--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৱল সাহায্য সামগ্রী বিলোৱাই নহয়, অসহায় মানুহৰ কাষত উপস্থিত হৈ সাহস যোগোৱাৰ এই প্রচেষ্টাই বহু পৰিয়ালৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে প্রাগ-জনমভূমি পৰিয়ালে।

ডিজিটেল ডেস্ক: দিখৌ নদীৰ প্রলয়ংকৰী বানে শিৱসাগৰ জিলাৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ নমাই আনিছে এক গভীৰ সংকট। বহু লোকে মুহূৰ্ততে হেৰুৱাইছে নিজৰ ঘৰ-বাৰী, সাঁচি ৰখা ধন-সম্পত্তি, কৃষিভূমি আৰু জীৱিকাৰ সম্বল। এতিয়াও বহু পৰিয়াল বিদ্যালয়, নামঘৰ, আশ্রয় শিবিৰ অথবা ওখ ঠাইত আশ্রয় লৈ অনিশ্চয়তাৰ মাজত দিন কটাই আছে। এনে এক কঠিন সময়ত অসহায় বানাক্রান্ত লোকসকলৰ কাষত উপস্থিত হৈ সাহস আৰু সহানুভূতিৰ হাত আগবঢ়াইছে প্রাগ-জনমভূমি পৰিয়ালে। 


অসমৰ জনসাধাৰণৰ প্ৰতিটো দুর্যোগ আৰু সংকটৰ সময়ত সদায় আগভাগ লোৱা প্ৰাগ-জনমভূমি পৰিয়ালৰ এটা বৃহৎ স্বেচ্ছাসেৱী দলে যোৱা ২৩জুলাইৰ পৰা ধাৰাবাহিকভাৱে বান দুৰ্গত লোকসকলৰ মাজত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্রী বিতৰণ কৰি আহিছে। কেৱল সাহায্য সামগ্রী বিলোৱাই নহয়, অসহায় মানুহৰ কাষত উপস্থিত হৈ সাহস যোগোৱাৰ এই প্রচেষ্টাই বহু পৰিয়ালৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। প্রাগ-জনমভূমি পৰিয়ালে প্রথম পর্যায়তে পাঁচ হাজাৰ খাদ্য সামগ্ৰীৰ টোপোলা, এক লাখ পানীৰ বটল আৰু দুই হাজাৰ ছাৰ্ট মজুত কৰি বিভিন্ন অঞ্চলত বিতৰণৰ ব্যৱস্থা কৰিছে। প্রতিদিনে অব্যাহত থকা এই অভিযানত বহু ঠাইত নাও, গাড়ী আৰু খোজকাঢ়ি দুর্গম অঞ্চললৈ সাহায্য সামগ্রী কঢ়িয়াই লৈ যাব লগীয়া হৈছে। বানে বিচ্ছিন্ন কৰি পেলোৱা বহু গাঁৱত এই সাহায্যই এক প্ৰকাৰ জীৱনৰ সহায় হিচাপেই ধৰা দিছে। 


অভিযানটোক অধিক বিস্তৃত ৰূপ দি দলটো দুটা ভাগত বিভক্ত হৈ শিৱসাগৰ আৰু নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ৰাতিলৈকে সাহায্য সামগ্রী বিতৰণ কৰে। প্রাগ-জনমভূমি পৰিয়ালৰ এটা দলে মিটংপাৰ, হাতীঘুলি, খনামুখ, টিকিৰি চুক, বাইলুং কৈৱৰ্ত গাঁও, চাৰিং সোণাৰিবাৰী, নামদাং গোহাঁই গাঁও আৰু দিকচু বামুণবাৰী আদি বানপীড়িত অঞ্চলত উপস্থিত হৈ বহু পৰিয়ালৰ হাতত খাদ্য সামগ্রী তুলি দিয়ে। কেইবাটাও স্থানত বৃদ্ধ, শিশু আৰু মহিলাসকলৰ দুখ-কষ্টৰ ছবি দেখি স্বেচ্ছাসেৱক সকলো আৱেগিক হৈ পৰে। 


আনহাতে, আনটো দলে নাজিৰা মহকুমাৰ ধোপাবৰ মৌজাৰ শলগুৰি বাইলুং গাঁও, চণ্টক বৰ মিচিং গাঁও, বিহুবৰ শিলনী নেপালীখুটি আদি বহু দুর্গম অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে। বহু ঠাইত এতিয়াও পথ-ঘাট পানীৰ তলত থকাৰ বাবে যথেষ্ট কষ্টৰে এই অভিযান চলাব লগীয়া হয়। তথাপি কোনো পৰিয়াল সাহায্যৰ পৰা বঞ্চিত নহওক-এই লক্ষ্যকে আগত ৰাখি প্রাগ-জনমভূমি পৰিয়ালে নিৰলসভাৱে এই অভিযান অব্যাহত ৰাখিছে। 


এই সাহায্য বিতৰণ কাৰ্যসূচীত প্রাগ-জনমভূমি পৰিয়ালৰ হৈ ৰেৱ কুমাৰ বৰা, উৎপল বৰা, মনজিৎ কাশ্যপ, ৰুবুল গগৈ, উত্তম শইকীয়া, দেৱজিৎ নন্দন, ৰাজু ৰাজখোৱা, বিশ্ব সৰকাৰ, ৰিদিপ বৰা, আব্দুল মান্নাফ আৰু জয়জ্যোতি গগৈকে ধৰি বহু স্বেচ্ছাসেৱকে অংশগ্রহণ কৰে। উক্ত অভিযানত আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ আৰু তেওঁৰ সতীর্থসকলেও সহযোগিতা আগবঢ়ায়। ব্যক্তিগত ব্যস্ততাক আঁতৰাই ৰাখি দিন-ৰাতি সাংবাদিকৰ কৰ্তব্য পালন কৰিও বান দুৰ্গত লোকসকলৰ কাষত থিয় দিয়া দল দুটাৰ মানৱীয় দায়িত্ববোধ স্থানীয় লোকসকলেও শলাগ লৈছে। 


প্রাগ-জনমভূমি পৰিয়ালৰ দায়িত্বশীলসকলে জানিবলৈ দিয়ে যে বান পৰিস্থিতি সম্পূর্ণ স্বাভাৱিক নোহোৱালৈকে এই সাহায্য বিতৰণ অভিযান অব্যাহত থাকিব। সংকটৰ এই সময়ত অধিকসংখ্যক ভুক্তভোগী পৰিয়ালৰ কাষত উপস্থিত হৈ তেওঁলোকক প্রয়োজনীয় সহায় আগবঢ়োৱাই মূল লক্ষ্য বুলিও প্রকাশ কৰিছে। উল্লেখযোগ্য যে দুৰ্যোগৰ অন্ধকাৰৰ মাজত মানুহে মানুহৰ কাষত থিয় দিয়াৰ এই মানৱীয় প্রচেষ্টাই বহু অসহায় পৰিয়ালৰ মনত পুনৰ জীয়াই তুলিছে আশাৰ পোহৰ।

উৎস: দৈনিক জনমভূমি










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ