--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পুৰুষ নিৰ্যাতনৰ সংখ্যা বহুত বাঢ়ি গৈছে। গাৰ্হস্থ্য হিংসাৰ বলি হৈছে পুৰুষ। মধ্যপ্ৰদেশৰ পান্নাত এজন স্বামীয়ে পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ কৰি স্বামীগৰাকীয়ে কয় যে পত্নীয়ে তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। 

তেওঁ কয় যে মোৰ পত্নীয়ে মোক প্ৰায় প্ৰচণ্ডভাৱে মাৰপিট কৰে, মোক বচাওক চাৰ। ভুক্তভোগী স্বামীজনে এই সমগ্ৰ ঘটনা গোপনে লুকুৱাই ৰখা এটা কেমেৰাত ৰেকৰ্ডিং কৰিছে, যাৰ প্ৰমাণ আৰক্ষীক গতাই দিয়া হৈছে। বৰ্তমান আৰক্ষী এই বিষয়টোৰ তদন্তত ব্যস্ত।

তথ্য অনুসৰি ৩০ বছৰীয়া লোকেশ মাঞ্জী নামৰ যুৱকজনে ৰে’ল বিভাগত লোকো পাইলট হিচাপে কাম কৰি আছে। ২০২৩ চনৰ জুন মাহত হৰ্ষিতা ৰাইকৱাৰ নামৰ ছোৱালী এজনীক বিয়া কৰাইছিল লোকেশে।

লোকেশৰ অভিযোগ যে বিয়াৰ পিছতেই পত্নী, শাহুৱেক আৰু পত্নীৰ ভায়েকে টকা আৰু সোণ-ৰূপ দাবী কৰিবলৈ আৰম্ভ কৰিছিল। বিয়াৰ পিছৰে পৰা পত্নীয়ে তেওঁক পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীক লগ কৰিবলৈ দিয়া নাছিল।

পান্না জিলাৰ অজয়গড় তহচিলৰ বাসিন্দা লোকেশ কুমাৰ মাঞ্জি। বৰ্তমান তেওঁ সতনাত বসবাস কৰি আছে। লোকেশে কয় যে মই দুখীয়া পৰিয়ালৰ ছোৱালী এজনীক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিলোঁ। বিয়াত মই কোনো যৌতুক লোৱা নাছিলো। ছোৱালীজনীৰ দেউতাকে পেট্ৰল পাম্পত কাম কৰে। বিয়াৰ পিছৰে পৰা মোৰ পত্নীয়ে মোক মাক-দেউতাৰ লগত কথা পাতিবলৈ নিদিয়ে আৰু মোৰ ঘৰলৈ কাকো আহিবলৈ নিদিয়ে।

যুৱকজনৰ অভিযোগ যে তেওঁৰ পত্নীয়ে তেওঁক আনকি বন্ধু-বান্ধৱীকো লগ কৰিবলৈ নিদিয়ে। ঘৰৰ কামতো সহায় নকৰে। লোকেশে অভিযোগত কৈছে যে মোৰ পত্নীয়ে মোক গালি-গালাজ আৰু প্ৰহাৰ কৰি থাকে। এই কাৰণতে মই ঘৰত কেমেৰা এটা লগাই দিলোঁ, যাৰ ভিডিঅ’ মোৰ হাতত আছে। মোৰ লগত কাজিয়া কৰাৰ পিছত পত্নীয়ে মাক আৰু ভায়েকক সতনালৈ মাতিছিল আৰু ২০২৫ চনৰ ২০ মাৰ্চত সকলোৱে মোক মাৰপিট কৰিছিল, যাৰ বাবে মই আঘাতপ্ৰাপ্ত হৈছিলো। এই বিষয়ত সতনা থানাত অভিযোগ দাখিল কৰা হৈছে। মই বৰ ভয় খাইছো আৰু চিন্তিত হৈ পৰিছো। মই যাতে ন্যায় পাওঁ আৰু মোক পত্নীৰ পৰা ৰক্ষা কৰক।

আৰক্ষী অধীক্ষক পান্না সাই কৃষ্ণ এছ থোতাই কয় যে এজন যুৱকে পত্নীৰ হাৰাশাস্তিৰ কাহিনী কোৱাৰ বাবে আবেদন দাখিল কৰিছে। ভিডিঅ’ ফুটেজো বনাইছে। যিহেতু ঘটনাটো সতনাৰ। তাত এটা গোচৰ ৰুজু কৰা হৈছে। সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ