ডিজিটেল ডেস্ক: শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৃষ্টি হোৱা মহাপ্রলয়ৰ দৃশ্য সংবাদ মাধ্যম তথা সমাজিক মাধ্যমত দেখা পাই ভবিষ্যতে দিবাং বহুমুখী জলবিদ্যুৎ প্রকল্পই বাৰিয়া পানী এৰি দিয়াৰ পাছত কি দুর্গতি হ'ব, সেই কথা চিন্তা কৰি বান্ধৰ নামনিত বাস কৰা ৰাইজৰ পেটতে হাত-ভৰি লুকুওৱা অৱস্থাৰ সৃষ্টি হৈছে। দেশৰ ভিতৰতে সৰ্ববৃহৎ এই প্রকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত জমা কৰা বিশাল হ্রদসদৃশ জলাধাৰৰ অতিৰিক্ত পানী মুকলি কৰিবলগীয়া হ'লে শদিয়াকে ধৰি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিস্তীর্ণ অঞ্চল ভয়ংকৰ বানৰ কবলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি।
কেন্দ্রীয় কেবিনেটে ইতিমধ্যে ৩৭৫ মিটাৰ দীঘল আৰু ২৭৮ মিটাৰ উচ্চতাৰ ২৮৮০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাৰ এই সর্ববৃহৎ নদীবান্ধৰ বাবে অনুমোদন জনোৱাৰ লগতে প্ৰাৰম্ভিক পৰ্যায়ত প্রায় ১,৬০০ কোটি টকাৰ ধনৰ আবণ্টন দিছে। ২০৩২ চনত সম্পূর্ণ হ'বলগীয়া প্রকল্পটোৰ কাম যুদ্ধকালীন গতিত আগবাঢ়ি থকাৰ সময়তে পৰিৱেশ, ভূতত্ত্ব আৰু নিৰাপত্তাজনিত বিষয়সমূহক লৈ প্রশ্ন উত্থাপন হৈছে।
জানিব পৰা মতে, বিভিন্ন বিশেষজ্ঞ সমিতি আৰু পৰিৱেশ মূল্যায়ন প্রতিবেদনত প্রকল্পস্থলীৰ ভূতাত্ত্বিক অৱস্থা সংবেদনশীল বুলি উল্লেখ কৰা হৈছিল। তদুপৰি বনভূমি ধ্বংস, ব্যাপক হাৰত শিল আৰু বালিৰ লগতে জৈৱ-বৈচিত্র্যৰ ওপৰত নেতিবাচক প্ৰভাৱৰ কথাও উত্থাপিত হোৱাত প্রথম পর্যায়ত বিশেষজ্ঞ সমিতিয়ে অনুমোদন নিদিলেও পাছলৈ সংশোধিত প্রস্তাৱৰ ভিত্তিত প্রকল্পটোৱে অনুমতি লাভ কৰা বিষয়টোক লৈও বিতর্ক অব্যাহত আছে। বিশেষজ্ঞসকলৰ একাংশৰ মতে, বৃহৎ নদীবান্ধে সকলো সময়তে বান নিয়ন্ত্রণ কৰিব পাৰে বুলি ধৰি ল'ব নোৱাৰি। বাৰিষাৰ সময়ত জলাধাৰত গেদ, বালি আৰু অতিমাত্ৰা পানী জমা হ'লে বান্ধৰ নিৰাপত্তাৰ স্বাৰ্থত পানী এৰি দিবলগীয়া হয়।
এনে পৰিস্থিতিত নামনি অঞ্চলত হঠাতে হিল-দ'ল ভাঙি নামি আহা পানীৰ ঢৌৱে এফালৰ পৰা মহটিয়াই যোৱাৰ সম্ভাৱনা থাকে। সম্প্রতি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত বানৰ প্ৰসংগ উল্লেখ কৰি স্থানীয় সচেতন ৰাইজৰ একাংশই দিখৌ নৈৰ ওপৰত থকা জলবিদ্যুৎ প্রকল্পৰ পৰা পানী এৰি দিয়াৰ বিষয়টো সজোৰে উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই বিষয়টোত চৰকাৰ বা বান্ধ নিৰ্মাণকাৰী সংস্থাৰ তৰফৰ পৰা এতিয়ালৈকে নিশ্চিতি দিয়া নাই। যদি দিখৌ জলবিদ্যুৎ প্রকল্পই পানী এৰি দিয়াৰ ফলত জিলা তিনিখন তচনচ কৰিব পৰাকৈ মহাপ্রলয়ৰ সৃষ্টি হয়, তেনেহ'লে প্রায় ১৫ গুণৰ অধিক ক্ষমতাৰ দিবাং জলবিদ্যুৎ প্রকল্পই বাৰিষা অতিৰিক্ত পানী এৰি দিবলৈ হ'লে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ কি অৱস্থাৰ সৃষ্টি হ'ব সেয়া কল্পনাৰো অতীত।
এই সম্ভাব্য ভয়ংকৰ প্ৰভাৱ পেলাব পৰা প্ৰকল্পক লৈ অসমৰ শাসক-বিৰোধী ৰাজনৈতিক দল, ছাত্র-যুৱ সংগঠন আৰু আঞ্চলিক সংগঠনসমূহৰ ৰহস্যজনক নীৰৱতাই ৰাইজৰ মাজত হতাশাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অসমৰ স্বাৰ্থৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্য চৰকাৰৰ নীৰৱ ভূমিকাও সমালোচনাৰ সন্মুখীন হৈছে। ওখকৈ বান্ধ নিৰ্মাণ কৰাৰ সলনি নদীৰ গতি সম্পূৰ্ণকৈ বন্ধ নকৰাকৈ 'ৰান অব্ ডি ৰিভাৰ' পদ্ধতিত নদীবান্ধ দিয়াৰ ব্যৱস্থা কৰিলে বাৰিষা পানী এৰাৰ দৰে সংহাৰী ব্যৱস্থা এৰাই চলিব পৰা যাব বুলি জানিব পৰা গৈছে।
উৎস: দৈনিক জনমভূমি