--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি পালন কৰা হ’ব ১ মাৰ্চ, ২০২২, মঙলবাৰে। ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহৰ এই পৱিত্ৰ দিনটো অতি বিশেষ। এই দিনটোত উপাসনা কৰাৰ লগতে তন্ত্ৰ-মন্ত্ৰ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মনা হয়। মহাশিৱৰাত্ৰিৰ দিনটোত কৰা উপাসনা, প্ৰতিকাৰবোৰে বহুগুণে অধিক ফল প্ৰদান কৰে। আজি আমি মহাদেৱক সন্তুষ্ট কৰাৰ কেইটামান বিশেষ উপায় বিষয়ে জানিম, যিটো কৰিলে ভাগ্যও জাগ্ৰত হোৱাৰ লগতে প্ৰতিটো ইচ্ছা-আকাংক্ষা পূৰণ হয় আৰু জীৱনতো শান্তিৰে ভৰি পৰে। ধনৰ পৰা বিবাহলৈ, শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত আৰাধনা কৰিলে আপুনি পাব বিশেষ সুফল। মহাশিৱৰাত্ৰিৰ দিনা উপাসনা কৰাৰ বিধান- ১. টকা পাবলৈ প্ৰতিকাৰ : মহাশিৱৰাত্ৰিত ভগৱান শিৱক পূজা কৰাৰ পিছত আপুনি দিনটোৰ যিকোনো সময়তে মাছক ময়দাৰ লাড়ু খুৱাব লাগে। এনে কৰিলে ধনৰ আগমন বৃদ্ধি পায়। ২. বিবাহৰ বাধা আঁতৰ কৰাৰ উপায় : যিসকলে বিবাহত বাধাৰ সন্মুখীন হৈছে তেওঁলোকে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেশৰ দিয়া গাখীৰ অৰ্পণ কৰিলে অতিশীঘ্ৰে বিবাহত থকা বাধাসমূহ দূৰ হ’ব। ৩. সুখ আৰু সমৃদ্ধি প্ৰাপ্ত কৰাৰ প্ৰতিকাৰ : বহু লোকৰ জীৱন সমস্যাৰে ভৰি থাকে। সঘনাই বিপদৰ সন্মুখীন হৈ থাকে তেন্তে মহাশিৱৰাত্ৰিত নন্দীক (ষাঁড়) সেউজীয়া পশুখাদ্য খুৱাওক। ৪. ইচ্ছা পূৰণৰ প্ৰতিকাৰ : মহাশিৱৰাত্ৰিৰ দিনা ২১টা বেলপাতত  চন্দনেৰে ‘ওঁম নমহ শিৱায়’ (ऊं नम: शिवाय) লিখি শিৱলিংগত অৰ্পণ কৰিলে ভোলেনাথ সোনকালে সন্তুষ্ট হয় আৰু মনৰ ইচ্ছা পূৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ