--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাগৰাকীৰ পৰা চেইনডাল থপিয়াই নিয়াৰ পাছতেই হীৰেন বৰুৱা পোনে পোনে গৈছিল বেংকলৈ। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কুমাৰপাৰা শাখাত নিজৰ ব্যক্তিগত একাউণ্ট ব্যৱহাৰ কৰি চোৰটোৱে সোণৰ চেইনডাল বন্ধকত থৈ দিয়ে।

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত এতিয়া চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে জনসাধাৰণ। গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হৈছে এক অতি অদ্ভুত আৰু চাঞ্চল্যকৰ চুৰিকাণ্ড। এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াই নহয়, সেই চেইন বন্ধকত থৈ বেংকৰ পৰা ল’ন ল’লে এটা চিলনী চোৰে।


যোৱা শনিবাৰে ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুৰ তলত এই ঘটনা সংঘটিত হয়। বাইকত অহা এটা চিলনী চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ যায়। কিন্তু ততাতৈয়াকৈ পলাই যাওঁতে চোৰটোৱে নিজৰ স্কুটীখন ঘটনাস্থলীতে এৰি থৈ যাবলৈ বাধ্য হয়।


সমগ্ৰ চুৰিকাণ্ডটো ওচৰৰে CCTV কেমেৰাত বন্দী হৈ ৰয়। ঘটনাৰ পাছতেই তদন্তত নমা ভৰলুমুখ আৰক্ষীয়ে চিলনী চোৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰটোৰ নাম হীৰেন বৰুৱা। জেৰাৰ অন্তত চোৰটোৰ মুখৰ পৰা যি তথ্য পোহৰলৈ আহিল, সেয়া শুনি আৰক্ষীৰো চকু কপালত উঠিল!


মহিলাগৰাকীৰ পৰা চেইনডাল থপিয়াই নিয়াৰ পাছতেই হীৰেন বৰুৱা পোনে পোনে গৈছিল বেংকলৈ। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কুমাৰপাৰা শাখাত নিজৰ ব্যক্তিগত একাউণ্ট ব্যৱহাৰ কৰি চোৰটোৱে সোণৰ চেইনডাল বন্ধকত থৈ দিয়ে। ১৪ গ্ৰাম ওজনৰ সেই সোণৰ চেইনডালৰ বাবদ বেংকৰ পৰা তেওঁ ৮৫ হাজাৰ টকাৰ গ’ল্ড লোন (Gold Loan) উলিয়াই লয়।


বৰ্তমান ভৰলুমুখ আৰক্ষীয়ে সংশ্লিষ্ট বেংক শাখাৰ পৰা সোণৰ চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চোৰ হীৰেন বৰুৱা এতিয়া আৰক্ষীৰ জিম্মাত।


চিলনী চোৰৰ এনে ‘কৰ্প’ৰেট’ বুদ্ধিৰ কথাই এতিয়া সমগ্ৰ গুৱাহাটীতে ব্যাপক চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী