--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘ দিনৰ মূৰত আজি নিশা আকৌ বাজিব আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ দাবানল। সমুখ সমৰত নামিব ইউৰোপ বিজয়ী বনাম দক্ষিণ আমেৰিকাৰ বিজয়ী। নিজ ৰাষ্ট্ৰৰ জাতীয় কৱচ পিন্ধি বিপক্ষৰ বিৰুদ্ধে জয়ৰ পণ লৈ যুঁজিবলৈ সাজু হৈছে ২০২০ ৰ ইউৰো জয়ী ইটালী আৰু ২০২১ ৰ কোপা আমেৰিকা জয়ী আৰ্জেণ্টিনা। সুদীৰ্ঘ সময়ৰ পাছত জাতীয় দলৰ পোচাকত ফিল্ডত নামিব সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ মেছি। লক্ষ্য কোপা আমেৰিকাৰ পিছত নিজ কেৰিয়াৰত দ্বিতীয়টো আন্ত:ৰাষ্ট্ৰীয় খিতাপ জয়। আনহাতে হয়তো অন্তিমবাৰৰ বাবে ইটালীৰ জাৰ্চী পৰিধান কৰি দলৰ ৰক্ষণ বিভাগৰ অতন্দ্ৰ প্ৰহৰী হ’ব অভিজ্ঞ চিয়েলিনি।

উল্লেখ্য যে ১৯৮৫ চনত উৱেফা আৰু কনমেবলে যুটীয়াভাৱে ইউৰোপীয়ান আৰু দক্ষিণ আমেৰিকান ফুটবল বিজয়ীৰ মাজত 'আৰ্টেমিঅ ফ্ৰাঞ্চি কাপ' নামৰ প্ৰতিযোগিতাখনৰ আয়োজনৰ সিদ্ধান্ত লয়। প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখনত ভাগ লয় ১৯৮৪ ৰ ইউৰো বিজয়ী ফ্ৰান্স আৰু ১৯৮৩ ৰ কোপা আমেৰিকা বিজয়ী উৰুগুৱেই। মেচখনত ২-০ গলত  জয়ী হয় আয়োজক ফ্ৰান্স।

ইয়াৰ পিছত ১৯৯৩ চনত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয় প্ৰতিযোগিতাখন। পেনাল্টি শ্বুট আউটত ডেনমাৰ্কক পৰা কৰি খিতাপ জয় কৰে আৰ্জেণ্টিনাই। অৱশ্যে, মাত্ৰ দুটা সংস্কৰণৰ পিছতে প্ৰতিযোগিতাখন দীৰ্ঘদিনৰ বাবে বন্ধ হৈ যায়।

অৱশেষত সুদীৰ্ঘ ২৯ বছৰৰ মূৰত পূনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় আৰু  ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ পৰিচালনা সমিতিয়ে নতুনকৈ স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। অৱশ্যে এইবাৰ এই প্ৰতিযোগিতাখনৰ পুৰণি নাম সলনি কৰি ‘আৰ্টেমিঅ ফ্ৰাঞ্চি কাপ’ ৰ ঠাইত ‘ফাইনেলিচিমা’ নামেৰে নামাকৰণ কৰা হৈছে। 

ঘোষিত সময়সূচী অনুসৰি আজি নিশা ৱেম্বলী ষ্টেডিয়ামত ‘ফাইনেলিচিমা’ অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে দুয়োখন মহাদেশৰ দুই শক্তিধৰ। অৱশ্যে শেহতীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি আৰ্জেণ্টিনাক মেচখনত ফেৱৰিট আখ্যা দিয়া হৈছে। 

আন্ত: ৰাষ্টীয় ফুটবলত শেহতীয়াকৈ ৩১ খন খেলত অপৰাজিত থকা দলটোৰ মূল কামান চম্ভালিব দলৰ অধিনায়ক তথা সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ লিঅ’নেল মেছিয়ে। মেছিৰ লগত আক্ৰমণত থাকিব লুটাৰ’ মাৰ্টিনেজ, ডি মাৰিয়া, ডে প’ল, ৰড্ৰিগুৱেজৰ দৰে তাৰকা। আনহাতে দলৰ ৰক্ষণ বিভাগত আছে ৰোমেৰ’, অ’ট’মেণ্ডি, অকুনা,মলিনা। গলৰক্ষকৰ ভূমিকাত থাকিব কোপা আমেৰিকাৰ শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান পোৱা এমিলিয়ানো মাৰ্টিনেজ।

লিঅ’নেল স্কেলোনিৰ প্ৰশিক্ষণাধীন দলটোৱে অন্তিমবাৰৰ বাবে ২০১৯ চনত পৰাজয়ৰ সোৱাদ লৈছিল। ইয়াৰ পাছতে ধাৰাবাহিকভাৱে ৩১ খন মেচত অপৰাজেয় হৈ আছে আৰ্জেণ্টিনা।

আনহাতে ইউৰো জয়ৰ পিছতেই ছন্দ হেৰুওৱা ইটালীয়ে অন্তিম নখন খেলৰ মাত্ৰ তিনিখনতহে জয়লাভ কৰিছে। ইতিমধ্যে কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হৈছে দলটো। ৰবাৰ্টো মানচিনিৰ তত্বাৱধানত থকা দলটোত আজি নাথাকিব বেৰাৰ্ডি, পিনামণ্টি, কিয়েজা, ইম’বিলি আৰু ট’লই।

অৱশ্যে বেৰেলা, ইনচিগনে, বেৰাৰ্ডি, বাৰ্ণাৰ্ডেচ, বেৰাট্টি, বেলটি, লোকাটেলি, জৰ্জিনহোৰে গঠিত আক্ৰমণ বিভাগ আৰু অভিজ্ঞ বনুচি-চিয়েলিনি যুটিৰ লগতে ল’ৰেঞ্জো, এমাৰ্চন, স্পিনাঝ’লাৰে গঠিত ৰক্ষণ বিভাগৰ দলটিক পৰাস্ত কৰা সহজ নহ’ব। তাতে দলত থাকিব তাৰকা গলৰক্ষক তথা ইউৰো ২০২০ ৰ শ্ৰেষ্ঠ গলৰক্ষক ড’নাৰুম্মা। 

আৰ্জেণ্টিনা আৰু ইটালী আন্ত:ৰাষ্ট্ৰীয় ফুটবলত সৰ্বমুঠ ১৫ বাৰৰ বাবে মুখামুখি হৈছে। ইয়াৰে ৬ খনত ইটালী জয়ী হোৱাৰ বিপৰীতে আৰ্জেণ্টিনা ৫ খন মেচত জয়ী হৈছে। আনহাতে ড্ৰ হৈছে ৪ খন খেল। 

অৱশ্যে শেহতীয়া চাৰিবাৰৰ মুখামুখিত আটাইকেইখনতে আৰ্জেণ্টিনাই জয়ী হৈছে। অন্তিমবাৰৰ বাবে দুয়োটা দল ২০১৮ চনত মুখামুখি হৈছিল। মেচখনত আৰ্জেণ্টিনা ২-০ ব্যৱধানত জয়ী হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ