--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত ভাৰতীয় কণ্ঠশিল্পী কেকে আৰু নাই এই পৃথিৱীত। যি কথা এতিয়াও মানি ল'ব পৰা নাই তেওঁৰ অনুৰাগীসকলে। কাইলৈ অৰ্থাৎ ৬ জুনত ​​মুক্তি পাব কেকেৰ জীৱনৰ শেষৰটো গীত 'ধুপ পানী বেহনে দো...'। কেকেই জীৱনৰ অন্তিমটো গীত গাইছিল বলীউডৰ চিনেমা 'শ্বেৰদিল: দ্য পিলিভীট ছাগা'ৰ বাবে। গীতটিৰ কথা গুলজাৰৰ আৰু সুৰ দিছে শান্তনু মৈত্ৰই। এই গীতটোৰ মুক্তিৰ পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে। পোষ্টাৰখনত লিখা আছে, ‘কেকে আপুনি সদায় আমাৰ হৃদয়ত থাকিব।
 কেকেৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই গীতটোৰ বাবে। এই ছবিখনৰ সমান্তৰালকৈ এই গীতটোৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িছে। চিনেমাখনত পংকজ ত্ৰিপাঠীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 'শ্বেৰদিল: দ্য পিলিভীট ছাগা'ৰ ট্ৰেইলাৰটোক দৰ্শকে বহুত প্ৰশংসা কৰিছে। 

শ্ৰীজিত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২৪ জুনত মুক্তি পাব। কেকেৰ কেৰিয়াৰৰ শেষৰটো গীত শুনিবলৈ আৱেগিকভাৱে অপেক্ষা কৰিছে তেওঁৰ লক্ষাধিক অনুৰাগীয়ে। প্ৰিয় শিল্পীগৰাকীৰ কণ্ঠত এটা নতুন গীত শুনিবলৈ প্ৰতিজনে ব্যগ্ৰ হৈ আছে আনহাতে একে সময়তে প্ৰিয় শিল্পীগৰাকী লগত নথকাৰ দুখেও দহিছে অনুৰাগীসকলক।
 উল্লেখ্য যে যোৱা ৩১ মে’ত জনপ্ৰিয় কণ্ঠশিল্পী কেকেই এই পৃথিৱীক চিৰ বিদায় জনাই অজানা দেশলৈ গুচি গ'ল। কলকাতাত অনুষ্ঠিত হোৱা মিউজিক কনচাৰ্টটোৱে আছিল তেওঁৰ জীৱনৰ শেষৰটো অনুষ্ঠান। কায়িকভাৱে কেকে আমাৰ মাজত নাই যদিও তেওঁ গানেৰে আজীৱন অনুৰাগীৰ হৃদয়ত জীয়াই থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ