--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াত আৰ্জেণ্টিনাৰ কিংবদন্তি তাৰকা ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ স্মৃতিত এখন বিশেষ বিমানৰ যাত্ৰা আৰম্ভ হৈছে। নৱেম্বৰত কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি  এই বিমানখনে যাত্ৰা আৰম্ভ কৰিব।

‘দ্য টেংগো ডিটেইনছ’ নামৰ ১২ জন যাত্ৰী কঢ়িওৱা বিমানখনলৈ ধন আগবঢ়াইছে  আৰ্জেণ্টিনাৰ এটা ফিনটেক কোম্পানীয়ে। যোৱা বুধবাৰে আনুষ্ঠানিকভাৱে যাত্ৰা আৰম্ভ কৰা এই বিমানখন মূলতঃ এক ‘উৰণীয়া সংগ্ৰহালয়’।



২০২২ চনৰ নৱেম্বৰ মাহত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হোৱা বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাৰ ফৰৱাৰ্ডগৰাকীৰ কৃতিত্বক উজ্জ্বল কৰি তুলিবলৈ বিমানৰ ভিতৰত বিভিন্ন ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। এই বিশেষ বিমানখনত আছে বিশ্বকাপৰ ট্ৰফীত মাৰাডোনা চুমা খোৱাৰ সেই যুগমীয়া ছবিখন।

বিমানখনৰ দুই উইংত ১৯৮১ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰা আৰ্জেণ্টিনাৰ দুটা গ’লৰ চিত্ৰণ কৰা হৈছে। বাওঁফালৰ উইঙত ‘হেণ্ড অৱ গড’ আৰু সোঁফালে আছে বিজয়ী গ’লৰ মুহূৰ্তৰ ছবি।



মন কৰিবলগীয়া যে, বিমানখনৰ নিৰ্মাতা ‘গিভ এণ্ড গ্যেট’ৰ মুখ্য কাৰ্যবাহী গেষ্টন কোলকাৰ মাৰাডোনাৰ অনুৰাগী। এই বিমানখন নিৰ্মাণৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ‘মাৰাডোনাৰ বাবে মই পাগল হৈ পৰিছো। এতিয়াও প্ৰতি নিশা শোৱাৰ আগতে তেওঁৰ প্লে’ ভিডিঅ’বোৰ চাওঁ। মাৰাডোনা অবিহনে এইটোৱেই হ’ব প্ৰথম বিশ্বকাপ আৰু হয়তো এইখনেই হ’ব লিঅ’নেল মেছীৰ অন্তিম বিশ্বকাপ! মই মাৰাডোনাৰ বাবে এখন বিমান নিৰ্মাণ কৰিম বুলি কৈছিলো আৰু সেইবাবেই আমি বিমানখন এইদৰে তৈয়াৰ কৰিছো।’



কোলকাৰে কয় ১৯৮৬ চনৰ বিশ্বকাপত মাৰাডোনাৰ সতীৰ্থসকলে বিমানখন দেখি আচৰিত হৈছে। তেওঁ জনোৱা অনুসৰি, বৰ্তমান এই বিমানখনে আৰ্জেণ্টিনাৰ বিভিন্ন চহৰলৈ যাত্ৰা কৰিব।
 
ইফালে, বিমানখনৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল অনুৰাগীসকলে ভ্ৰমণ কৰি প্ৰয়াত মাৰাড’নাৰ বাবে ককপিটত মেছেজ দিব পাৰিব। লগতে মাৰাডোনা আৰু তেওঁৰ বিশ্বকাপ বিজয়ী সতীৰ্থসকলৰ বিভিন্ন স্মৃতিচিহ্নৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিব।পৰৱৰ্তী সময়ত ব্যক্তিগত ব্যৱহাৰৰ বাবে ভাড়াত ল’ব পৰা যাব বিমানখন, আনকি বিশ্বকাপৰ অন্তত নিলামত তোলা হ’ব পাৰে বিমানখন।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement