--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰা এটা বিষয় হ’ল ৱাকফ (সংশোধনী) বিধেয়ক। বুধবাৰে নিশা লোকসভাত গৃহীত হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাজ্যসভাত উত্থাপন কৰা ৱাকফ (সংশোধনী)-২০২৪ বিলখন ৰাজ্যসভাতো গৃহীত হয়। শাসক, বিৰোধীৰ  তীব্ৰ বাকযুদ্ধ মাজত বৃহস্পতিবাৰে গভীৰ নিশা ২.৩৩ বজাত ৰাজ্যসভাত গৃহীত হয় এই বিধেয়ক।

২৩৬ সদস্যৰ উচ্চ সদনখনত বিলখন গৃহীত কৰাৰ ক্ষেত্ৰত ২২৩ গৰাকী সাংসদেহে অংশগ্ৰহণ কৰে। এই বিলখনৰ সপক্ষে ১২৮ গৰাকী সদস্যই ভোটদান কৰাৰ বিপৰীতে বিলখনৰ বিৰুদ্ধে ৯৫ গৰাকী সাংসদেহে ভোটদান কৰে। ইয়াৰ বিপৰীতে ১৩ গৰাকী সাংসদ ভোটদানৰ সময়ত অনুপস্থিত থাকে উচ্চ সদনত। 

এতিয়া এই বিধেয়কখন আইন হ’বলৈ মাত্ৰ এখোজ আঁতৰত। ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব আৰু তাৰ পৰা অনুমোদন পোৱাৰ লগে লগে এই বিধেয়কখনে আইনৰ ৰূপ ল’ব। 

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে কয় যে, এই বিধেয়কখনত বহু অভাৱ আৰু ত্ৰুটি আছে। চৰকাৰে এই বিধেয়কখন আনিছে মুছলমান সমাজক হাৰাশাস্তি কৰিবলৈ। তেওঁ কয় যে, ৱাকফ ব’ৰ্ড সন্দৰ্ভত আইন পূৰ্বৰে পৰা আছে আৰু ইয়াক সলনি কৰিব পাৰি। নতুন বিলৰ প্ৰয়োজন নাই। বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈও খৰ্গে চৰকাৰক আবেদন জনায়।

বিজেপি নেতা সুধাংশু ত্ৰিবেদীয়ে কয় যে, চৰকাৰে এই বিধেয়কখন সততাৰে কাম কৰিছে আৰু মুছলমান সমাজৰ কল্যাণৰ বাবে এই বিধেয়কখন দাখিল কৰা হৈছে।

উল্লেখ্য যে ৱাকফ শব্দৰ অৰ্থ হৈছে মুছলমানসকলে ধৰ্মীয়, শৈক্ষিক বা দাতব্য কাৰণত কৰা দান ।

বৰ্তমানৰ ৱাকফ আইন মতে, ৱাকফে ইছলামিক আইনৰ অধীনত কেৱল ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে সমৰ্পিত সম্পত্তিবোৰ বুজায় । আনহাতে, এই সম্পত্তিৰ আন যিকোনো ব্যৱহাৰ বা বিক্ৰী নিষিদ্ধ কৰিছে ।

ৱাকফ ঘোষণা কৰা সম্পত্তি এটা উত্তৰাধিকাৰীসূত্ৰে, উপহাৰ হিচাপে প্ৰদান বা বিক্ৰী কৰিব নোৱাৰি। 'ৱাকিফ' হৈছে এগৰাকী ব্যক্তি, যিয়ে হিতাধিকাৰীৰ বাবে ৱাকফ সৃষ্টি কৰে । 

যোৱা ২০২৪ চনৰ 8 আগষ্টত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৪ লোকসভাত উত্থাপন কৰা হৈছিল। বিধেয়কখনক লৈ যথেষ্ট বিতৰ্ক হোৱাৰ পাছত সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ বিধেয়কখন প্ৰেৰণ কৰা হৈছিল। 

ৱাকফ ব'ৰ্ড হৈছে সশস্ত্ৰ বাহিনী আৰু ভাৰতীয় ৰে'লৱেৰ পিছত ভাৰতৰ সৰ্ববৃহৎ ভূমিৰ মালিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক