--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পেটৰ ভোক, শিশুৰ কান্দোন আৰু বৃদ্ধ-বৃদ্ধাৰ অসহায় দৃষ্টিয়ে বানৰ বিভীষিকাক আৰু অধিক বেদনাদায়ক কৰি তুলিছে। এনে এক সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াই বন্যার্ত লোকসকলৰ কাষত অবিৰতভাৱে থিয় দি আছে প্রাগ-জনমভূমি পৰিয়াল।

ডিজিটেল ডেস্ক: বিগত দহদিন ধৰি বানপানীৰ সৈতে যুঁজি আছে শিৱসাগৰৰ হাজাৰ হাজাৰ মানুহ। কাৰোবাৰ ঘৰত এতিয়াও বুকুৰ সমান পানী, কোনোবাই বিদ্যালয়ৰ কোঠাত বা ওখ ৰাস্তাৰ কাষত আশ্রয় লৈ দিন কটাইছে। ভগা ঘৰ, নষ্ট হোৱা ধানৰ ভঁৰাল, উটি যোৱা সম্পদ আৰু অনিশ্চিত ভৱিষ্যতৰ চিন্তাই বহু পৰিয়ালৰ মুখৰ হাঁহি কাঢ়ি নিছে।


পেটৰ ভোক, শিশুৰ কান্দোন আৰু বৃদ্ধ-বৃদ্ধাৰ অসহায় দৃষ্টিয়ে বানৰ বিভীষিকাক আৰু অধিক বেদনাদায়ক কৰি তুলিছে। এনে এক সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াই বন্যার্ত লোকসকলৰ কাষত অবিৰতভাৱে থিয় দি আছে প্রাগ-জনমভূমি পৰিয়াল। 


সাহায্য অভিযানৰ ষষ্ঠ দিনত পৰিয়ালটোৱে পুনৰ দুটা পৃথক দলৰ দ্বাৰা জিলাখনৰ বিভিন্ন বানাক্রান্ত অঞ্চলত উপস্থিত হয়। তেওঁলোকৰ লগত কেৱল খাদ্য সামগ্রী নাছিল, আছিল সাহসৰ বাণী, সহমর্মিতাৰ স্পৰ্শ আৰু বিপদৰ সময়ত মানুহে মানুহৰ কাষত থকাৰ এক আন্তৰিক অংগীকাৰ। কালি এটা দলে নাজিৰা মহকুমাৰ বিহুবৰ অঞ্চলৰ চিলনী, প্ৰজা বস্তি আৰু চণ্টকৰ চেংধৰা গাঁৱত উপস্থিত হৈ বহু দুৰ্গত পৰিয়ালৰ হাতে হাতে খাদ্য সামগ্রী প্রদান কৰে। কেইবাজনো বৃদ্ধ-বৃদ্ধা আৰু মহিলাই সহায় লাভ কৰি আবেগ আপ্লুত হৈ পৰে। বহুদিন ধৰি অনিশ্চয়তাৰ মাজত কটাই থকা পৰিয়ালসমূহে সহায়ৰ এই হাতখনত নতুন আশাৰ সঞ্চাৰ অনুভৱ কৰে। 


আনহাতে, আনটো দলে শিৱসাগৰ মহকুমাৰ পানবেচা, মৰি দিলিহমুখ, গড়কোষ, লুৰুকী, তাঁতীপথাৰ আৰু বৰভেটি আদি অঞ্চলত উপস্থিত হৈ বানবিধ্বস্ত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁলোকৰ দুখ-দুর্দশাৰ বুজ লয়। এতিয়াও বহু ঠাইত ঘৰ-বাৰী পানীৰ তলত আছে। বহুতত পানী কমিলেও জীৱন এতিয়াও স্বাভাৱিক হোৱা নাই। এনে সময়ত সহায়ৰ এই উপস্থিতিয়ে বহু দুর্গত লোকক মানসিকভাৱেও সাহস যোগায়। এই সাহায্য অভিযানত আটাছুৰ সভাপতি বসন্ত গগৈ আৰু তেওঁৰ সতীর্থসকলেও সক্রিয়ভাৱে সহযোগিতা আগবঢ়ায়। তেওঁলোকেও দুর্গত লোকসকলৰ সৈতে কথা পাতি প্রয়োজনীয় সহায় অব্যাহত ৰখাৰ আশ্বাস দিয়ে। এই সাহায্য বিতৰণ কাৰ্যসূচীত প্রাগ-জনমভূমি পৰিয়ালৰ হৈ ৰেৱ কুমাৰ বৰা, উৎপল বৰা, মনজিৎ কাশ্যপ, ৰুবুল গগৈ, উত্তম শইকীয়া, দেৱজিত নন্দন, ৰাজু ৰাজখোৱা, বিশ্ব সৰকাৰ, ৰিদিপ বৰা, আব্দুল মান্নাফ আদিয়ে অংশগ্ৰহণ কৰে। 


উল্লেখযোগ্য যে প্রাকৃতিক দুর্যোগে হয়তো বহু মানুহৰ সপোন উটুৱাই নিয়ে, কিন্তু মানুহৰ প্ৰতি মানুহৰ মমতা কেতিয়াও উটুৱাই নিব নোৱাৰে। শিৱসাগৰৰ এই দুৰ্যোগৰ সময়ত প্রাগ-জনমভূমি পৰিয়াল আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ এই নিৰৱচ্ছিন্ন মানৱীয় প্রচেষ্টাই সেই সত্যক পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিলে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ