--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা-অভিনেত্ৰীসকলে যি ধৰণে ছবিত অভিনয় কৰে, একাংশ দৰ্শকে তেওঁলোকক বাস্তৱ জীৱনতো তেনেকুৱা বুলি বিশ্বাস কৰে। কিন্তু প্ৰতিখন মুখৰ আঁৰত থাকে গভীৰ ৰহস্য। 

ষাঠি আৰু সত্তৰৰ দশকৰ এগৰাকী চিনাকী মুখ মালা সিনহা ৷বিখ্যাত অভিনেত্ৰী মালা সিনহাই বাদশ্বাহ, হেলমেট, প্যাছা, নয়া জামানা, এক গাওঁ কি কাহানী, চন্দন, ফীৰ ছুবাহ হোগী, পৰ্বৰীশ, উজালা ৰ পৰা আৰম্ভ কৰি মে নাছা মেই হুন আদি বহু ছবিত অভিনয় কৰি আহিছে। 

কেৰিয়াৰত ধৰ্মেন্দ্ৰ, মনোজ কুমাৰ, সঞ্জয় খান, ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ সৈতে কাম কৰিছিল তেওঁ। প্ৰায় ৪০ বছৰ ধৰি এই উদ্যোগটোত শাসন কৰিছিল কিন্তু বৰ্তমান ছবিজগতৰ পৰা তেওঁ বহু দূৰত ৷ তেওঁৰ কেৰিয়াৰত এনে এক বিতৰ্কৰো সৃষ্টি হৈছিল যিটো আজিও মানুহে পাহৰিব পৰা নাই। 

মালা সিনহাৰ আচল নাম আছিল আলদা সিনহা কিন্তু স্কুলত প্ৰায়ে তেওঁক ডাল্ডা বুলি মাতি জোকাইছিল। এই কাৰণতে তেওঁ এই নামটো সলনি কৰিলে। মালাই কেৱল অভিনয়েই নহয়, সংগীতৰ সৈতেও জড়িত আছিল। ৰেডিঅ'ত গীত গাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত বাংলা ছবিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত মুম্বাইলৈ আহি নিজৰ কেৰিয়াৰ গঢ়িবলৈ লয়। তেওঁৰ প্ৰথম বলীউড ছবি আছিল বাদশ্বাহ।

ষাঠি আৰু সত্তৰৰ দশকৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী আছিল মালা সিনহা। উত্তম কুমাৰ, ৰাজ কাপুৰ, কিশোৰ কুমাৰ, দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, ৰাজ কুমাৰ, ৰাজেন্দ্ৰ কুমাৰ, বিশ্বজিতৰ দৰে অভিনেতাৰ সৈতে তেওঁ কাম কৰিছিল। সেই অভিনেত্ৰীগৰাকীৰ বাথৰুমত উদ্ধাৰ হৈছিল ১২ লাখ টকা। সেই সময়ত ১২ লাখ টকাৰ মূল্য আছিল কোটিতকৈ অধিক।

ঘটনাটো আছিল ১৯৭৮ চনৰ। তাৰ কিছু বছৰ পূৰ্বৰ পৰা মালাই ছবিত কাম কৰি গৈছিল। ইয়াৰ মাজতে হঠাতে এদিন অভিনেত্ৰীগৰাকীৰ ঘৰত আয়কৰ বিভাগে অভিযান চলায়। অভিযানৰ সময়ত আয়কৰ বিভাগে তেওঁ বাথৰুমৰ পৰা ১২ লাখ টকা উদ্ধাৰ কৰে। সেই সময়ত সেই টকাৰ হিচাপ অভিনেত্ৰীগৰাকীয়ে দিব পৰা নাছিল। এই ঘটনাই মনোৰঞ্জন জগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এই গোচৰতেই আদালতত হাজিৰ হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকীয়। আদালতত অভিনেত্ৰীগৰাকীয়ে চিঞৰি কৈ উঠিছিল যে,”মই মোৰ সকলো টকা বেশ্যা ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছো”। ইয়াৰ পাছতে মালাৰ কেৰিয়াৰ প্ৰায় ধ্বংস হৈ যায়।এইটো ঘটনাৰ পিছৰে পৰা বছৰি ৫-৬ খন ছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীলৈ এখন ছবিৰো প্ৰস্তাৱ নাহিল ৷

অমৰ উজালাৰ প্ৰতিবেদন অনুসৰি মালা সিনহাই নিজৰ কষ্টোপাৰ্জিত ধন এনেদৰে গুচি যোৱা দেখা নাপালে। বিষয়াসকলৰ লগত বহু আলোচনা কৰিলেও কোনো সমাধান নোপোৱাত তেওঁ আদালতৰ কাষ চাপিল। মালাৰ উকীল আৰু তেওঁৰ পিতৃ এলবাৰ্টে টকাখিনি ঘূৰাই পাম বুলি মিছাকৈ এই কথা ক’বলৈ পৰামৰ্শ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ