--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে ছৌডি আৰবলৈ যাব। দেশখনৰ যুৱৰাজ আৰু প্রধানমন্ত্রী প্রিন্স মহম্মদ বীন ছলমনৰ আমন্ত্রণক্রমে মোদী ছৌডি আৰবলৈ যাব। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত শনিবাৰে উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব তৃতীয়টো ছৌডি আৰব ভ্রমণ। ইয়াৰ পূৰ্বে তেওঁ ২০১৬ আৰু ২০১৯ চনত দেশখনলৈ গৈছিল। ইয়াৰ পাছতে ২০২৩ চনৰ ছেপ্টেম্বৰত জি-২০ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে প্রিন্স ছলমন ভাৰতলৈ অহিছিল। 

ভাৰত আৰু ছৌডি আৰবৰ মাজত সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘদিনীয়া বন্ধুত্ব আছে। দুয়োখন দেশে ৰাজনৈতিক, প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন ক্ষেত্রত দ্বিপাক্ষিক সম্বন্ধ বর্তাই আহিছে। প্রধানমন্ত্রী মোদীৰ এই ভ্রমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক অধিক গভীৰ আৰু শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ