--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে একেৰাহে চতুর্থ দিনৰ বাবে বিনিয়োগকাৰীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা যায়। কালি ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিৰ্টিৰ উত্থানে বিনিয়োগকাৰীসকলৰ মাজতো হাঁহি বিৰিঙায়। 

ছেনছেক্স ১৫০৯ পইন্ট ঊর্ধ্বগামী হৈ দিনটোৰ লেনদেন সামৰাৰ পৰত ৭৮,৫৫৩.২০ পইন্ট হয়গৈ। আনহাতে নিটি ৪১৪.৪৫ পইন্ট ঊর্ধ্বগামী হৈ ২৩,৮৫১.৬৫ পইন্ট হয়গৈ। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৪.৪৯ লাখ কোটি টকা লাভ হয়। 

উল্লেখযোগ্য যে বুধবাৰে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানী কেইটাৰ বজাৰ মূলধন আছিল ৪১৫ লাখ কোটি টকা। কালি বজাৰ মূলধন ৪১৯ লাখ কোটি টকা হয়গৈ। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থান হোৱাত বিদেশী বিনিয়োগকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বুধবাৰে বিদেশী বিনিয়োকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ৩,৯৩৬ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে। 

কেৱল দুদিনত বিদেশী বিনিয়োগকাৰীয়ে ক্রয় কৰে প্ৰায় ১০ হাজাৰ কোটি টকাৰ শ্বেয়াৰ। ইয়াৰ লগতে টকাৰ মূল্য ক্ৰমাৎ বৃদ্ধি পোৱা আৰু খাৰুৱা তেলৰ দামেও ইয়াত প্ৰভাৱ পেলায়।কালি ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰলৰ দাম প্রায় ৬৬.৪০ ডলাৰ হয়গৈ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ