--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৱল সাহায্য সামগ্রী বিলোৱাই নহয়, অসহায় মানুহৰ কাষত উপস্থিত হৈ সাহস যোগোৱাৰ এই প্রচেষ্টাই বহু পৰিয়ালৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে প্রাগ-জনমভূমি পৰিয়ালে।

ডিজিটেল ডেস্ক: দিখৌ নদীৰ প্রলয়ংকৰী বানে শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ নমাই আনিছে এক গভীৰ সংকট। বহু লোকে মুহূৰ্ততে হেৰুৱাইছে নিজৰ ঘৰ-বাৰী, সাঁচি ৰখা ধন-সম্পত্তি, কৃষিভূমি আৰু জীৱিকাৰ সম্বল। এতিয়াও বহু পৰিয়াল বিদ্যালয়, নামঘৰ, আশ্রয় শিবিৰ অথবা ওখ ঠাইত আশ্রয় লৈ অনিশ্চয়তাৰ মাজত দিন কটাই আছে। এনে এক কঠিন সময়ত অসহায় বানাক্রান্ত লোকসকলৰ কাষত উপস্থিত হৈ সাহস আৰু সহানুভূতিৰ হাত আগবঢ়াইছে প্রাগ-জনমভূমি পৰিয়ালে। 


অসমৰ জনসাধাৰণৰ প্ৰতিটো দুর্যোগ আৰু সংকটৰ সময়ত সদায় আগভাগ লোৱা প্ৰাগ-জনমভূমি পৰিয়ালৰ এটা বৃহৎ স্বেচ্ছাসেৱী দলে যোৱা ২৩জুলাইৰ পৰা ধাৰাবাহিকভাৱে বান দুৰ্গত লোকসকলৰ মাজত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি আহিছে। কেৱল সাহায্য সামগ্রী বিলোৱাই নহয়, অসহায় মানুহৰ কাষত উপস্থিত হৈ সাহস যোগোৱাৰ এই প্রচেষ্টাই বহু পৰিয়ালৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। প্রাগ-জনমভূমি পৰিয়ালে প্রথম পর্যায়তে পাঁচ হাজাৰ খাদ্য সামগ্ৰীৰ টোপোলা, এক লাখ পানীৰ বটল আৰু দুই হাজাৰ ছাৰ্ট মজুত কৰি বিভিন্ন অঞ্চলত বিতৰণৰ ব্যৱস্থা কৰিছে। প্রতিদিনে অব্যাহত থকা এই অভিযানত বহু ঠাইত নাও, গাড়ী আৰু খোজকাঢ়ি দুর্গম অঞ্চললৈ সাহায্য সামগ্রী কঢ়িয়াই লৈ যাব লগীয়া হৈছে। বানে বিচ্ছিন্ন কৰি পেলোৱা বহু গাঁৱত এই সাহায্যই এক প্ৰকাৰ জীৱনৰ সহায় হিচাপেই ধৰা দিছে। 


অভিযানটোক অধিক বিস্তৃত ৰূপ দি দলটো দুটা ভাগত বিভক্ত হৈ শিৱসাগৰ আৰু নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ৰাতিলৈকে সাহায্য সামগ্রী বিতৰণ কৰে। প্রাগ-জনমভূমি পৰিয়ালৰ এটা দলে মিটংপাৰ, হাতীঘুলি, খনামুখ, টিকিৰি চুক, বাইলুং কৈৱৰ্ত গাঁও, চাৰিং সোণাৰিবাৰী, নামদাং গোহাঁই গাঁও আৰু দিকচু বামুণবাৰী আদি বানপীড়িত অঞ্চলত উপস্থিত হৈ বহু পৰিয়ালৰ হাতত খাদ্য সামগ্রী তুলি দিয়ে। কেইবাটাও স্থানত বৃদ্ধ, শিশু আৰু মহিলাসকলৰ দুখ-কষ্টৰ ছবি দেখি স্বেচ্ছাসেৱক সকলো আৱেগিক হৈ পৰে। 


আনহাতে, আনটো দলে নাজিৰা মহকুমাৰ ধোপাবৰ মৌজাৰ শলগুৰি বাইলুং গাঁও, চণ্টক বৰ মিচিং গাঁও, বিহুবৰ শিলনী নেপালীখুটি আদি বহু দুর্গম অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে। বহু ঠাইত এতিয়াও পথ-ঘাট পানীৰ তলত থকাৰ বাবে যথেষ্ট কষ্টৰে এই অভিযান চলাব লগীয়া হয়। তথাপি কোনো পৰিয়াল সাহায্যৰ পৰা বঞ্চিত নহওক-এই লক্ষ্যকে আগত ৰাখি প্রাগ-জনমভূমি পৰিয়ালে নিৰলসভাৱে এই অভিযান অব্যাহত ৰাখিছে। 


এই সাহায্য বিতৰণ কাৰ্যসূচীত প্রাগ-জনমভূমি পৰিয়ালৰ হৈ ৰেৱ কুমাৰ বৰা, উৎপল বৰা, মনজিৎ কাশ্যপ, ৰুবুল গগৈ, উত্তম শইকীয়া, দেৱজিৎ নন্দন, ৰাজু ৰাজখোৱা, বিশ্ব সৰকাৰ, ৰিদিপ বৰা, আব্দুল মান্নাফ আৰু জয়জ্যোতি গগৈকে ধৰি বহু স্বেচ্ছাসেৱকে অংশগ্রহণ কৰে। উক্ত অভিযানত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ আৰু তেওঁৰ সতীর্থসকলেও সহযোগিতা আগবঢ়ায়। ব্যক্তিগত ব্যস্ততাক আঁতৰাই ৰাখি দিন-ৰাতি সাংবাদিকৰ কৰ্তব্য পালন কৰিও বান দুৰ্গত লোকসকলৰ কাষত থিয় দিয়া দল দুটাৰ মানৱীয় দায়িত্ববোধ স্থানীয় লোকসকলেও শলাগ লৈছে। 


প্রাগ-জনমভূমি পৰিয়ালৰ দায়িত্বশীলসকলে জানিবলৈ দিয়ে যে বান পৰিস্থিতি সম্পূর্ণ স্বাভাৱিক নোহোৱালৈকে এই সাহায্য বিতৰণ অভিযান অব্যাহত থাকিব। সংকটৰ এই সময়ত অধিকসংখ্যক ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হৈ তেওঁলোকক প্রয়োজনীয় সহায় আগবঢ়োৱাই মূল লক্ষ্য বুলিও প্রকাশ কৰিছে। উল্লেখযোগ্য যে দুৰ্যোগৰ অন্ধকাৰৰ মাজত মানুহে মানুহৰ কাষত থিয় দিয়াৰ এই মানৱীয় প্রচেষ্টাই বহু অসহায় পৰিয়ালৰ মনত পুনৰ জীয়াই তুলিছে আশাৰ পোহৰ।

উৎস: দৈনিক জনমভূমি










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু