--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান ৰীমা দাসে। ভিলেজ ৰকষ্টাৰৰ জৰিয়তে অসমীয়া ছবিক অস্কাৰৰ দুৱাৰডলিলৈ লৈ যাবলৈ সক্ষম হোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ-২ ছবিখনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিবলৈ সক্ষম হৈছে। 

এই ছবিখনৰ জৰিয়তে তেওঁ পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় সন্মান অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

এই ছবিখনৰ জৰিয়তে তেওঁ এইবাৰ জাৰ্মানিত অনুষ্ঠিত হোৱা ৪২সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফুৱেন ছবি মহোৎসৱত (আই এফ এফ এফ) শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। এই মহোৎসৱত শ্রেষ্ঠ মহিলা পৰিচালকৰ শিতানত অসম সন্তান ৰীমা দাস সন্মানিত হৈছে। বঁটা লাভৰ পাছত ৰীমা দাসে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বঁটা কেৱল তেওঁৰ বাবে নহয়, তেওঁৰ দৰে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰি থকা প্ৰতিগৰাকী মহিলাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে। 

লক্ষণীয় যে মহিলা চলচ্চিত্র নির্মাতাৰ বাবে আই এফ এফ এফ এখন বৃহৎ মঞ্চ হিচাপে পৰিচিত হৈ আহিছে। ইয়াৰ পূর্বে ভিলেজ ৰকষ্টাৰ্ছ -২ ছবিখন যোৱা বছৰ বুশ্বান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা বুটলিবলৈ সক্ষম হৈছিল। প্ৰণিধানযোগ্য যে ৰীমা দাসে এইপর্যন্ত দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ