--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ হকীত ভাৰতৰ জয়। এছিয়া কাপত ভাৰতে জাপানক ১-০ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰথম কোৱাৰ্টাৰৰ আৰম্ভণিতে ৰাজকুমাৰ পালে ভাৰতক অগ্ৰগতি দিয়ে আৰু খেলৰ অন্তিম মুহূৰ্তলৈকে সেই ধাৰাবাহিকতা ধৰি ৰাখিবলৈ সক্ষম হয় ভাৰতে। খেলখনত জাপানে ৭টা পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ দুটা পেনাল্টি কৰ্ণাৰহে লাভ কৰে। 

পেনাল্টি কৰ্ণাৰ লাভ কৰিলেও ভাৰতে চাৰ্কল পেনেট্ৰেচন ষ্টেটাছত ১১-১০ গ’লত আগবাঢ়ি আছিল।  ভাৰতৰ হৈ মেচখনৰ একমাত্ৰ গ’লটো দিয়ে ৰাজকুমাৰ পালে। ইয়াৰ পূৰ্বে এছিয়া কাপ হকী ছুপাৰ ফ’ৰত কোৰিয়াৰ সৈতে ৪-৪ গ’লত ড্ৰ’ খেলিছিল ভাৰতে। 

জাকাৰ্টাৰ জিবিকে স্প’ৰ্টছ কমপ্লেক্স হকী ষ্টেডিয়ামত জাপানৰ বিৰুদ্ধে প্ৰথম কোৱাৰ্টাৰত অগ্ৰগতি লাভ কৰে ভাৰতে। খেলৰ প্ৰথমাৰ্দ্ধৰ ৭ মিনিটতে জাপানৰ ডিফেন্সক অতিক্ৰমি গ’ল দিয়ে ৰাজকুমাৰে।  জাপানৰ গ’লৰক্ষক টাকাছী ওছিকাৱাই ৰাজকুমাৰৰ শ্বট ৰক্ষা কৰিব নোৱাৰিলে।

প্ৰথম কোৱাৰ্টাৰৰ ১০ মিনিটত ভাৰতে দুটাকৈ পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল ভাৰতে। কিন্তু গ’ল দিব নোৱাৰিলে। প্ৰথম কোৱাৰ্টাৰৰ অন্তিম পাঁচ মিনিটত জাপানে ভাৰতীয় ডিফেন্সৰ ওপৰত চাপ বৃদ্ধি কৰে যদিও আকাংক্ষিত ফলাফল লাভত ব্যৰ্থ হয় জাপান। খেলৰ দ্বিতীয়াৰ্দ্ধতো চেষ্টা
 অব্যাহত ৰাখিছিল জাপানে, কিন্তু ভাৰতৰ ডিফেন্সৰ সন্মুখত বাৰে বাৰে বিফল হয় দলটো।  ভাৰতেও লাভ কৰে কেইবাটাও সুযোগ। পুনৰ এবাৰ ৰাজকুমাৰে শ্বট লয় কিন্তু  শ্বটটো পোষ্টৰ পৰা বাউন্স হৈ যায়।

খেলৰ অন্তিম কোৱাৰ্টাৰটো ভাৰতে নিজৰ ডিফেন্স শক্তিশালী কৰি ৰাখিছিল। ফলত জাপানে আক্রমণ কৰিও গ’ল দিয়াত ব্যৰ্থ হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ