--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱতি নিশা বৰেলীৰ ফাতেহগঞ্জ পূৱ থানা এলেকাত সংঘটিত হয় এক অদ্ভুত কাণ্ড, য’ত লক্ষ্ণৌ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত খুন্দা মাৰে এখন গাড়ীয়ে। 

এই ঘটনাই এটা ডাঙৰ বন্যপ্ৰাণী সৰবৰাহৰ নেটৱৰ্কৰ কথা পোহৰলৈ আনিলে৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গাড়ীখনত থকা লোক দুজনে সেই স্থানৰ পৰা পলায়ন কৰে যদিও তাত উপস্থিত থকা লোকসকলে দেখা এক দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিলে।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে যেতিয়া সেই স্থানত উপস্থিত হয় তেতিয়া গাড়ীৰ ভিতৰত এটা বস্তা উদ্ধাৰ কৰে, যিটো লৰচৰ কৰি আছিল। বস্তাটো খুলি দিয়াৰ লগে লগে ভিতৰৰ পৰা ১০ টা সোণালী বান্দৰ ওলাই আহিল। ইয়াৰে আঠটা সোণালী বান্দৰ খৰধৰকৈ ওলাই আহি ইফালে সিফালে পলাই যোৱাৰ বিপৰীতে দুটা সোণালী বান্দৰ আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয়। 

আৰক্ষীয়ে আহত সোণালী বান্দৰ দুটাক কাটৰাৰ পশু চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীৰ তদন্তত জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ চালক য়াছিন, আনহাতে গাড়ীখনৰ মালিক শ্বাহজাহানপুৰৰ নিবাসী বীৰেশ। আৰক্ষীয়ে এতিয়া এই সমগ্ৰ বিষয়টোৰ গভীৰ তদন্ত কৰি জানিবলৈ বিচাৰিছে সোণালী বান্দৰবোৰ ক’লৈ লৈ যোৱা হৈছিল আৰু এই চোৰাং ব্যৱসায়ৰ আঁৰৰ মানুহ কোন। বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ