--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীক দীৰ্ঘদিন ধৰি চূড়ান্ত বেয়া ছন্দত দেখিবলৈ পোৱা গৈছে। ২০১৯ চনৰ নৱেম্বৰৰ পিছত কোহলীৰ বেটৰ পৰা অহা নাই এটাও শতক। আইপিএল ২০২২তো ৰানৰ বাবে যুঁজ দিয়া দেখা গৈছে কোহলীক। তিনিবাৰকৈ গোল্ডন ডাকো পাইছে ৰান মেছিনে।

বিৰাট কোহলীৰ দুৰ্বল ফৰ্মক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে। পণ্টিঙে কয় যে, ‘কোহলীৰ ক’ত ভুল হৈছে তাক জানি লোৱাটো প্ৰয়োজনীয়। কোহলীৰ দুৰ্বল ফৰ্মৰ কাৰণ একেবাৰেই শাৰীৰিক বা মানসিক ক্লান্তি নহয়।’

লগতে কোহলীৰ প্ৰত্যাৱৰ্তনক লৈ আশাবাদী পণ্টিং।  কোহলীৰ এই দুৰ্বল ফৰ্ম বেছি দিন টিকি নাথাকে বুলিও কয় প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। প্ৰসংগক্ৰমে, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা পাঁচখন মেচৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ শৃংখলাৰ বাবে বিচিচিআইয়ে বিৰাট কোহলীক বিশ্ৰাম দিছে। খবৰ অনুসৰি, ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলৰ সৈতে যোগ দিব কোহলীয়ে।

দ্য আই চি চি ৰিভিউৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিকি পণ্টিঙে কয় যে, ‘প্ৰতিজন খেলুৱৈৰ জীৱনৰ কোনোবা এটা সময়ত বেয়া সময় আহেই। বিৰাট কোহলীয়ে বিগত ১০-১২ বছৰে এনে সময় পাৰ কৰা নাছিল। কিন্তু আইপিএলৰ সময়ত তেওঁ কিমান ভাগৰুৱা আছিল সেয়া সকলোৱে দেখিছেই। কোহলীয়ে কেনেকৈ প্ৰত্যাৱৰ্তন কৰিব সেয়া তেওঁ নিজে ভবাটো জৰুৰী। কৌশলগত ত্ৰুটি নে মানসিক সমস্যাই জুমুৰি দি ধৰিছে, তাক জানিব লাগিব তেওঁ। মই নিশ্চিত যে কোহলী এজন নিখুঁত পেছাদাৰী খেলুৱৈ, গতিকে তেওঁ অতি সোনকালে প্ৰত্যাৱৰ্তন কৰিব।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ