--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্রধানমন্ত্রী প্রিন্স মহম্মদ বীন ছলমনৰ আমন্ত্রণক্রমে মোদী ছৌডি আৰবলৈ যাব। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত শনিবাৰে উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌডি আৰব ভ্রমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ আৰু ২০১৯ চনত দেশখনলৈ গৈছিল। ইয়াৰ পাছতে ২০২৩ চনৰ ছেপ্টেম্বৰত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্রিন্স ছলমন ভাৰতলৈ অহিছিল। 

ভাৰত আৰু ছৌডি আৰবৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘদিনীয়া বন্ধুত্ব আছে। দুয়োখন দেশে ৰাজনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন ক্ষেত্রত দ্বিপাক্ষিক সম্বন্ধ বর্তাই আহিছে। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ