--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রাথমিক তদন্ত মতে ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ঋণৰ ৩,০০০ কোটি টকাৰ অনিয়ম হৈছিল। ইডিয়ে কয় যে উক্ত ঋণত অনুমোদন জনোৱাৰ আগতে য়েছ বেংকৰ প্ৰম'টাৰে উৎকোচ লাভ কৰিছিল।

ডিজিটেল ডেস্কঃ ৰিলায়েন্স অনিল আম্বানি গ্রুপ (ৰাগা) কোম্পানীজৰ বিৰুদ্ধে থকা ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত বৃহস্পতিবাৰে আইন বলৱৎকাৰী সঞ্চালকালয়ে (ইডি) ৩৫টা চৌহদ, ৫০টা কোম্পানী আৰু ২৫জন লোকৰ ঘৰত তালাচী চলায়। কেন্দ্রীয় অনুসন্ধান সংস্থা (চি বি আই)ই উক্ত ৰাগাৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰাৰ পাছতে ই ডিয়ে তদন্ত আৰম্ভ কৰে আৰু সেই তদন্তৰ অংশৰূপে বৃহস্পতিবাৰে তালাচী চলায়।


সূত্রমতে নেশ্যনেল হাউছিং বেংক, ছেবি, নেশ্যনেল ফাইনেন্সিয়েল ৰিপ'র্টিং অথৰিটি আৰু বেংক অব্ বৰোদায়ো ই ডিক তথ্য যোগান ধৰে। এটা সূত্রই জনায় যে ই ডিয়ে কৰা প্ৰাথমিক তদন্তত প্রকাশ পাইছে যে বেংকসমূহ, অংশীদাৰ, বিনিয়োগকাৰী আৰু আন ৰাজহুৱা প্রতিষ্ঠানক প্রবঞ্চনা কৰি আঁচনি সলনি কৰা হৈছিল তথা ৰাজহুৱা ধন অসৎভাৱে হস্তান্তৰ কৰা হৈছিল।


প্রাথমিক তদন্ত মতে ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ঋণৰ ৩,০০০ কোটি টকাৰ অনিয়ম হৈছিল। ইডিয়ে কয় যে উক্ত ঋণত অনুমোদন জনোৱাৰ আগতে য়েছ বেংকৰ প্ৰম'টাৰে উৎকোচ লাভ কৰিছিল। ই ডিয়ে কয় যে য়েছ বেংকে ৰাগাক ক্রেডিট এপ্রভেল মেমৰেণ্ডামৰ দৰে ঋণ বেক ডেটত অনুমোদন জনাইছিল।


উক্ত ঋণৰ চৰ্ত উলংঘন কৰি উক্ত ঋণ বহু গ্রুপ কোম্পানী আৰু শ্বেল কোম্পানীৰ মাজত ভাগ কৰি দিয়া হৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ