--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ ৰপ্তানিত ভাৰতে এতিয়া বিশ্বৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ভাৰতে শ্রীলংকাক পিছ পেলাই দ্বিতীয় স্থান অধিকাৰ কৰে। ভাৰতীয় চাহ ব'র্ডে এই কথা প্ৰকাশ কৰিছে। ব'ৰ্ডে  প্ৰকাশ কৰা অনুসৰি ভাৰতে যোৱা বছৰ ২৫.৫ কোটি কিল'গ্রাম চাহ ৰপ্তানি কৰে।

চাহ ৰপ্তানিত কেনিয়া বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছে। বিশ্বত ভূৰাজনৈতিক উত্তেজনা চলি থকা সত্ত্বেও ভাৰতে ২০২৪ বর্ষত বিগত ১০ বছৰৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ চাহ ৰপ্তানি কৰে। এই বছৰটোত ভাৰতে চাহপাত ৰপ্তানি কৰি ৭১১১ কোটি টকা উপাৰ্জন কৰে। উল্লেখযোগ্য যে ২০২৩ বৰ্ষত ভাৰতে ২৩.১৬ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰে আৰু ইয়াৰ পৰা ৬,১৬১ কোটি টকা উপার্জন কৰিছিল।

যোৱা বছৰ চাহ ৰপ্তানিৰ হাৰ ১০% বৃদ্ধি পায়। ২০২৪ বর্ষত অসম আৰু পশ্চিম বংগই ১৫.৫ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰে। ইয়াৰ পৰা উপাৰ্জন কৰে ৪,৮৩৩ কোটি টকা। আনহাতে, দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে ৯.৯৮ কোটি কিল'গ্রাম চাহপাত ৰপ্তানি কৰি ২,২৭৮ কোটি টকা উপার্জন কৰে। চাহ ৰপ্তানিত অসম আৰু পশ্চিম বংগৰ অৱদান আছিল ৬০.৭৯%। ভাৰতে বিশ্বৰ ২৫খনতকৈও অধিক দেশলৈ চাহ ৰপ্তানি কৰে। 

ভাৰতৰ চাহপাত সংযুক্ত আৰব আমিৰাট, ইৰাক, ইৰান, আমেৰিকা আৰু ব্রিটেইনলৈ সর্বাধিক পৰিমাণৰ ৰপ্তানি কৰা হয়। শ্রীলংকাত চাহৰ উৎপাদন হ্রাস পোৱাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলে পশ্চিম এছিয়াৰ বজাৰত সুযোগ লাভ কৰে।

 উল্লেখযোগ্য যে বিশ্বৰ মুঠ ৰপ্তানিৰ প্ৰায় দহ শতাংশ চাহপাত ভাৰতৰ। বিশ্বত অসম, দার্জিলিং আৰু নিলগিৰিৰ চাহপাতৰ বিশেষ সুনাম আছে। ভাৰতৰ পৰা 'ব্লেক টী' সর্বাধিক পৰিমাণে (প্রায় ৯৬%) ৰপ্তানি কৰা হয়। ইয়াৰ উপৰি চি টি চি, গ্রীন 'টী, হার্বল চাহ, - মছলা চাহ, লেমন টীও বিদেশলৈ প্ৰেৰণ কৰা হয়। এতিয়া দেশৰ মুঠ, চাহপাত উৎপাদনত ক্ষুদ্র চাহ খেতিয়কে বৃহৎ অৱদান আগবঢ়াইছে।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ