--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ ৰাইজৰ দলে প্ৰথম পৰ্যায়ৰ ১২টা সমষ্টিত, দ্বিতীয় পৰ্যায়ৰ ৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আজি ৰাইজৰ দলৰ প্ৰথম পৰ্যায়ৰ ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে৷ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে দুটা সমষ্টিৰ পৰা খেলিব নিৰ্বাচন।

আৰু পঢ়িব পাৰিব : দৰাৰ মুখ দেখি বিবাহৰ মণ্ডপৰ পৰা ওলাই গ’ল কইনা: অভিযোগ দৰা সলনি

শিৱসাগৰৰ পৰা অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিৰ্বাচনত৷ ইয়াৰ উপৰি চাবুৱাত দ্বিবনজ্যোতি ফুকন, মৰাণত মোহিনী মোহন লিগিৰা, মাহমৰাত লোহিত গগৈ, টীয়কত কবীন্দ্ৰ চেতিয়া ফুকন, বোকাখাটত জীৱন বৰা, ৰূপহীহাটত নজৰুল ইছলাম, ধিঙত মেহবুব মোকটাব, তেজপুৰত অলক নাথ, বিহপুৰীয়াত অনুপ শইকীয়া, ৰঙাপাৰাত বিজয় তিৰ্কীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে ৰাইজৰ দলৰ পৰা৷

আনহাতে, ৰাইজৰ দলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাও প্ৰস্তুত কৰিছে৷ ৰহাৰ পৰা ৰুবুল দাস, ৰঙিয়াৰ হৰেশ্বৰ বৰ্মন, কমলপুৰৰ জিতুল ডেকা, উত্তৰ কৰিমগঞ্জৰ চাহাদুল ইছলাম চৌধুৰী, দলগাঁৱত ওমৰ আলী, যমুনামুখত দিলোৱাৰা বেগম চৌধুৰীয়ে লাভ কৰিছে প্ৰাৰ্থিত্ব৷

আৰু পঢ়িব পাৰিব : কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা

আনহাতে, অসম জাতীয় পৰিষদৰ সৈতে কিছু মতবিৰোধৰ চৰ্চা চলি থকাৰ মাজতে তেঁওলোকে কয়, ‘যদিও একেলগে সংবাদমেল দিব নোৱাৰিলো, তথাপি আমি নিৰ্বাচনত একেলগ হৈ যুজঁ দিম। দুয়োটাই আমি মিত্ৰ দল। যিয়েই সমস্যা উদ্ভৱ নহওক, আমি দুয়োটা দলেই আলাপ-আলোচনাৰ মাজেৰেই সকলো সমাধান কৰিম।’ লগতে কমদিনৰ ভিতৰতেই এটা উমৈহতীয়া প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে বুলিও জানিবলৈ দিয়ে৷

ধিং, ৰঙাপাৰা আৰু বিহপুৰীয়াত AJP আৰু ৰাইজৰ দলৰ দুয়ো দলৰে প্ৰাৰ্থী আছে যদিও পৰৱৰ্তী পৰ্যায়ত আলোচনামৰ্মে সিদ্ধান্তত উপনীত হোৱাৰ ঘোষণা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ