--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ হকীত ভাৰতৰ জয়। এছিয়া কাপত ভাৰতে জাপানক ১-০ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰথম কোৱাৰ্টাৰৰ আৰম্ভণিতে ৰাজকুমাৰ পালে ভাৰতক অগ্ৰগতি দিয়ে আৰু খেলৰ অন্তিম মুহূৰ্তলৈকে সেই ধাৰাবাহিকতা ধৰি ৰাখিবলৈ সক্ষম হয় ভাৰতে। খেলখনত জাপানে ৭টা পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ দুটা পেনাল্টি কৰ্ণাৰহে লাভ কৰে। 

পেনাল্টি কৰ্ণাৰ লাভ কৰিলেও ভাৰতে চাৰ্কল পেনেট্ৰেচন ষ্টেটাছত ১১-১০ গ’লত আগবাঢ়ি আছিল।  ভাৰতৰ হৈ মেচখনৰ একমাত্ৰ গ’লটো দিয়ে ৰাজকুমাৰ পালে। ইয়াৰ পূৰ্বে এছিয়া কাপ হকী ছুপাৰ ফ’ৰত কোৰিয়াৰ সৈতে ৪-৪ গ’লত ড্ৰ’ খেলিছিল ভাৰতে। 

জাকাৰ্টাৰ জিবিকে স্প’ৰ্টছ কমপ্লেক্স হকী ষ্টেডিয়ামত জাপানৰ বিৰুদ্ধে প্ৰথম কোৱাৰ্টাৰত অগ্ৰগতি লাভ কৰে ভাৰতে। খেলৰ প্ৰথমাৰ্দ্ধৰ ৭ মিনিটতে জাপানৰ ডিফেন্সক অতিক্ৰমি গ’ল দিয়ে ৰাজকুমাৰে।  জাপানৰ গ’লৰক্ষক টাকাছী ওছিকাৱাই ৰাজকুমাৰৰ শ্বট ৰক্ষা কৰিব নোৱাৰিলে।

প্ৰথম কোৱাৰ্টাৰৰ ১০ মিনিটত ভাৰতে দুটাকৈ পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল ভাৰতে। কিন্তু গ’ল দিব নোৱাৰিলে। প্ৰথম কোৱাৰ্টাৰৰ অন্তিম পাঁচ মিনিটত জাপানে ভাৰতীয় ডিফেন্সৰ ওপৰত চাপ বৃদ্ধি কৰে যদিও আকাংক্ষিত ফলাফল লাভত ব্যৰ্থ হয় জাপান। খেলৰ দ্বিতীয়াৰ্দ্ধতো চেষ্টা
 অব্যাহত ৰাখিছিল জাপানে, কিন্তু ভাৰতৰ ডিফেন্সৰ সন্মুখত বাৰে বাৰে বিফল হয় দলটো।  ভাৰতেও লাভ কৰে কেইবাটাও সুযোগ। পুনৰ এবাৰ ৰাজকুমাৰে শ্বট লয় কিন্তু  শ্বটটো পোষ্টৰ পৰা বাউন্স হৈ যায়।

খেলৰ অন্তিম কোৱাৰ্টাৰটো ভাৰতে নিজৰ ডিফেন্স শক্তিশালী কৰি ৰাখিছিল। ফলত জাপানে আক্রমণ কৰিও গ’ল দিয়াত ব্যৰ্থ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ