--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ গোচৰৰ নতুন মোৰ। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, গোচৰটোৰ তদন্তত জড়িত বিশ্ব বিজয় সিং আৰু আশীষ ৰঞ্জন প্ৰসাদ নামৰ দুগৰাকী বিষয়াক নিলম্বন কৰিছে এনচিবি-এ। দুই বিষয়াৰ সন্দেহজনক আচৰণৰ বাবে এনচিবি-এ নিলম্বিত কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দুয়োজন বিষয়াৰ ভিতৰত, বিজয় সিং আছিল তদন্তকাৰী বিষয়া আৰু আশীষ ৰঞ্জন আছিল উপ-বিষয়া। অৱশ্যে, এনচিবিয়ে তেওঁলোকৰ মাজত কেনেধৰণৰ আচৰণৰ প্ৰত্যক্ষ কৰিছে সেই বিষয়ে এতিয়াও সদৰী কৰা নাই।

স্মৰ্তব্য যে, নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে বিগত বৰ্ষৰ ২ অক্টোবৰত মুম্বাইৰ বিলাসী কৰ্ডেলিয়া ক্ৰুজত অভিযান চলাইছিল। তাৰ পৰা আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচাক আটক কৰাৰ পাছত ২৪ ঘণ্টাৰ ভিতৰতে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ষ্টাৰকিড হোৱা স্বত্ত্বেও সাৰি যোৱা নাছিল শ্বাহৰূখ তনয়। আৰ্থাৰ ৰোড কাৰাগাৰৰ বন্ধ কুঠৰীত দিন নিয়াব লগীয়া লৈছিল আৰিয়ানে। পৰৱৰ্তী ২৮ অক্টোবৰত বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল আৰিয়ানক। জামিন ঘোষণাৰ দুদিন পাছত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মান্নাতলৈ উভতিছিল আৰিয়ানে। ড্ৰাগছ গোচৰৰ আন দুই অভিযুক্ত আৰবাজ আৰু মুনমুনক আৰিয়ানৰ পাছত জামিন লাভ কৰিছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত ড্ৰাগছৰ গোচৰত এনচিবিৰ বিশেষ অনুসন্ধানকাৰী দলে আৰিয়ানক ক্লিন ক্লীন ছীট দিছিল। এই খবৰটো সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এটা সূত্ৰত পোহৰলৈ আহিছিল। জানিবলৈ পোৱা মতে, এনচিবিৰ অনুসন্ধানকাৰী বিষয়াসকলে আৰিয়ান, মুনমুন আৰু আৰবাজৰ হোৱাটছএপ চেটত সন্দেহজনক কোনো তথ্যৰ সম্ভেদ পোৱা নাছিল। আৰিয়ানৰ পৰাও লাভ কৰা নগ’ল ড্ৰাগ। আনকি বিষয়াসকলে কৰ্ডেলিয়া ক্ৰুজত অভিযান চলোৱা সময়তো নিচাগ্ৰস্ত অৱস্থাত নাছিল আৰিয়ান। শ্বাহৰূখ পুত্ৰ কোনো ডাঙৰ ষড়যন্ত্ৰৰ অংশ নহয়। তেওঁ কোনো অপৰাধ কৰা নাছিল। বিশেষ অনুসন্ধানকাৰী দলৰ অনুসন্ধানত এনে তথ্যই প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ