--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীমদ ভাগৱত একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক সঠিক জীৱন-ধাৰণৰ পদ্ধতি কয়। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়।শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱন আৰু জীৱনৰ পিছৰ জীৱন দুয়োটাৰে বাবে উপযোগী বুলি বিবেচিত হৈছে। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ। শ্ৰীমদ ভাগৱত গীতাত মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিয়া ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে বহুত অগ্ৰগতি লাভ কৰে।

শ্ৰী কৃষ্ণৰ বহুমূলীয়া শিক্ষা

• গীতাত লিখা আছে, কাৰোবাৰ বেয়া সময়ত কেতিয়াও হাঁহিব নালাগে, আপুনি ভালপোৱাজনক বুজিবলৈ চেষ্টা কৰক।

• শ্ৰী কৃষ্ণই কৈছে, আটাইতকৈ বেছি খং সেইসকল লোকৰ উঠে যিসকলে নিজৰ দুখ স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰে। এজন মানুহৰ ভাগ্য যিমানবাৰ সলনি হয় সিমানেই ঈশ্বৰক স্মৰণ কৰে।

• শ্ৰী কৃষ্ণই গীতাত কৈছে যে মানুহে কেতিয়াও অহংকাৰী হ’ব নালাগে। ই মানুহক সেই সকলো কাম কৰিবলৈ বাধ্য কৰে যিটো অনুচিত। শেষত এই অহংকাৰেই হৈ পৰে তেওঁৰ ধ্বংসৰ কাৰণ। সেইবাবেই জীৱনত যিমান পাৰি সোনকালে নিজৰ অহংকাৰ ত্যাগ কৰক।  

• পৰিৱৰ্তন হৈছে পৃথিৱী তথা জীৱনৰ অন্যতম নিয়ম। শ্ৰী কৃষ্ণই কৈছে যে যি হৈছিল ভালৰ বাবেই হৈছিল, যি হৈ আছে সেয়া ভালৰ বাবেই হৈছে, যি হ’ব সেয়াও ভালৰ বাবেই হ’ব। কি হেৰুৱালে যে  কান্দিবলৈ বাধ্য হৈছা? লগত কি আনিলা যে হেৰুৱালা? কি সৃষ্টি কৰিলা যে ধ্বংস হৈ গ’ল?  যি লৈছিলা, ইয়াৰ পৰা লৈছিলা, যি দিছিলা, ইয়াতে দিছিলা। আজি তোমাৰ যি আছে, কাইলৈ আন কাৰোবাৰ হ'ব। 

• গীতাৰ মতে এজন পুৰুষে নিজৰ মনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব লাগে। নিয়ন্ত্ৰণ নকৰিলে আমাৰ নিজৰ মনটোৱে শত্ৰুৰ দৰে কাম কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ