--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রাথমিক তদন্ত মতে ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ঋণৰ ৩,০০০ কোটি টকাৰ অনিয়ম হৈছিল। ইডিয়ে কয় যে উক্ত ঋণত অনুমোদন জনোৱাৰ আগতে য়েছ বেংকৰ প্ৰম'টাৰে উৎকোচ লাভ কৰিছিল।

ডিজিটেল ডেস্কঃ ৰিলায়েন্স অনিল আম্বানি গ্রুপ (ৰাগা) কোম্পানীজৰ বিৰুদ্ধে থকা ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত বৃহস্পতিবাৰে আইন বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) ৩৫টা চৌহদ, ৫০টা কোম্পানী আৰু ২৫জন লোকৰ ঘৰত তালাচী চলায়। কেন্দ্রীয় অনুসন্ধান সংস্থা (চি বি আই)ই উক্ত ৰাগাৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰাৰ পাছতে ই ডিয়ে তদন্ত আৰম্ভ কৰে আৰু সেই তদন্তৰ অংশৰূপে বৃহস্পতিবাৰে তালাচী চলায়।


সূত্রমতে নেশ্যনেল হাউছিং বেংক, ছেবি, নেশ্যনেল ফাইনেন্সিয়েল ৰিপ'র্টিং অথৰিটি আৰু বেংক অব্ বৰোদায়ো ই ডিক তথ্য যোগান ধৰে। এটা সূত্রই জনায় যে ই ডিয়ে কৰা প্ৰাথমিক তদন্তত প্রকাশ পাইছে যে বেংকসমূহ, অংশীদাৰ, বিনিয়োগকাৰী আৰু আন ৰাজহুৱা প্রতিষ্ঠানক প্রবঞ্চনা কৰি আঁচনি সলনি কৰা হৈছিল তথা ৰাজহুৱা ধন অসৎভাৱে হস্তান্তৰ কৰা হৈছিল।


প্রাথমিক তদন্ত মতে ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ঋণৰ ৩,০০০ কোটি টকাৰ অনিয়ম হৈছিল। ইডিয়ে কয় যে উক্ত ঋণত অনুমোদন জনোৱাৰ আগতে য়েছ বেংকৰ প্ৰম'টাৰে উৎকোচ লাভ কৰিছিল। ই ডিয়ে কয় যে য়েছ বেংকে ৰাগাক ক্রেডিট এপ্রভেল মেমৰেণ্ডামৰ দৰে ঋণ বেক ডেটত অনুমোদন জনাইছিল।


উক্ত ঋণৰ চৰ্ত উলংঘন কৰি উক্ত ঋণ বহু গ্রুপ কোম্পানী আৰু শ্বেল কোম্পানীৰ মাজত ভাগ কৰি দিয়া হৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু