--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশৰ তিনিটা শীর্ষ ড্রীম কোম্পানীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, দেশৰ প্ৰায় পাঁচশৰো অধিক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডে 'ড্রীম কোম্পানীজ টু ৱৰ্ক ফৰ' বঁটাত তৃতীয় শ্রেষ্ঠ কোম্পানী হিচাপে স্থান লাভ কৰিছে। 

যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত অনুষ্ঠিত হোৱা ৩৩সংখ্যক বিশ্ব এইচ আৰ ডি কংগ্ৰেছৰ সময়ত প্রতিষ্ঠানটোক এই বঁটা প্রদান কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ হৈ মানৱ সম্পদ বিভাগ আৰু ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিনিধিসকলে উক্ত বঁটা গ্রহণ কৰে। আনহাতে, প্রতিষ্ঠানটোৱে এই সন্মানৰ উপৰি ডব্লিউ ই এছেছমেন্ট, এইচ আৰ ক্লিনিক এণ্ড জ্ঞান মন্থন কাৰ্যসূচীৰ বাবে শ্রেষ্ঠ জ্ঞান ব্যৱস্থাপনা শ্বেয়াৰিং পদক্ষেপ, এইচ আৰ টেক বঁটাৰ অধীনত স্বচ্ছতা আৰু দক্ষতাৰ বাবে ডিজিটেল সমাধানৰ উত্তৰণৰ জৰিয়তে এইচ আৰত নতুনত্বৰ সংযোজন, গ্ল'বেল এইচ আৰ এক্সিলেন্স এৱাৰ্ডৰ অধীনত শ্রেষ্ঠ কৰ্মচাৰী সম্পৰ্ক পদ্ধতি সম্পন্ন প্রতিষ্ঠানৰো বঁটা লাভ কৰে। 

উল্লেখযোগ্য যে বিশ্ব এইচ আৰ ডি কংগ্রেছ হৈছে মানৱ সম্পদ উন্নয়নৰ উৎকৃষ্টতা আৰু উদ্ভাৱনক উদযাপন কৰা এক প্রতিষ্ঠিত গ্ল'বেল মঞ্চ, য'ত ১৩০খনতকৈও অধিক দেশৰ এইচ আৰ পেছাদাৰী, ব্যাৱসায়িক নেতা আৰু পৰিৱৰ্তনকাৰীসকল একত্রিত হয়। এই অনুষ্ঠানৰ জৰিয়তে মানৱ ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰ সংস্কৃতিত মাপকাঠী নির্ধাৰণ কৰা প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্রদান কৰা হয়। চলিত বৰ্ষত এইচ আৰ ডি কংগ্ৰেছৰ মূল বিষয়বস্তু আছিল AI (IQ. EQ. SQ) নতুন এইচ আৰ আৰ্হি। এই স্বীকৃতিয়ে মানৱ সম্পদ উন্নয়নৰ প্ৰতি প্ৰগতিশীল দৃষ্টিভংগীৰে পৰিচালিত এক প্রতিষ্ঠান হিচাপে অইলৰ স্থিতিক দৃঢ় কৰিলে।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি