--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেইদিনমানৰ আগতে ইন্জেকশ্যনৰ বটলত পানী থকা আৰু ১৮৫বিধ ঔষধ নকল অথবা নিম্ন মানৰ বুলি প্ৰকাশ পোৱাৰ সময়তে শেহতীয়াকৈ সংসদত এই সম্পৰ্কত দাখিল কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতি দুজন ব্যক্তিৰ এজন এটা নহয় এটা ৰোগত ভুগি আছে। এনে অৱস্থাত এই ৰুগীয়া লোকসকলৰ প্রধান ভৰসা হ'ল ঔষধ, কিন্তু দেশৰ একাংশ ঔষধ কোম্পানীয়ে এতিয়া ৰোগীৰ জীৱনক লৈ হেতালি খেলা পৰিলক্ষিত হৈছে।


কেইদিনমানৰ আগতে ইন্জেকশ্যনৰ বটলত পানী থকা আৰু ১৮৫বিধ ঔষধ নকল অথবা নিম্ন মানৰ বুলি প্ৰকাশ পোৱাৰ সময়তে শেহতীয়াকৈ সংসদত এই সম্পৰ্কত দাখিল কৰা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।


কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই ৰাজ্য সভাক জনোৱা মতে যোৱা এবছৰত সমগ্ৰ দেশতে ঔষধৰ ১,১৬,৩২৩টা নমুনা পৰীক্ষা কৰা হৈছিল। যোৱা বছৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চলৈকে এই ঔষধৰ নমুনাসমূহ পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত ৩১০৪ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি তথ্য লাভ কৰা হয়। আন কথাত এই ঔষধসমূহ সেৱন কৰাৰ উপযুক্ত নহয়। ইয়াৰ লগতে ২৪৫ বিধ ঔষধ নকল বুলি পৰীক্ষাত ধৰা পৰে। নড্ডাই জনোৱা মতে এই সময়ছোৱাত নকল আৰু ভেজাল ঔষধ প্ৰস্তুত কৰাৰ বিৰুদ্ধে ৯৬১টা গোচৰ ৰুজু কৰা হৈছে।


আনহাতে, ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে ১০৬১৫ বিধ ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত ২,৯৮৮ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নাছিল আৰু আন ২৮২ বিধ নকল ঔষধ ধৰা পৰিছিল। উল্লেখযোগ্য যে চেন্ট্রেল ড্রাগ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনৰ অধীনত এই নমুনাসমূহ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফল অনুকূল নাপালে লগে লগে বজাৰৰ পৰা এনে ঔষধ আঁতৰোৱা হয় আৰু ইয়াৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই: ভাৰতীয় তেল নিগমৰ ঘোষণা
IMFৰ প্ৰতিবেদন:বিশ্বৰ ষষ্ঠ স্থানলৈ অৱনমিত ভাৰতীয় অর্থনীতি
আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস
উত্তৰ প্ৰদেশত চাঞ্চল্য: ৫ মাহ ধৰি কন্যাৰ মৃতদেহৰ সৈতে একেলগে বাস পিতৃৰ; দুৰ্গন্ধ লুকুৱাবলৈ ব্যৱহাৰ কৰিলে পাৰফিউম
কাৰ্বি আংলঙৰ হাওৰাঘাটত হৃদয়বিদাৰক ঘটনা ; ৮ দিনীয়া সন্তানক হত্যাৰ অপৰাধত মাতৃক গ্ৰেপ্তাৰ
মোদী-ৰাহুল গান্ধীৰ অন্তৰংগ বাৰ্তালাপ