--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিত্তীয় বৰ্ষৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰত ডাঙৰ সকাহ । ২০২৫ চনৰ ১ এপ্ৰিলত তেল আৰু গেছৰ বিপণন কোম্পানীসমূহে এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি হ্ৰাস কৰিছে। ইয়াৰ পিছতে দিল্লীৰ পৰা মুম্বাইলৈ হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম। 

আই অ’ চি এলৰ ৱেবছাইট অনুসৰি ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰি দিল্লীত ৪১ টকা সস্তা হোৱাৰ বিপৰীতে কলকাতাত ৪৪.৫০ টকা সস্তা হৈছে। কিন্তু এইবাৰো ১৪ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই।

ভাৰতীয় তেলৰ (ICOL) ৱেবছাইটত প্ৰকাশ পোৱা শেহতীয়া আপডেটটো যদি আমি চাওঁ তেন্তে ৰাজধানী দিল্লীত ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ১৮০৩ টকাৰ পৰা ১৭৬২ টকালৈ হ্ৰাস পাইছে আৰু ইয়াত এটা চিলিণ্ডাৰৰ মূল্য ৪১ টকা হ্ৰাস পাইছে। মুম্বাইত চিলিণ্ডাৰৰ মূল্য ১৭৫৫.৫০ টকাৰ পৰা ১৭১৩.৫০ টকালৈ হ্ৰাস কৰাৰ বিপৰীতে চেন্নাইত ১৯৬৫ টকাৰ পৰা ১৯২১.৫০ টকালৈ হ্ৰাস কৰা হৈছে।

GoodReturns ৰ তথ্য অনুসৰি গুৱাহাটীত প্ৰতিটো ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৪.৫ টকাকৈ হ্ৰাস পালে। যাৰ বাবে গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা। 

এফালে শেহতীয়াকৈ তেল বিপণন কোম্পানীসমূহে ১৯ কেজি এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য অহৰহ সংশোধন কৰি থকাৰ বিপৰীতে ১৪ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে আৰু ইয়াক ২০২৪ চনৰ ১ আগষ্টৰ মূল্যতে বিক্ৰী কৰা হৈছে। দিল্লীত ১৪ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ৮০৩ টকা।ইয়াৰ উপৰিও ইয়াৰ মূল্য অপৰিৱৰ্তিত হৈ আছে কলকাতাত ৮২৯ টকা, মুম্বাইত ৮০২.৫০ টকা আৰু চেন্নাইত ৮১৮.৫০ টকা।গুৱাহাটীত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’লগৈ ১,৯৫৮.৫ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ