--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ জীৱনৰ বাবে পানীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। পানীয়ে কেৱল পিয়াহ দূৰ কৰাই নহয় শৰীৰক জলসিঞ্চিত কৰি ৰাখে আৰু শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। কিন্তু আপুনি জানেনে যে অত্যধিক পানী খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। অত্যধিক পানী খালে কি সমস্যা হয় জানি লওক

১) আমাৰ বৃক্কই পানী ফিল্টাৰ কৰি শৰীৰৰ পৰা পেলনীয়া সামগ্ৰী আঁতৰোৱাত সহায় কৰে। প্ৰয়োজনতকৈ অধিক পানী খালে বৃক্কত বোজা পৰে আৰু বৃক্কৰ কামত অসুবিধা হয়।

২) ছডিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। এই ইলেক্ট্ৰলাইটবোৰ অত্যধিক পানী খালে পাতল হৈ পৰে। যাৰ বাবে পেশীৰ ক্ৰেম্প আৰু দুৰ্বলতাৰ সন্মুখীন হ’বলগীয়া হয়।

৩) পানীৰ অতিৰিক্ততা আৰু অভাৱ দুয়োটা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। পানীৰ অভাৱত ডিহাইড্ৰেচন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, আনহাতে প্ৰয়োজনতকৈ অধিক পানী খালে অভাৰহাইড্ৰেচন সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ খেলুৱৈসকল এই সমস্যাৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। কম পানী খালে পেশীৰ ক্ৰেম্প হ’ব পাৰে, আনহাতে বেছি পানী খালে তেজ পাতল হয়।

৪) বিশেষজ্ঞসকলৰ মতে পিয়াহ নিবাৰণৰ বাবে যিমান পানী লাগে সিমান পানীহে খাব লাগে। বিশেষকৈ পিয়াহ নাথাকিলে বলপূৰ্বকভাৱে পানী খোৱাটো উচিত নহয়। অধিক পানী খালে মূৰ ঘূৰোৱা, অস্বস্তি অনুভৱ কৰা, আনকি কেতিয়াবা হৃদস্পন্দনো বৃদ্ধি পায়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই কম পানী খাব লাগে। মদৰ বাহিৰে আমি সেৱন কৰা প্ৰায় প্ৰতিটো তৰল পদাৰ্থতে কিছু পৰিমাণে পানী থাকে।

৫) শৰীৰত পানীৰ পৰিমাণ সুষম হৈ থাকিব লাগে, কিন্তু প্ৰয়োজনতকৈ বেছি নহয়। পিয়াহ অনুভৱ কৰাটো শৰীৰত পানীৰ প্ৰয়োজন হোৱাৰ লক্ষণ, গতিকে প্ৰয়োজন অনুভৱ কৰিলেহে পানী খাব। বাৰে বাৰে জোৰকৈ পানী খোৱাৰ প্ৰয়োজন নাই।

৭) প্ৰস্ৰাৱৰ ৰঙৰ পৰাও পানীৰ অভাৱ অনুমান কৰিব পাৰি। যদি প্ৰস্ৰাৱৰ ৰং গাঢ় হয় তেন্তে শৰীৰত পানীৰ অভাৱ হোৱাৰ লক্ষণ। অৱশ্যে ইয়াৰ নিৰাময়ৰ বাবে বেছি পানী খোৱাটো উচিত নহয়। পাতল হালধীয়া ৰঙৰ প্ৰস্ৰাৱক স্বাভাৱিক বুলি ধৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু