--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '...সাৰিব লাগিব চোতালৰ জাৱৰ, পেলাব লাগিব গোহালীৰ গোবৰ '... । অসমৰ বিবাহ অনুষ্ঠানত আয়তীয়ে গোৱা এয়া এটি পৰিচিত বিয়া গীত। ন-কইনাক উদ্দেশ্য কৰি আয়তীয়ে এনে উপদেশমূলক বিয়া গীত গায়। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই বিয়া গীত হয়তো শুনা নাই, তথাপি তেওঁ গোবৰ  পেলালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোবৰ পেলোৱাৰ সৈতেও পিছে জৰিত হৈ আছে বিয়াৰেই কথা।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীলৈ দুদিনীয়া ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মঙলবাৰে বেলচাৰে গোবৰৰ স্তূপ পৰিষ্কাৰ কৰে। 

স্মৃতি ইৰাণীয়ে গোবৰ আঁতৰ কৰা দেখি বিজেপি নেতাসকলেও সেই কামত লাগি পৰা পৰিলক্ষিত হয়।
ফলত প্ৰায় আধা ঘণ্টাৰ ভিতৰতে  গোবৰৰ দম পৰিষ্কাৰ হৈ পৰে।

স্মৃতি ইৰাণীয়ে গোবৰ  পেলোৱাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু মন্ত্ৰীগৰাকীয়ে কিয় বাৰু গোবৰ  পেলাবলগীয়া হ'ল?  দৰাচলতে স্মৃতি ইৰাণী গৈছিল মোদীৰ সমষ্টি বাৰানসীৰ  ভীম নগৰলৈ।  গাওঁ খনত প্ৰৱেশ কৰাৰ পিছতে স্মৃতি ইৰাণীক গাওঁ খনৰে  এগৰাকী মহিলাই জনায় যে তেওঁৰ ছোৱালীৰ দুই -এদিনতে বিয়া হ'ব।

 বিয়াৰ অনুষ্ঠান মহিলাগৰাকীয়ে তেওঁৰ ঘৰৰ সন্মুখৰ পথাৰতে কৰাৰ কথা চিন্তা কৰিছে। কিন্তু পথাৰত  থকা গোবৰৰ স্তূপৰ বাবে তেওঁ এতিয়া চিন্তাত পৰিছে।

যদি গোবৰৰ  স্তূপটো আঁতৰ কৰিব পৰা  গ'লহেঁতেন, তেন্তে ভাল হ'লহেঁতেন।  মহিলাগৰাকীৰ কথা শুনি স্মৃতি ইৰাণীয়ে আনক গোবৰৰ দমটো চাফা কৰিবলৈ নিৰ্দেশ দিয়াৰ সলনি নিজেই হাতে-কামে লাগি যায়।

স্মৃতি ইৰাণীয়ে কৈছিল – ভাল কামত পলম কিহৰ...? আমি একেলগে গোবৰৰ স্তূপটো আঁতৰ কৰিব পাৰো দেখোন। 
ইয়াৰ পিছত স্মৃতি ইৰাণী  বেলচাৰে গৰুৰ গোবৰৰ স্তূপটো আঁতৰাবলৈ আৰম্ভ কৰে। 

এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এনেদৰে গোবৰৰ দম চাফা কৰাৰ কথাকলৈ বহুতে সৰস চৰ্চা কৰাও দেখা গৈছে। বহুতে এইবুলিও কৈছে যে প্ৰচাৰ লাভৰ আশাতেই মন্ত্ৰীগৰাকীয়ে এনে কাম কৰিছে। যি কি নহওঁক, স্মৃতি ইৰাণীৰ এনে কামত বহুতে প্ৰশংসাও কৰিছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ