--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ '...সাৰিব লাগিব চোতালৰ জাৱৰ, পেলাব লাগিব গোহালীৰ গোবৰ '... । অসমৰ বিবাহ অনুষ্ঠানত আয়তীয়ে গোৱা এয়া এটি পৰিচিত বিয়া গীত। ন-কইনাক উদ্দেশ্য কৰি আয়তীয়ে এনে উপদেশমূলক বিয়া গীত গায়। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই বিয়া গীত হয়তো শুনা নাই, তথাপি তেওঁ গোবৰ  পেলালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গোবৰ পেলোৱাৰ সৈতেও পিছে জৰিত হৈ আছে বিয়াৰেই কথা।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীলৈ দুদিনীয়া ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মঙলবাৰে বেলচাৰে গোবৰৰ স্তূপ পৰিষ্কাৰ কৰে। 

স্মৃতি ইৰাণীয়ে গোবৰ আঁতৰ কৰা দেখি বিজেপি নেতাসকলেও সেই কামত লাগি পৰা পৰিলক্ষিত হয়।
ফলত প্ৰায় আধা ঘণ্টাৰ ভিতৰতে  গোবৰৰ দম পৰিষ্কাৰ হৈ পৰে।

স্মৃতি ইৰাণীয়ে গোবৰ  পেলোৱাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিন্তু মন্ত্ৰীগৰাকীয়ে কিয় বাৰু গোবৰ  পেলাবলগীয়া হ'ল?  দৰাচলতে স্মৃতি ইৰাণী গৈছিল মোদীৰ সমষ্টি বাৰানসীৰ  ভীম নগৰলৈ।  গাওঁ খনত প্ৰৱেশ কৰাৰ পিছতে স্মৃতি ইৰাণীক গাওঁ খনৰে  এগৰাকী মহিলাই জনায় যে তেওঁৰ ছোৱালীৰ দুই -এদিনতে বিয়া হ'ব।

 বিয়াৰ অনুষ্ঠান মহিলাগৰাকীয়ে তেওঁৰ ঘৰৰ সন্মুখৰ পথাৰতে কৰাৰ কথা চিন্তা কৰিছে। কিন্তু পথাৰত  থকা গোবৰৰ স্তূপৰ বাবে তেওঁ এতিয়া চিন্তাত পৰিছে।

যদি গোবৰৰ  স্তূপটো আঁতৰ কৰিব পৰা  গ'লহেঁতেন, তেন্তে ভাল হ'লহেঁতেন।  মহিলাগৰাকীৰ কথা শুনি স্মৃতি ইৰাণীয়ে আনক গোবৰৰ দমটো চাফা কৰিবলৈ নিৰ্দেশ দিয়াৰ সলনি নিজেই হাতে-কামে লাগি যায়।

স্মৃতি ইৰাণীয়ে কৈছিল – ভাল কামত পলম কিহৰ...? আমি একেলগে গোবৰৰ স্তূপটো আঁতৰ কৰিব পাৰো দেখোন। 
ইয়াৰ পিছত স্মৃতি ইৰাণী  বেলচাৰে গৰুৰ গোবৰৰ স্তূপটো আঁতৰাবলৈ আৰম্ভ কৰে। 

এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এনেদৰে গোবৰৰ দম চাফা কৰাৰ কথাকলৈ বহুতে সৰস চৰ্চা কৰাও দেখা গৈছে। বহুতে এইবুলিও কৈছে যে প্ৰচাৰ লাভৰ আশাতেই মন্ত্ৰীগৰাকীয়ে এনে কাম কৰিছে। যি কি নহওঁক, স্মৃতি ইৰাণীৰ এনে কামত বহুতে প্ৰশংসাও কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ