--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ যোগীঘোপাত নির্মাণ হৈ থকা আন্তর্জাতিক মাল্টিমডেল লজিষ্টিক পাৰ্কত শনিবাৰে ভুটানৰ ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকে পৰিদৰ্শন কৰে। প্ৰাপ্ত তথ্য মতে, কালি পুৱা ৯ বজাত হেলিকপ্টাৰেৰে যোগীঘোপা মাল্টিমডেল লজিষ্টিক পাৰ্কত অৱতৰণ কৰে ভূটানৰ ৰজা গৰাকীয়ে । প্ৰতিৱেশী দেশৰ ৰজাৰ আগমনৰ বাবে বঙাইগাঁও জিলা প্রশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। ৰজাৰ নিৰাপত্তাৰ দিশটো লক্ষ্য কৰি ভুটানৰ বৃহৎ নিৰাপত্তা বাহিনীও পুৱাৰ ভাগত আহি যোগীঘোপাত উপস্থিত হয়। 

উল্লেখযোগ্য যে দেশৰ প্ৰথমখন আন্তর্জাতিক মাল্টিমডেল লজিষ্টিক পাৰ্কৰ নিৰ্মাণকাৰ্য সম্পূর্ণ হোৱাৰ পাছত ভুটান, বাংলাদেশ আদি প্রতিবেশী দেশৰ সৈতে বাণিজ্যিক ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আজি ভূটানৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো যোগীঘোপাত উপস্থিত হৈ ৰজাক সংগ দিয়ে। আগন্তুক দিনত লজিষ্টিক পাৰ্কত কেনেদৰে কাম সম্পন্ন হ'ব সেই বিষয়ে বিভাগীয় বিষয়াৰ সৈতে আলোচনাত মিলিত হয় ভুটানৰ ৰজা। ইপিনে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটায়ো ৰজাক সংগ দিয়ে। 

দুখন হেলিকপ্টাৰত অহা ভূটানৰ ৰজাই মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শনৰ পাছত যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় বন্দৰ পৰিদৰ্শন কৰে। অৱশ্যে প্ৰট'কলৰ দোহাই দি সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই জিলা প্রশাসনে। সাংবাদিকৰ পৰা সম্পূৰ্ণভাৱে দূৰত অৱস্থান কৰে ভূটানৰ ৰজাই। অৱশ্যে কাৰ্যসূচীৰ শেষত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিক জনায় যে আজি ভূটানৰ ৰজাৰ যোগীঘোপা মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শনে অনাগত দিনত নিশ্চিতভাবে সুখবৰ কঢ়িয়াই আনিব। দুয়োখন দেশৰ মাজত বাণিজ্যিক বুজাবুজি অধিক কটকটীয়া হ'ব। বাণিজ্যিক দিশত যোগীঘোপা কেন্দ্ৰবিন্দু হৈ পৰিব বুলি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়। 

ইপিনে ভুটানৰ ৰজাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ভূটানৰ ৰজাই অসম আৰু অসমীয়াক খুব ভাল পায় বুলিও মন্ত্ৰী গৰাকীয়ে জনায়। কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণৰ টার্মিনালটো উদ্বোধন কৰাৰ পাছত ভূটানৰ ৰজাই লজিষ্টিক পার্ক পৰিদৰ্শনৰ লগতে বন্দৰ পৰিদৰ্শনে বাণিজ্যিক দিশত আৰু এঢাপ আগুৱাই যাব বুলি ধাৰণা কৰিব পাৰি।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ