--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহস্পতিবাৰে একেৰাহে চতুর্থ দিনৰ বাবে বিনিয়োগকাৰীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা যায়। কালি ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিৰ্টিৰ উত্থানে বিনিয়োগকাৰীসকলৰ মাজতো হাঁহি বিৰিঙায়। 

ছেনছেক্স ১৫০৯ পইন্ট ঊর্ধ্বগামী হৈ দিনটোৰ লেনদেন সামৰাৰ পৰত ৭৮,৫৫৩.২০ পইন্ট হয়গৈ। আনহাতে নিটি ৪১৪.৪৫ পইন্ট ঊর্ধ্বগামী হৈ ২৩,৮৫১.৬৫ পইন্ট হয়গৈ। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ৪.৪৯ লাখ কোটি টকা লাভ হয়। 

উল্লেখযোগ্য যে বুধবাৰে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্সৰ তালিকাভুক্ত কোম্পানী কেইটাৰ বজাৰ মূলধন আছিল ৪১৫ লাখ কোটি টকা। কালি বজাৰ মূলধন ৪১৯ লাখ কোটি টকা হয়গৈ। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থান হোৱাত বিদেশী বিনিয়োগকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বুধবাৰে বিদেশী বিনিয়োকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা ৩,৯৩৬ কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰে। 

কেৱল দুদিনত বিদেশী বিনিয়োগকাৰীয়ে ক্রয় কৰে প্ৰায় ১০ হাজাৰ কোটি টকাৰ শ্বেয়াৰ। ইয়াৰ লগতে টকাৰ মূল্য ক্ৰমাৎ বৃদ্ধি পোৱা আৰু খাৰুৱা তেলৰ দামেও ইয়াত প্ৰভাৱ পেলায়।কালি ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰলৰ দাম প্রায় ৬৬.৪০ ডলাৰ হয়গৈ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ