দুবিধ প্ৰতিষেধক ব্যৱহাৰৰ বাবে সাজু হৈ উঠাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিজ্ঞানী সমাজক অভিনন্দন জ্ঞাপন কৰিছে। টুইটাৰত তেওঁ লগতে লিখিছে যে, ‘এই কথাই প্ৰতিজন ভাৰতীয়কে গৰ্বিত কৰিব যে, যি দুবিধ প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰৰ অনুমোদন দেশত দিয়া হৈছে সেই দুয়োবিধেই হৈছে ভাৰতত নিৰ্মিত প্ৰতিষেধক।’ উল্লেখ্য যে, চলিত মাহতে দেশত ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ