--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় বৰ্ষৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰত ডাঙৰ সকাহ । ২০২৫ চনৰ ১ এপ্ৰিলত তেল আৰু গেছৰ বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি হ্ৰাস কৰিছে। ইয়াৰ পিছতে দিল্লীৰ পৰা মুম্বাইলৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম। 

আই অ’ চি এলৰ ৱেবছাইট অনুসৰি ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰি দিল্লীত ৪১ টকা সস্তা হোৱাৰ বিপৰীতে কলকাতাত ৪৪.৫০ টকা সস্তা হৈছে। কিন্তু এইবাৰো ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ভাৰতীয় তেলৰ (ICOL) ৱেবছাইটত প্ৰকাশ পোৱা শেহতীয়া আপডেটটো যদি আমি চাওঁ তেন্তে ৰাজধানী দিল্লীত ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ১৮০৩ টকাৰ পৰা ১৭৬২ টকালৈ হ্ৰাস পাইছে আৰু ইয়াত এটা চিলিণ্ডাৰৰ মূল্য ৪১ টকা হ্ৰাস পাইছে। মুম্বাইত চিলিণ্ডাৰৰ মূল্য ১৭৫৫.৫০ টকাৰ পৰা ১৭১৩.৫০ টকালৈ হ্ৰাস কৰাৰ বিপৰীতে চেন্নাইত ১৯৬৫ টকাৰ পৰা ১৯২১.৫০ টকালৈ হ্ৰাস কৰা হৈছে।


GoodReturns ৰ তথ্য অনুসৰি গুৱাহাটীত প্ৰতিটো ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকাকৈ হ্ৰাস পালে। যাৰ বাবে গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা। 



এফালে শেহতীয়াকৈ তেল বিপণন কোম্পানীসমূহে ১৯ কেজি এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য অহৰহ সংশোধন কৰি থকাৰ বিপৰীতে ১৪ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে আৰু ইয়াক ২০২৪ চনৰ ১ আগষ্টৰ মূল্যতে বিক্ৰী কৰা হৈছে। দিল্লীত ১৪ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ৮০৩ টকা।ইয়াৰ উপৰিও ইয়াৰ মূল্য অপৰিৱৰ্তিত হৈ আছে কলকাতাত ৮২৯ টকা, মুম্বাইত ৮০২.৫০ টকা আৰু চেন্নাইত ৮১৮.৫০ টকা।গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ