--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ আগতেই আৰম্ভ হৈছে বিদ্ৰোহ৷ মহানগৰীৰ ‘তাজ ভিভান্তা’ৰ সন্মুখত বিভিন্ন সমষ্টিৰ পৰা অহা কংগ্ৰেছী কৰ্মীয়ে প্ৰাৰ্থিত্বক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : শুকুৰবাৰে ক’ভিডত মৃত্যু হয় ১০৮জনৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য !

কংগ্ৰেছৰ সিদ্ধান্তক লৈ ক্ষুব্ধ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীও। পুত্ৰ অনুজৰ বাবে কংগ্ৰেছ ত্যাগৰ দিশে আগবাঢ়িছে বৰকটকী৷ ‘তাজ ভিভান্তা’ত মুকলি মন্তব্য শৰৎ বৰকটকীৰ ‘৮বাৰ মন্ত্ৰী আছিলো, এতিয়া পুত্ৰৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছো৷ তৰুণ গগৈ থকা হ’লে ন্যায় নিশ্চয় পালোহেঁতেন৷’

আজি সংবাদমেলত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে৷ ‘তাজ ভিভান্তা’ৰ পৰা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ সৈতে ভিডিঅ’ কনফাৰেন্স হোৱাৰ পাছতহে ঘোষিত হ’ব প্ৰাৰ্থীৰ তালিকা৷ বঢ়মপুৰ, কমলপুৰ সমষ্টিক লৈ কংগ্ৰেছত নতুন সমীকৰণ আৰম্ভ হৈছে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

ইপিনে এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলৰ হাতত বৰাকৰ কেইবাটাও ছীট কংগ্ৰেছে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আলগাপুৰ, সোণাই, বদৰপুৰ ছীট বদৰুদ্দিনৰ হাতত বিক্ৰী কৰিছে বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ