--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ উমৰাণ মালিক, ভাৰতীয় ক্ৰিকেটত বৰ্তমান সৰ্বাধিক চৰ্চিত এটা নাম। ইয়াৰ মূলতে হৈছে ২০২২ চনৰ আইপিএলত উমৰাণ মালিকৰ ধাৰাবাহিক প্ৰদৰ্শন। ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত কৰা বলিঙেৰে উমৰাণে দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰীড়াপ্ৰেমীৰ। বলিং স্পীডৰ উপৰি উমৰাণ মালিকে আইপিএলৰ পঞ্চদশ ছিজনত ২২টা উইকেট দখল কৰিছে। এই প্ৰদৰ্শনৰ ভিত্তিত তেওঁক টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলাৰ বাবে নিৰ্বাচন কৰিছে। অৱশ্যে, ২২ বছৰীয়া বলাৰগৰাকীৰ প্ৰথম টি-২০ত অভিষেক ঘটাৰ আশা কৰিছিল ক্ৰীড়াপ্ৰেমীয়ে। কিন্তু প্ৰত্যাশা অনুসৰি মূল একাদশত স্থান নাপালে উমৰাণে। 

উমৰাণৰ বায়ু বেগী বলিং বিক্ৰমত কপিল দেৱো যথেষ্ট আপ্লুত। কপিল দেৱে এইগৰাকী যুৱ বলাৰক দিছে বিশেষ পৰামৰ্শ। কপিল দেৱে উমৰাণ মালিকক নিজৰ ইকনমী ৰেট কম ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছে।

আনকাট ইউটিউব চেনেলত কপিল দেৱে কয় যে, ‘উমৰাণৰ নিৰ্বাচনত মই অতি সুখী। কিন্তু এই স্তৰৰ যিকোনো খেলুৱৈৰ বাবে অন্ততঃ দুবছৰ বা তিনিবছৰ সময় লোৱাটো জৰুৰী। তাৰ পিছতহে মূল্যায়ন কৰিব পাৰিব। আমি আৰম্ভণিতে এজন খেলুৱৈক বহুত প্ৰশংসা কৰো আৰু এবছৰৰ পিছত তেওঁ নোহোৱা হৈ যায়। কিন্তু, উমৰাণৰ ক্ষেত্ৰত প্ৰতিভাৰ অভাৱ নাই। মই বিচাৰো উমৰাণে নিজকে ভাল পৰিবেশত ৰাখি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। তেওঁৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মই নাভাবো যে তেওঁৰ কিবা অভাৱ আছে। তেওঁ মাত্ৰ ভাল বলাৰসকলৰ লগত কথা পাতিব লাগিব আৰু তেওঁলোকৰ বলিংৰ ভিডিঅ’ ফুটেজ চাব লাগিব।’

উমৰাণ মালিক সন্দৰ্ভত কপিল দেৱে আৰু কয়, ‘আপুনি যদি প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰে, তেন্তে ৯ ইকনমীৰেট ভাল কথা নহয়। প্ৰতি অ’ভাৰত প্ৰায় ৬ বা ৭ ৰান দিয়া উচিত। উমৰামে এইখিনি সংশোধন কৰিব লাগিব।  ইয়াৰ বাবে তেওঁ অধিক য়ৰ্কাৰ ব্যৱহাৰ কৰিব লাগিব। বেটছমেনৰ মনটোও পঢ়িব লাগিব। ভাল বেটছমেনসকলৰ বিৰুদ্ধে বলিং কৰি থকা বাবে উমৰাণৰ বলিং নিশ্চিতভাৱে উন্নত হ’ব৷ আশাকৰো, উমৰাণৰ ইকনমী ৰেটো হ্ৰাস হ’ব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ