--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ধানহীন কিশোৰ জন ভাদৈ পাঁচআলি সমীপৰ বৰপথাৰ অঞ্চলৰ লিউনাচ বড়া (১৬) বুলি জানিব পৰা গৈছে। আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকী বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই।

ডিজিটেল ডেস্ক: দুলীয়াজানত অঘটন। দুলীয়াজানৰ ম’হমাৰীত অৱস্থিত গাভৰু দলঙৰ সমীপৰ দিহিং নদীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে আন এজন কিশোৰ সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। 


সন্ধানহীন কিশোৰ জন ভাদৈ পাঁচআলি সমীপৰ বৰপথাৰ অঞ্চলৰ লিউনাচ বড়া (১৬) বুলি জানিব পৰা গৈছে। আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকী বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলায় যদিও নিশা হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগীয়া হয়। এই কিশোৰ-কিশোৰীহালৰ সৈতে আন দুই কিশোৰ কিশোৰীও উক্ত স্থানত ফুৰিবলৈ বুলি আহিছিল। এই দুজনৰ ঘৰ চাবুৱাত বুলি জানিব পৰা গৈছে। 


চাৰিওজন কিশোৰ কিশোৰী ম’হমাৰী গাভৰু দলঙলৈ ফুৰিবলৈ বুলি আহিছিল বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আন দুই কিশোৰ কিশোৰীক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেল সহ চেণ্ডেল আৰু এটা হেলমেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।


ইফালে কাইলৈ পুৱাই এছ ডি আৰ এফে সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলাব বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী