--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰত্ন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে দেশৰ তিনিটা শীর্ষ ড্রীম কোম্পানীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, দেশৰ প্ৰায় পাঁচশৰো অধিক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ ভিতৰত অইল ইণ্ডিয়া লিমিটেডে 'ড্রীম কোম্পানীজ টু ৱৰ্ক ফৰ' বঁটাত তৃতীয় শ্রেষ্ঠ কোম্পানী হিচাপে স্থান লাভ কৰিছে। 

যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত অনুষ্ঠিত হোৱা ৩৩সংখ্যক বিশ্ব এইচ আৰ ডি কংগ্ৰেছৰ সময়ত প্রতিষ্ঠানটোক এই বঁটা প্রদান কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ হৈ মানৱ সম্পদ বিভাগ আৰু ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰতিনিধিসকলে উক্ত বঁটা গ্রহণ কৰে। আনহাতে, প্রতিষ্ঠানটোৱে এই সন্মানৰ উপৰি ডব্লিউ ই এছেছমেন্ট, এইচ আৰ ক্লিনিক এণ্ড জ্ঞান মন্থন কাৰ্যসূচীৰ বাবে শ্রেষ্ঠ জ্ঞান ব্যৱস্থাপনা শ্বেয়াৰিং পদক্ষেপ, এইচ আৰ টেক বঁটাৰ অধীনত স্বচ্ছতা আৰু দক্ষতাৰ বাবে ডিজিটেল সমাধানৰ উত্তৰণৰ জৰিয়তে এইচ আৰত নতুনত্বৰ সংযোজন, গ্ল'বেল এইচ আৰ এক্সিলেন্স এৱাৰ্ডৰ অধীনত শ্রেষ্ঠ কৰ্মচাৰী সম্পৰ্ক পদ্ধতি সম্পন্ন প্রতিষ্ঠানৰো বঁটা লাভ কৰে। 

উল্লেখযোগ্য যে বিশ্ব এইচ আৰ ডি কংগ্রেছ হৈছে মানৱ সম্পদ উন্নয়নৰ উৎকৃষ্টতা আৰু উদ্ভাৱনক উদযাপন কৰা এক প্রতিষ্ঠিত গ্ল'বেল মঞ্চ, য'ত ১৩০খনতকৈও অধিক দেশৰ এইচ আৰ পেছাদাৰী, ব্যাৱসায়িক নেতা আৰু পৰিৱৰ্তনকাৰীসকল একত্রিত হয়। এই অনুষ্ঠানৰ জৰিয়তে মানৱ ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰ সংস্কৃতিত মাপকাঠী নির্ধাৰণ কৰা প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্রদান কৰা হয়। চলিত বৰ্ষত এইচ আৰ ডি কংগ্ৰেছৰ মূল বিষয়বস্তু আছিল AI (IQ. EQ. SQ) নতুন এইচ আৰ আৰ্হি। এই স্বীকৃতিয়ে মানৱ সম্পদ উন্নয়নৰ প্ৰতি প্ৰগতিশীল দৃষ্টিভংগীৰে পৰিচালিত এক প্রতিষ্ঠান হিচাপে অইলৰ স্থিতিক দৃঢ় কৰিলে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ