--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেইদিনমানৰ আগতে ইন্জেকশ্যনৰ বটলত পানী থকা আৰু ১৮৫বিধ ঔষধ নকল অথবা নিম্ন মানৰ বুলি প্ৰকাশ পোৱাৰ সময়তে শেহতীয়াকৈ সংসদত এই সম্পৰ্কত দাখিল কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতি দুজন ব্যক্তিৰ এজন এটা নহয় এটা ৰোগত ভুগি আছে। এনে অৱস্থাত এই ৰুগীয়া লোকসকলৰ প্রধান ভৰসা হ'ল ঔষধ, কিন্তু দেশৰ একাংশ ঔষধ কোম্পানীয়ে এতিয়া ৰোগীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে।


কেইদিনমানৰ আগতে ইন্জেকশ্যনৰ বটলত পানী থকা আৰু ১৮৫বিধ ঔষধ নকল অথবা নিম্ন মানৰ বুলি প্ৰকাশ পোৱাৰ সময়তে শেহতীয়াকৈ সংসদত এই সম্পৰ্কত দাখিল কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই ৰাজ্য সভাক জনোৱা মতে যোৱা এবছৰত সমগ্ৰ দেশতে ঔষধৰ ১,১৬,৩২৩টা নমুনা পৰীক্ষা কৰা হৈছিল। যোৱা বছৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে এই ঔষধৰ নমুনাসমূহ পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত ৩১০৪ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি তথ্য লাভ কৰা হয়। আন কথাত এই ঔষধসমূহ সেৱন কৰাৰ উপযুক্ত নহয়। ইয়াৰ লগতে ২৪৫ বিধ ঔষধ নকল বুলি পৰীক্ষাত ধৰা পৰে। নড্ডাই জনোৱা মতে এই সময়ছোৱাত নকল আৰু ভেজাল ঔষধ প্ৰস্তুত কৰাৰ বিৰুদ্ধে ৯৬১টা গোচৰ ৰুজু কৰা হৈছে।


আনহাতে, ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে ১০৬১৫ বিধ ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত ২,৯৮৮ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নাছিল আৰু আন ২৮২ বিধ নকল ঔষধ ধৰা পৰিছিল। উল্লেখযোগ্য যে চেন্ট্রেল ড্রাগ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনৰ অধীনত এই নমুনাসমূহ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফল অনুকূল নাপালে লগে লগে বজাৰৰ পৰা এনে ঔষধ আঁতৰোৱা হয় আৰু ইয়াৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু