--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে যদি ঘৰত কোনো বাস্তু দোষ থাকে, তেন্তে সেই ঘৰত সদায় দৰিদ্ৰতা, ৰোগ আৰু বিভিন্ন সমস্যাই দেখা দিয়ে। এনে বাস্তু দোষ থকা ঘৰত মালক্ষ্মী বাস নকৰে বুলি বিশ্বাস কৰা হয়। এনে বাস্তু দোষে পৰিয়ালৰ লোকৰ মাজত গৃহকন্দলৰো সৃষ্টি কৰে। সেয়েহে বাস্তু সম্পৰ্কীয় দোষ দূৰ কৰিবলৈ কিছুমান সৰু সৰু ব্যৱস্থা কৰি সুখ-সমৃদ্ধি বৃদ্ধি কৰিব পাৰি, সবিশেষ জানো আহক।

 * বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰত কোনো ধৰণৰ বাস্তু দোষ থাকিব নালাগে, কাৰণ ধনাত্মক শক্তি প্ৰথমে মূল দুৱাৰৰ পৰাই ঘৰত প্ৰৱেশ কৰে। যদি মূল দুৱাৰখনত কোনো ধৰণৰ বাস্তু দোষ থাকে তেন্তে তৎক্ষণাত ঠিক কৰিব লাগে। বাস্তুৰ মতে ঋণাত্মক শক্তি আঁতৰাবলৈ ঘৰৰ মূল দুৱাৰত স্বস্তিক চিহ্ন আৰু ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিব লাগে।

* ঘৰৰ পূব বা উত্তৰ দিশত তুলসী গছ ৰোপণ কৰিব লাগে। ইয়াৰ ফলত ঘৰলৈ সদায় ইতিবাচক শক্তি সঞ্চাৰ কৰে আৰু মানসিক, শাৰীৰিক আৰু আৰ্থিক উপকাৰো সাধন কৰে।

* উত্তৰ-পূব কোণটো সদায় পৰিষ্কাৰ কৰি ৰাখক। ইয়াৰ ফলত আৰ্থিক লাভ আৰু উন্নতিৰ পথ মুকলি হয়।

* টেপ বা পানী টেংকিৰে যাতে অপ্ৰয়োজনীয় পানী বৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এনেদৰে পানী বৈ যোৱাটো শুভ বুলি গণ্য কৰা নহয়। ইয়াৰ ফলত অপ্ৰয়োজনীয়ভাৱে ধন অপচয় হয়।

* বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ-পূব বা পূব দিশত বহি খাদ্য গ্ৰহণ কৰাটো শুভ। তেনে কৰিলে ঘৰত সুখ-সমৃদ্ধিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

* ঘৰত পূজা ঘৰ বনাওঁতে বিশেষ গুৰুত্ব দিব লাগে। যদি ঘৰৰ দক্ষিণ দেৱালত মন্দিৰ থাকে, তেন্তে টকাৰ লগত জড়িত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ঘৰৰ পূজাস্থলী সদায় উত্তৰ-পূব কোণত স্থাপন কৰা উচিত কাৰণ ঘৰৰ উত্তৰ দিশটো কুবেৰা দিশ বুলি ধৰা হয়।

* বাস্তুশাস্ত্ৰৰ মতে ক্ৰাছুলা আৰু মানি প্লাণ্টে ঘৰত ধনাত্মক শক্তি বৃদ্ধি কৰে। এনে উদ্ভিদ ৰাখিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী