--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰখ্যাত ভাৰতীয় কণ্ঠশিল্পী কেকে আৰু নাই এই পৃথিৱীত। যি কথা এতিয়াও মানি ল'ব পৰা নাই তেওঁৰ অনুৰাগীসকলে। কাইলৈ অৰ্থাৎ ৬ জুনত ​​মুক্তি পাব কেকেৰ জীৱনৰ শেষৰটো গীত 'ধুপ পানী বেহনে দো...'। কেকেই জীৱনৰ অন্তিমটো গীত গাইছিল বলীউডৰ চিনেমা 'শ্বেৰদিল: দ্য পিলিভীট ছাগা'ৰ বাবে। গীতটিৰ কথা গুলজাৰৰ আৰু সুৰ দিছে শান্তনু মৈত্ৰই। এই গীতটোৰ মুক্তিৰ পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে। পোষ্টাৰখনত লিখা আছে, ‘কেকে আপুনি সদায় আমাৰ হৃদয়ত থাকিব।
 কেকেৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই গীতটোৰ বাবে। এই ছবিখনৰ সমান্তৰালকৈ এই গীতটোৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িছে। চিনেমাখনত পংকজ ত্ৰিপাঠীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 'শ্বেৰদিল: দ্য পিলিভীট ছাগা'ৰ ট্ৰেইলাৰটোক দৰ্শকে বহুত প্ৰশংসা কৰিছে। 

শ্ৰীজিত মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন ২৪ জুনত মুক্তি পাব। কেকেৰ কেৰিয়াৰৰ শেষৰটো গীত শুনিবলৈ আৱেগিকভাৱে অপেক্ষা কৰিছে তেওঁৰ লক্ষাধিক অনুৰাগীয়ে। প্ৰিয় শিল্পীগৰাকীৰ কণ্ঠত এটা নতুন গীত শুনিবলৈ প্ৰতিজনে ব্যগ্ৰ হৈ আছে আনহাতে একে সময়তে প্ৰিয় শিল্পীগৰাকী লগত নথকাৰ দুখেও দহিছে অনুৰাগীসকলক।
 উল্লেখ্য যে যোৱা ৩১ মে’ত জনপ্ৰিয় কণ্ঠশিল্পী কেকেই এই পৃথিৱীক চিৰ বিদায় জনাই অজানা দেশলৈ গুচি গ'ল। কলকাতাত অনুষ্ঠিত হোৱা মিউজিক কনচাৰ্টটোৱে আছিল তেওঁৰ জীৱনৰ শেষৰটো অনুষ্ঠান। কায়িকভাৱে কেকে আমাৰ মাজত নাই যদিও তেওঁ গানেৰে আজীৱন অনুৰাগীৰ হৃদয়ত জীয়াই থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ