--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব্রিটেইনৰ বজাৰত ভাৰতীয় কৃষিজাত সামগ্ৰী আৰু সংসাধিত (প্রচেড) খাদ্য উদ্যোগৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব।

ডিজিটেল ডেস্কঃ ভাৰত আৰু ব্রিটেইনে (ইউ কে) বৃহস্পতিবাৰে এক বৈশিষ্ট্যপূর্ণ মুক্ত বাণিজ্য চুক্তিত (এফ টি এ) স্বাক্ষৰ কৰে। এই চুক্তিৰ ফলত দ্বিপাক্ষিক ব্যৱসায় বছৰি ৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।  উল্লেখযোগ্য যে ২০২০ চনত ইউৰোপিয়ান ইউনিয়নৰ পৰা আঁতৰি অহাৰ পাছত ব্রিটেইনে স্বাক্ষৰ কৰা এইখনেই হৈছে বৃহত্তম চুক্তি।


ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্রিটিছ প্রধানমন্ত্রী কিয়াৰ ষ্টাৰ্মাৰৰ মাজৰ দ্বিপাক্ষিক আলোচনাৰ পাছতে ভাৰতৰ বাণিজ্য মন্ত্ৰী পীযূষ গোবেল আৰু ব্রিটেইনৰ বাণিজ্য সচিব জ'নাথন বেনছে উক্ত চুক্তিত স্বাক্ষৰ কৰে। ষ্টাৰ্মাৰৰ সৈতে যুটীয়া সংবাদমেলত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এফ টি এ হৈছে ভাৰত-ব্রিটেইনৰ যুটীয়া সমৃদ্ধিৰ ব্লুপ্রিন্ট (পৰিকল্পনা)।


তেওঁ কয় যে এই চুক্তিৰ ফলত দ্বিপাক্ষিক বাণিজ্য বছৰি ৩৪ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। তেওঁ কয়, 'আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। মই আনন্দিত যে কেইবা বছৰৰ কঠোৰ পৰিশ্ৰমৰ পাছত আমি দুয়োখন দেশে 'সর্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি'ত (কম্প্রিহেনছিভ ইকনমিক এণ্ড ট্রেড এগ্রিমেন্ট) স্বাক্ষৰ কৰিলোঁ।' মোদীয়ে কয়, 'এহাতে ভাৰতীয় বস্ত্র, জোতা-ছেণ্ডেল, ৰত্ন আৰু অলংকাৰ, সামুদ্রিক খাদ্য আৰু অভিযান্ত্রিক সামগ্রীয়ে ব্রিটেইনত আগতকৈ ভাল বজাৰ লাভ কৰিব।


ব্রিটেইনৰ বজাৰত ভাৰতীয় কৃষিজাত সামগ্ৰী আৰু সংসাধিত (প্রচেড) খাদ্য উদ্যোগৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব। এই চুক্তিয়ে বিশেষকৈ ভাৰতীয় তৰুণ, কৃষক, মাছমৰীয়া আৰু এম এছ এম ই (অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ) খণ্ডৰ উপকাৰ সাধিব।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, ভাৰতৰ জনসাধাৰণ আৰু উদ্যোগবোৰে মেডিকেল ডিভাইচ আৰু এৰ'স্পেচ পাৰ্টছৰ দৰে ব্রিটেইনত নির্মিত সামগ্রী ব্যয়সাধ্য আৰু আনতকৈ কম দৰত ক্ৰয় কৰিব পাৰিব। আনহাতে ষ্টাৰ্মাৰে কয় যে এফ টি এয়ে ভাৰত আৰু ব্রিটেইনক 'বৃহৎ লাভ' দিব।


ষ্টাৰ্মাৰে কয়, 'এই চুক্তিয়ে আমাৰ দুয়োখন দেশৰে মজুৰি বৃদ্ধি কৰিব, জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু শ্রমিকৰ হাতলৈ অধিক ধন আনিব। এইখন শ্ৰমৰ বাবে ভাল, ব্যৱসায়ৰ বাবে ভাল, ই শুল্ক কৰ্তন কৰি ব্যৱসায়ক কম খৰচী, খৰতকীয়া আৰু সহজ কৰিব।' ষ্টাৰ্মাৰে আৰু কয় যে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কৰা বৃহৎ হাৰৰ শুল্ক আৰোপৰ বাবে বিশ্বজুৰি বাণিজ্যত অনিশ্চয়তা দেখা দিয়াৰ সময়ত ব্রিটেইনে এটা শক্তিশালী বার্তা পঠাইছে যে ব্রিটেইন বাণিজ্যৰ বাবে মুক্ত।


উল্লেখযোগ্য যে এক দশকতকৈ অধিক কালৰ ভিতৰত এফ টি এ হৈছে কোনো এখন উন্নত দেশৰ সৈতে ভাৰতৰ প্ৰথম বৃহৎ দ্বিপাক্ষিক বাণিজ্য চুক্তি।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ