--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ উমৰাণ মালিক, ভাৰতীয় ক্ৰিকেটত বৰ্তমান সৰ্বাধিক চৰ্চিত এটা নাম। ইয়াৰ মূলতে হৈছে ২০২২ চনৰ আইপিএলত উমৰাণ মালিকৰ ধাৰাবাহিক প্ৰদৰ্শন। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত কৰা বলিঙেৰে উমৰাণে দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰীড়াপ্ৰেমীৰ। বলিং স্পীডৰ উপৰি উমৰাণ মালিকে আইপিএলৰ পঞ্চদশ ছিজনত ২২টা উইকেট দখল কৰিছে। এই প্ৰদৰ্শনৰ ভিত্তিত তেওঁক টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাৰ বাবে নিৰ্বাচন কৰিছে। অৱশ্যে, ২২ বছৰীয়া বলাৰগৰাকীৰ প্ৰথম টি-২০ত অভিষেক ঘটাৰ আশা কৰিছিল ক্ৰীড়াপ্ৰেমীয়ে। কিন্তু প্ৰত্যাশা অনুসৰি মূল একাদশত স্থান নাপালে উমৰাণে। 

উমৰাণৰ বায়ু বেগী বলিং বিক্ৰমত কপিল দেৱো যথেষ্ট আপ্লুত। কপিল দেৱে এইগৰাকী যুৱ বলাৰক দিছে বিশেষ পৰামৰ্শ। কপিল দেৱে উমৰাণ মালিকক নিজৰ ইকনমী ৰেট কম ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছে।

আনকাট ইউটিউব চেনেলত কপিল দেৱে কয় যে, ‘উমৰাণৰ নিৰ্বাচনত মই অতি সুখী। কিন্তু এই স্তৰৰ যিকোনো খেলুৱৈৰ বাবে অন্ততঃ দুবছৰ বা তিনিবছৰ সময় লোৱাটো জৰুৰী। তাৰ পিছতহে মূল্যায়ন কৰিব পাৰিব। আমি আৰম্ভণিতে এজন খেলুৱৈক বহুত প্ৰশংসা কৰো আৰু এবছৰৰ পিছত তেওঁ নোহোৱা হৈ যায়। কিন্তু, উমৰাণৰ ক্ষেত্ৰত প্ৰতিভাৰ অভাৱ নাই। মই বিচাৰো উমৰাণে নিজকে ভাল পৰিবেশত ৰাখি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। তেওঁৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মই নাভাবো যে তেওঁৰ কিবা অভাৱ আছে। তেওঁ মাত্ৰ ভাল বলাৰসকলৰ লগত কথা পাতিব লাগিব আৰু তেওঁলোকৰ বলিংৰ ভিডিঅ’ ফুটেজ চাব লাগিব।’

উমৰাণ মালিক সন্দৰ্ভত কপিল দেৱে আৰু কয়, ‘আপুনি যদি প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰে, তেন্তে ৯ ইকনমীৰেট ভাল কথা নহয়। প্ৰতি অ’ভাৰত প্ৰায় ৬ বা ৭ ৰান দিয়া উচিত। উমৰামে এইখিনি সংশোধন কৰিব লাগিব।  ইয়াৰ বাবে তেওঁ অধিক য়ৰ্কাৰ ব্যৱহাৰ কৰিব লাগিব। বেটছমেনৰ মনটোও পঢ়িব লাগিব। ভাল বেটছমেনসকলৰ বিৰুদ্ধে বলিং কৰি থকা বাবে উমৰাণৰ বলিং নিশ্চিতভাৱে উন্নত হ’ব৷ আশাকৰো, উমৰাণৰ ইকনমী ৰেটো হ্ৰাস হ’ব।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি