--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বক্সাৰ নিখাত জাৰিনে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সফলতা অৰ্জন কৰিছে। যোৱা মাহত থাইলেণ্ডৰ জিটপং জুটামাছৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছিল নিখাত জাৰিন। সেই ফাইনেলত তুৰস্কৰ জয়ৰ মুহূৰ্তটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গৌৰৱৰ মুহূৰ্ত হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ তেলেংগানা ৰাজ্যৰ এক অনুষ্ঠানত অংশ লৈছিল নিখত জাৰিনে।

এই উপলক্ষে তেওঁক প্ৰশ্ন কৰা হৈছিল জাৰিনৰ এই কৃতিত্বই আপ্লুত কৰাৰ সমান্তৰালকৈ ধৰ্মীয় পটভূমিৰ বিষয়টোও চৰ্চালৈ আহে। এই প্ৰসংগত জাৰিনৰ স্পষ্ট উত্তৰ, ‘এজন খেলুৱৈ হিচাপে মই ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আহিছো। মোৰ বাবে হিন্দু-মুছলমান এটা সুকীয়া বিষয় নহয়। মই কোনো সম্প্ৰদায় নহয়, মই মোৰ দেশক প্ৰতিনিধিত্ব কৰো।’

২৫ বছৰীয়া বক্সাৰ গৰাকীয়ে লগতে কয় যে, ‘দেশৰ হৈ এই পদক লাভ কৰি মই অতি সুখী। আমাৰ ভাৰতীয় বক্সাৰসকল অতি প্ৰতিভাশালী। আমি আন কাৰো পৰা পিছ পৰি থকা নাই। আমাৰ গতি, শক্তি আৰু ক্ষমতা আছে। কিন্তু বিশ্ব পৰ্যায়ত প্ৰতিনিধিত্ব কৰা এজন বক্সাৰে মানসিক চাপ কেনেকৈ চম্ভালিব লাগে সেই বিষয়ে শিকোৱাটো গুৰুত্বপূৰ্ণ। কাৰণ বহুতো ভাল খেলুৱৈয়ে ডাঙৰ প্লেটফৰ্মত নাৰ্ভাছ হৈ পৰে আৰু নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন তুলি ধৰিব নোৱাৰে।’ উল্লেখ্য যে, ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বাৰ্মিংহাম কমনৱেলথ গেমছৰ মূল ইভেণ্টৰ টিকট ইতিমধ্যে নিশ্চিত হৈছে নিখাত জাৰিনৰ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ