--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টি-২০ত ভাৰত পৰাস্ত হ’লেও ভাৰতৰ বাবে কিছু ইতিবাচক দিশ পোহৰলৈ আহিছে। ইয়াৰ মাজতে অন্যতম এটা হ’ল হার্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন। ১২টা বলত ৩১ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে হাৰ্দিকে। বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাৰ্ছীত হিট হাৰ্দিক।

দীৰ্ঘদিন ধৰি আঘাতপ্ৰাপ্ত হাৰ্দিকক বিগত বৰ্ষৰ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ পৰা বাদ দিয়া হৈছিল। দীৰ্ঘদিন ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত আইপিএলত এক অন্যৰূপত উজলি উঠিছিল হাৰ্দিক পাণ্ডিয়া। আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ ফিটনেছৰ পৰা আৰম্ভ কৰি তেওঁৰ দললৈকে সকলো বিষয়তে প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে, আইপিএলত খেলুৱৈ হিচাপে কঠোৰ পৰিশ্ৰম কৰা হাৰ্দিকে প্ৰথমবাৰৰ বাবে ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ অধিনায়ক হৈ খিতাপ জয় কৰে।

শেহতীয়াকৈ, বিচিচিআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত হাৰ্দিকে তেওঁৰ আইপিএল ভ্ৰমণৰ বিষয়ে সদৰী কৰিছে। হাৰ্দিকে কয়, ‘মই সাংঘাটিক সুখী। নিজৰ সৈতে হোৱা যুঁজখনত জয়ী হৈ মই সুখীতো আছিলোৱেই, লগতে আছিল আৰু বহুতো প্ৰত্যাহ্বান। আইপিএলত জয়ী হোৱাটো পৰৱৰ্তী কথা, প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল, কাৰণ বহুতে আমাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। খেল আৰম্ভ হোৱাৰ আগতেই বহুতে আমাক দেখি নাক কোচাইছিল। বহু প্ৰশ্ন উত্থাপন হৈছিল। মোৰ প্ৰত্যাৱৰ্তনক লৈয়ো মোৰ বিষয়ে বহু কথাই আলোচনা হৈছিল।'

তাৰকা ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে পুনৰ ফিটনেছ লাভ কৰিবলৈ কিমান কষ্টৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল সেই বিষয়েও চমু বিৱৰণ দিয়ে। হাৰ্দিকে কয়, ‘আনক সঁহাৰি জনোৱাৰ প্ৰয়োজন অনুভৱ নকৰো, কিন্তু মই যি কৰিছো তাৰ বাবে মই গৌৰৱান্বিত। ছমাহত কি সহ্য কৰিবলগীয়া হৈছিল মই জানো। প্ৰতিদিনে পুৱা ৫বজাত উঠি ট্ৰেইনিং কৰিবলৈ গৈছিলোঁ, যোৱা চাৰিমাহে ৰাতি ন বজাৰ ভিতৰত শুই পৰিছিলো। গতিকে, আইপিএল আৰম্ভ হোৱাৰ আগতে বহু যুঁজিব লগীয়া হৈছে, বহুত কিবা কিবি এৰিবলগীয়া হৈছে। মই মোৰ জীৱনত সদায় কঠোৰ পৰিশ্ৰম কৰি আহিছো আৰু ইয়াৰ পৰা মই সদায় লাভৱান হৈ আহিছো।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক