--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাগৰাকীৰ পৰা চেইনডাল থপিয়াই নিয়াৰ পাছতেই হীৰেন বৰুৱা পোনে পোনে গৈছিল বেংকলৈ। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কুমাৰপাৰা শাখাত নিজৰ ব্যক্তিগত একাউণ্ট ব্যৱহাৰ কৰি চোৰটোৱে সোণৰ চেইনডাল বন্ধকত থৈ দিয়ে।

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত এতিয়া চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে জনসাধাৰণ। গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হৈছে এক অতি অদ্ভুত আৰু চাঞ্চল্যকৰ চুৰিকাণ্ড। এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াই নহয়, সেই চেইন বন্ধকত থৈ বেংকৰ পৰা ল’ন ল’লে এটা চিলনী চোৰে।


যোৱা শনিবাৰে ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুৰ তলত এই ঘটনা সংঘটিত হয়। বাইকত অহা এটা চিলনী চোৰে এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইনডাল থপিয়াই লৈ যায়। কিন্তু ততাতৈয়াকৈ পলাই যাওঁতে চোৰটোৱে নিজৰ স্কুটীখন ঘটনাস্থলীতে এৰি থৈ যাবলৈ বাধ্য হয়।


সমগ্ৰ চুৰিকাণ্ডটো ওচৰৰে CCTV কেমেৰাত বন্দী হৈ ৰয়। ঘটনাৰ পাছতেই তদন্তত নমা ভৰলুমুখ আৰক্ষীয়ে চিলনী চোৰটোক গ্ৰেপ্তাৰ কৰে। ধৃত চোৰটোৰ নাম হীৰেন বৰুৱা। জেৰাৰ অন্তত চোৰটোৰ মুখৰ পৰা যি তথ্য পোহৰলৈ আহিল, সেয়া শুনি আৰক্ষীৰো চকু কপালত উঠিল!


মহিলাগৰাকীৰ পৰা চেইনডাল থপিয়াই নিয়াৰ পাছতেই হীৰেন বৰুৱা পোনে পোনে গৈছিল বেংকলৈ। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কুমাৰপাৰা শাখাত নিজৰ ব্যক্তিগত একাউণ্ট ব্যৱহাৰ কৰি চোৰটোৱে সোণৰ চেইনডাল বন্ধকত থৈ দিয়ে। ১৪ গ্ৰাম ওজনৰ সেই সোণৰ চেইনডালৰ বাবদ বেংকৰ পৰা তেওঁ ৮৫ হাজাৰ টকাৰ গ’ল্ড লোন (Gold Loan) উলিয়াই লয়।


বৰ্তমান ভৰলুমুখ আৰক্ষীয়ে সংশ্লিষ্ট বেংক শাখাৰ পৰা সোণৰ চেইনডাল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চোৰ হীৰেন বৰুৱা এতিয়া আৰক্ষীৰ জিম্মাত।


চিলনী চোৰৰ এনে ‘কৰ্প’ৰেট’ বুদ্ধিৰ কথাই এতিয়া সমগ্ৰ গুৱাহাটীতে ব্যাপক চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী