--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰূখ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ গোচৰৰ নতুন মোৰ। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, গোচৰটোৰ তদন্তত জড়িত বিশ্ব বিজয় সিং আৰু আশীষ ৰঞ্জন প্ৰসাদ নামৰ দুগৰাকী বিষয়াক নিলম্বন কৰিছে এনচিবি-এ। দুই বিষয়াৰ সন্দেহজনক আচৰণৰ বাবে এনচিবি-এ নিলম্বিত কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দুয়োজন বিষয়াৰ ভিতৰত, বিজয় সিং আছিল তদন্তকাৰী বিষয়া আৰু আশীষ ৰঞ্জন আছিল উপ-বিষয়া। অৱশ্যে, এনচিবিয়ে তেওঁলোকৰ মাজত কেনেধৰণৰ আচৰণৰ প্ৰত্যক্ষ কৰিছে সেই বিষয়ে এতিয়াও সদৰী কৰা নাই।


স্মৰ্তব্য যে, নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে বিগত বৰ্ষৰ ২ অক্টোবৰত মুম্বাইৰ বিলাসী কৰ্ডেলিয়া ক্ৰুজত অভিযান চলাইছিল। তাৰ পৰা আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচাক আটক কৰাৰ পাছত ২৪ ঘণ্টাৰ ভিতৰতে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ষ্টাৰকিড হোৱা স্বত্ত্বেও সাৰি যোৱা নাছিল শ্বাহৰূখ তনয়। আৰ্থাৰ ৰোড কাৰাগাৰৰ বন্ধ কুঠৰীত দিন নিয়াব লগীয়া লৈছিল আৰিয়ানে। পৰৱৰ্তী ২৮ অক্টোবৰত বোম্বাই উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল আৰিয়ানক। জামিন ঘোষণাৰ দুদিন পাছত আৰ্থাৰ ৰোড কাৰাগাৰৰ পৰা মান্নাতলৈ উভতিছিল আৰিয়ানে। ড্ৰাগছ গোচৰৰ আন দুই অভিযুক্ত আৰবাজ আৰু মুনমুনক আৰিয়ানৰ পাছত জামিন লাভ কৰিছিল।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহত ড্ৰাগছৰ গোচৰত এনচিবিৰ বিশেষ অনুসন্ধানকাৰী দলে আৰিয়ানক ক্লিন ক্লীন ছীট দিছিল। এই খবৰটো সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এটা সূত্ৰত পোহৰলৈ আহিছিল। জানিবলৈ পোৱা মতে, এনচিবিৰ অনুসন্ধানকাৰী বিষয়াসকলে আৰিয়ান, মুনমুন আৰু আৰবাজৰ হোৱাটছএপ চেটত সন্দেহজনক কোনো তথ্যৰ সম্ভেদ পোৱা নাছিল। আৰিয়ানৰ পৰাও লাভ কৰা নগ’ল ড্ৰাগ। আনকি বিষয়াসকলে কৰ্ডেলিয়া ক্ৰুজত অভিযান চলোৱা সময়তো নিচাগ্ৰস্ত অৱস্থাত নাছিল আৰিয়ান। শ্বাহৰূখ পুত্ৰ কোনো ডাঙৰ ষড়যন্ত্ৰৰ অংশ নহয়। তেওঁ কোনো অপৰাধ কৰা নাছিল। বিশেষ অনুসন্ধানকাৰী দলৰ অনুসন্ধানত এনে তথ্যই প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ