--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ধানহীন কিশোৰ জন ভাদৈ পাঁচআলি সমীপৰ বৰপথাৰ অঞ্চলৰ লিউনাচ বড়া (১৬) বুলি জানিব পৰা গৈছে। আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকী বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই।

ডিজিটেল ডেস্ক: দুলীয়াজানত অঘটন। দুলীয়াজানৰ ম’হমাৰীত অৱস্থিত গাভৰু দলঙৰ সমীপৰ দিহিং নদীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে আন এজন কিশোৰ সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। 


সন্ধানহীন কিশোৰ জন ভাদৈ পাঁচআলি সমীপৰ বৰপথাৰ অঞ্চলৰ লিউনাচ বড়া (১৬) বুলি জানিব পৰা গৈছে। আনহাতে মৃতদেহ উদ্ধাৰ হোৱা কিশোৰী গৰাকী বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলায় যদিও নিশা হোৱাৰ বাবে অভিযান স্থগিত ৰাখিব লগীয়া হয়। এই কিশোৰ-কিশোৰীহালৰ সৈতে আন দুই কিশোৰ কিশোৰীও উক্ত স্থানত ফুৰিবলৈ বুলি আহিছিল। এই দুজনৰ ঘৰ চাবুৱাত বুলি জানিব পৰা গৈছে। 


চাৰিওজন কিশোৰ কিশোৰী ম’হমাৰী গাভৰু দলঙলৈ ফুৰিবলৈ বুলি আহিছিল বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আন দুই কিশোৰ কিশোৰীক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেল সহ চেণ্ডেল আৰু এটা হেলমেট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।


ইফালে কাইলৈ পুৱাই এছ ডি আৰ এফে সন্ধানহীন কিশোৰটিৰ সন্ধানত অভিযান চলাব বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী