--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড প্ৰতিষেধক প্ৰদানৰ আনুষ্ঠানিক প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দেশৰ ক’ভিড যুদ্ধত গুৰুত্বপূৰ্ণ সংযোজন হিচাপে চিহ্নিত হ’বলগীয়া দুটাকৈ ক’ভিড প্ৰতিষেধকৰ ব্যৱহাৰৰ অনুমোদন দিয়া হৈছে। ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেলে পুণেৰ ছিৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ কোভাক্সিন ব্যৱহাৰৰ বাবে জৰুৰী অনুমোদন প্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব : পেছাত হকাৰ, অৰ্হতা পিএইচডি : সংগ্ৰামৰপৰা সফলতালৈ নুৰ মহম্মদৰ কাহিনী

ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল ভিজি ছোমানীয়ে কয় যে, দুয়োটা প্ৰতিষ্ঠানে ক’ভিড প্ৰতিষেধকৰ ‘ট্ৰায়েল ৰাণ’ৰ তথ্য জমা দিছে আৰু দুয়োটা প্ৰতিষ্ঠানকে ক’ভিড প্ৰতিষেধকৰ ‘নিয়ন্ত্ৰিত প্ৰয়োগ’ৰ অনুমতি দিয়া হৈছে। ‘আমি সুৰক্ষা সম্পৰ্কীয় সামান্য আসোঁৱাহ থকা একোকেই অনুমোদন দিয়া নাই। এই দুবিধ প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু নিৰাপদ।’

আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজৰ উছাহ

ভি জি ছোমানিয়ে কয়। এই দুবিধ প্ৰতিষেধক ব্যৱহাৰৰ বাবে সাজু হৈ উঠাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিজ্ঞানী সমাজক অভিনন্দন জ্ঞাপন কৰিছে। টুইটাৰত তেওঁ লগতে লিখিছে যে, ‘এই কথাই প্ৰতিজন ভাৰতীয়কে গৰ্বিত কৰিব যে, যি দুবিধ প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰৰ অনুমোদন দেশত দিয়া হৈছে সেই দুয়োবিধেই হৈছে ভাৰতত নিৰ্মিত প্ৰতিষেধক।’ উল্লেখ্য যে, চলিত মাহতে দেশত ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ