--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বক্সাৰ নিখাত জাৰিনে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা অৰ্জন কৰিছে। যোৱা মাহত থাইলেণ্ডৰ জিটপং জুটামাছৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছিল নিখাত জাৰিন। সেই ফাইনেলত তুৰস্কৰ জয়ৰ মুহূৰ্তটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ তেলেংগানা ৰাজ্যৰ এক অনুষ্ঠানত অংশ লৈছিল নিখত জাৰিনে।

এই উপলক্ষে তেওঁক প্ৰশ্ন কৰা হৈছিল জাৰিনৰ এই কৃতিত্বই আপ্লুত কৰাৰ সমান্তৰালকৈ ধৰ্মীয় পটভূমিৰ বিষয়টোও চৰ্চালৈ আহে। এই প্ৰসংগত জাৰিনৰ স্পষ্ট উত্তৰ, ‘এজন খেলুৱৈ হিচাপে মই ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আহিছো। মোৰ বাবে হিন্দু-মুছলমান এটা সুকীয়া বিষয় নহয়। মই কোনো সম্প্ৰদায় নহয়, মই মোৰ দেশক প্ৰতিনিধিত্ব কৰো।’

২৫ বছৰীয়া বক্সাৰ গৰাকীয়ে লগতে কয় যে, ‘দেশৰ হৈ এই পদক লাভ কৰি মই অতি সুখী। আমাৰ ভাৰতীয় বক্সাৰসকল অতি প্ৰতিভাশালী। আমি আন কাৰো পৰা পিছ পৰি থকা নাই। আমাৰ গতি, শক্তি আৰু ক্ষমতা আছে। কিন্তু বিশ্ব পৰ্যায়ত প্ৰতিনিধিত্ব কৰা এজন বক্সাৰে মানসিক চাপ কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে শিকোৱাটো গুৰুত্বপূৰ্ণ। কাৰণ বহুতো ভাল খেলুৱৈয়ে ডাঙৰ প্লেটফৰ্মত নাৰ্ভাছ হৈ পৰে আৰু নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন তুলি ধৰিব নোৱাৰে।’ উল্লেখ্য যে, ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বাৰ্মিংহাম কমনৱেলথ গেমছৰ মূল ইভেণ্টৰ টিকট ইতিমধ্যে নিশ্চিত হৈছে নিখাত জাৰিনৰ।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ