--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে যদি ঘৰত কোনো বাস্তু দোষ থাকে, তেন্তে সেই ঘৰত সদায় দৰিদ্ৰতা, ৰোগ আৰু বিভিন্ন সমস্যাই দেখা দিয়ে। এনে বাস্তু দোষ থকা ঘৰত মালক্ষ্মী বাস নকৰে বুলি বিশ্বাস কৰা হয়। এনে বাস্তু দোষে পৰিয়ালৰ লোকৰ মাজত গৃহকন্দলৰো সৃষ্টি কৰে। সেয়েহে বাস্তু সম্পৰ্কীয় দোষ দূৰ কৰিবলৈ কিছুমান সৰু সৰু ব্যৱস্থা কৰি সুখ-সমৃদ্ধি বৃদ্ধি কৰিব পাৰি, সবিশেষ জানো আহক।

 * বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰত কোনো ধৰণৰ বাস্তু দোষ থাকিব নালাগে, কাৰণ ধনাত্মক শক্তি প্ৰথমে মূল দুৱাৰৰ পৰাই ঘৰত প্ৰৱেশ কৰে। যদি মূল দুৱাৰখনত কোনো ধৰণৰ বাস্তু দোষ থাকে তেন্তে তৎক্ষণাত ঠিক কৰিব লাগে। বাস্তুৰ মতে ঋণাত্মক শক্তি আঁতৰাবলৈ ঘৰৰ মূল দুৱাৰত স্বস্তিক চিহ্ন আৰু ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰিব লাগে।

* ঘৰৰ পূব বা উত্তৰ দিশত তুলসী গছ ৰোপণ কৰিব লাগে। ইয়াৰ ফলত ঘৰলৈ সদায় ইতিবাচক শক্তি সঞ্চাৰ কৰে আৰু মানসিক, শাৰীৰিক আৰু আৰ্থিক উপকাৰো সাধন কৰে।

* উত্তৰ-পূব কোণটো সদায় পৰিষ্কাৰ কৰি ৰাখক। ইয়াৰ ফলত আৰ্থিক লাভ আৰু উন্নতিৰ পথ মুকলি হয়।

* টেপ বা পানী টেংকিৰে যাতে অপ্ৰয়োজনীয় পানী বৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এনেদৰে পানী বৈ যোৱাটো শুভ বুলি গণ্য কৰা নহয়। ইয়াৰ ফলত অপ্ৰয়োজনীয়ভাৱে ধন অপচয় হয়।

* বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ-পূব বা পূব দিশত বহি খাদ্য গ্ৰহণ কৰাটো শুভ। তেনে কৰিলে ঘৰত সুখ-সমৃদ্ধিৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

* ঘৰত পূজা ঘৰ বনাওঁতে বিশেষ গুৰুত্ব দিব লাগে। যদি ঘৰৰ দক্ষিণ দেৱালত মন্দিৰ থাকে, তেন্তে টকাৰ লগত জড়িত গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ঘৰৰ পূজাস্থলী সদায় উত্তৰ-পূব কোণত স্থাপন কৰা উচিত কাৰণ ঘৰৰ উত্তৰ দিশটো কুবেৰা দিশ বুলি ধৰা হয়।

* বাস্তুশাস্ত্ৰৰ মতে ক্ৰাছুলা আৰু মানি প্লাণ্টে ঘৰত ধনাত্মক শক্তি বৃদ্ধি কৰে। এনে উদ্ভিদ ৰাখিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি