--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি পালন কৰা হ’ব ১ মাৰ্চ, ২০২২, মঙলবাৰে। ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহৰ এই পৱিত্ৰ দিনটো অতি বিশেষ। এই দিনটোত উপাসনা কৰাৰ লগতে তন্ত্ৰ-মন্ত্ৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মনা হয়। মহাশিৱৰাত্ৰিৰ দিনটোত কৰা উপাসনা, প্ৰতিকাৰবোৰে বহুগুণে অধিক ফল প্ৰদান কৰে। আজি আমি মহাদেৱক সন্তুষ্ট কৰাৰ কেইটামান বিশেষ উপায় বিষয়ে জানিম, যিটো কৰিলে ভাগ্যও জাগ্ৰত হোৱাৰ লগতে প্ৰতিটো ইচ্ছা-আকাংক্ষা পূৰণ হয় আৰু জীৱনতো শান্তিৰে ভৰি পৰে। ধনৰ পৰা বিবাহলৈ, শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত আৰাধনা কৰিলে আপুনি পাব বিশেষ সুফল। মহাশিৱৰাত্ৰিৰ দিনা উপাসনা কৰাৰ বিধান- ১. টকা পাবলৈ প্ৰতিকাৰ : মহাশিৱৰাত্ৰিত ভগৱান শিৱক পূজা কৰাৰ পিছত আপুনি দিনটোৰ যিকোনো সময়তে মাছক ময়দাৰ লাড়ু খুৱাব লাগে। এনে কৰিলে ধনৰ আগমন বৃদ্ধি পায়। ২. বিবাহৰ বাধা আঁতৰ কৰাৰ উপায় : যিসকলে বিবাহত বাধাৰ সন্মুখীন হৈছে তেওঁলোকে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেশৰ দিয়া গাখীৰ অৰ্পণ কৰিলে অতিশীঘ্ৰে বিবাহত থকা বাধাসমূহ দূৰ হ’ব। ৩. সুখ আৰু সমৃদ্ধি প্ৰাপ্ত কৰাৰ প্ৰতিকাৰ : বহু লোকৰ জীৱন সমস্যাৰে ভৰি থাকে। সঘনাই বিপদৰ সন্মুখীন হৈ থাকে তেন্তে মহাশিৱৰাত্ৰিত নন্দীক (ষাঁড়) সেউজীয়া পশুখাদ্য খুৱাওক। ৪. ইচ্ছা পূৰণৰ প্ৰতিকাৰ : মহাশিৱৰাত্ৰিৰ দিনা ২১টা বেলপাতত  চন্দনেৰে ‘ওঁম নমহ শিৱায়’ (ऊं नम: शिवाय) লিখি শিৱলিংগত অৰ্পণ কৰিলে ভোলেনাথ সোনকালে সন্তুষ্ট হয় আৰু মনৰ ইচ্ছা পূৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ