--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই হিমবাহ সৃষ্ট হ্রদে এছিয়াৰ হিমালয়ৰ প্ৰাদদেশৰ এলেকাত বৃহৎ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

ডিজিটেল ডেস্ক: জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা গোলকীয় উষ্ণতাৰ বাবে বিশ্বজুৰি বিভিন্ন হিমবাহৰ (গ্লেছিয়াৰ) বৰফ দ্রুতগতিত গলিবলৈ ধৰিছে। শেহতীয়াকৈ বিশ্বৰ জলবায়ু বিজ্ঞানীসকলে আশংকা কৰিছে যে হিমবাহৰ বৰফ গলি সম্পূর্ণ নাইকিয়া হ'লে বিভিন্ন পর্বতমালাত ৫৬,৬৫৯টা হ্ৰদৰ সৃষ্টি হ'ব।


এই উদ্বেগজনক তথ্য 'নেছাব কমিউনিকেশ্যনছ' জার্নেলত প্রকাশ পাইছে। ছুইডেন, আমেৰিকা, ছুইজাৰলেণ্ড আৰু নৰৱেৰ জলবায়ু বিজ্ঞানীসকলে উপগ্ৰহীয় ডাটা, হিমবাহত বৰফৰ পৰিমাণৰ মাপ আৰু কম্পিউটাৰ মাধ্যম সঁজুলি ব্যৱহাৰ কৰি গ্লেছিয়াৰৰ তলৰ ভূমিৰ নক্সা প্ৰস্তুত কৰিছে। 


আনহাতে, ভাৰতৰ জল আয়োগে প্রকাশ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি, হিমালয় পর্বতমালাত হিমবাহৰ বৰফ গলি সৃষ্টি হোৱা হ্ৰদৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ফলত হিমবাহৰ বিস্ফোৰণ আৰু আকস্মিক বানৰ আশংকা বৃদ্ধি হৈছে। জল আয়োগে উত্তৰাখণ্ডৰ হিমালয়ান অঞ্চল চামোলী জিলাত ৫০০টা হিমবাহৰ হ্রদ চিনাক্ত কৰা হৈছে। জলবায়ু পৰিৱৰ্তন আৰু ভূকম্পীয় গতি-বিধিৰ কাৰণত ডাৱৰ বিস্ফোৰণৰ আশংকা বৃদ্ধি হৈছে আৰু আকস্মিক বানে উত্তৰাখণ্ডত পুনৰ তাণ্ডৱ চলোৱাৰ ভাবুকি আহিছে। হিমবাহ সৃষ্ট হ্ৰদৰ চিনাক্তকৰণ কৰিছে 'ইনষ্টিটিউট ফৰ ছ'চিয়েল এণ্ড ইকনমিক ফৰাম, বেংগালুৰু'ৱে। 


উত্তৰাখণ্ডৰ হিমালয়ান অঞ্চলত ৫০০টা হিমবাহ সৃষ্ট হ্রদৰ সন্ধান পাইছে। ইয়াৰে ৪০.৯২ শতাংশ হ্রদ ৫০০০-৬০০০ মিটাৰ উচ্চতাত আছে আৰু কিছুমান ৪০০০-৫০০০ উচ্চতাত আছে। বিজ্ঞানীসকলৰ মতে, অধিক উচ্চতাত থকা হৃদবোৰ জলবায়ু পৰিৱৰ্তন আৰু ভূমিকম্পৰ দৰে প্ৰাকৃতিক ঘটনাৰ বাবে অধিক সংবেদনশীল হৈ পৰিছে। ভাৰতৰ পৰিৱেশ বিভাগৰ অধ্যক্ষ প্রফেছাৰ আৰ কে মৌখুৰীয়ে কয় যে দুটা দশক ধৰি চামোলীত ভূ-দৃশ্য দ্রুতভাৱে সলনি হৈছে। ২০০০-২০২০ৰ ভিতৰত অঞ্চলটোত ৫৪১.৫৭ বর্গ কিল 'মিটাৰ এলেকাত নির্মাণকার্য চলিছিল। ইয়াৰ বাবে ঘন জংঘলৰ ৭৬.৯৬ বর্গ কিঃমিঃ ভূমি হ্রাস পাইছে। আনহাতে, উষ্ণতাও ০.৬৮ ডিগ্রী চেলছিয়াছ প্রতি দশকত বৃদ্ধি হৈছে। বিজ্ঞানীসকলৰ মতে, বর্ধিত তাপমানৰ বাবে গ্লেছিয়াৰত দ্রুতগতিত বৰফ গলিছে আৰু ইয়াৰ ফলত অধিক উচ্চতাৰ ভূমিত হ্ৰদৰ সৃষ্টি হৈছে। 


উল্লেখযোগ্য যে বিশ্বত ২ লাখৰ পৰা ২.৭৫ লাখপর্যন্ত হিমবাহ আছে। য'ত ৬৯ শতাংশ মুঠ পানী জমা হৈ থাকে। মেৰু অঞ্চল, আলাস্কা, এন্টার্কটিকাৰ লগতে হিমালয় পর্বতমালাতো বৃহৎসংখ্যক হিমবাহ আছে। বিভিন্ন দেশৰ জলবায়ু বিজ্ঞানীসকলে আশংকা কৰিছে যে হিমবাহৰ বৰফ গলি ৫০ সহস্রাধিক নতুন হ্রদৰ সৃষ্টি হ'ব। ইয়াৰ ফলত হিমবাহ সৃষ্ট হ্রদে বিশ্বৰ ৪০,৬৪৭ বর্গ কিল'মিটাৰ এলেকাত ৩,১৩৮ ঘন কিল'মিটাৰপর্যন্ত পানী জমা হ'ব পাৰে আৰু বিশ্বত মহাসাগৰৰ দৰে বানৰ সৃষ্টি কৰিব পাৰে। এই হিমবাহ সৃষ্ট হ্রদে এছিয়াৰ হিমালয়ৰ প্ৰাদদেশৰ এলেকাত বৃহৎ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। আকস্মিক বানে পাকিস্তান আৰু ভাৰতৰ বিভিন্ন অঞ্চলত প্রলয় চলোৱাৰ আশংকা কৰিছে জলবায়ু বিজ্ঞানীসকলে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ