--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত শনিবাৰে এটা চাৰি মহলীয়া অট্টালিকা খহি পৰে। এই দুর্ঘটনাটোৰ ফলত ১১জন লোকৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। 

শনিবাৰে পুৱতি নিশা মুস্তাফাবাদস্থিত শক্তি বিহাৰ নামৰ অট্টালিকাটো খহি পৰে আৰু বহু লোক আবদ্ধ হৈ পৰে। উদ্ধাৰকাৰী দলে ১১জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সমর্থ হয় যদিও ১১জন লোকক মৃত ঘোষণা কৰে। উদ্ধাৰ কৰিব পৰা আহত লোককেইজনক নিকটবর্তী চিকিৎসালয়ত ভর্তি কৰোৱা হয়। 

আহতসকলৰ ৫জন এতিয়াও চিকিৎসাধীন হৈ আছে। সুস্থ হোৱাৰ পাছত ৬জন লোকক ঘৰলৈ যাবলৈ দিয়া হয়। ক্রেন, থাৰ্মেল কেমেৰাৰ সহায়ত দিল্লী অগ্নিনির্বাপক বাহিনী, এন ডি আৰ এফ, ডি ডি এম এ আৰু স্থানীয় স্বেচ্ছাসেৱকৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত নামি পৰে। 

অট্টালিকাটো খহি পৰাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকে অভিযোগ কৰে যে অট্টালিকাটোৰ ভূমি মহলাত গাফিলতি আছিল। দিল্লীৰ মুখ্যমন্ত্রী ৰেখা গুপ্তাই এই দুৰ্ঘটনাৰ আঁৰৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্রদান কৰাৰ লগতে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ