--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টি-২০ত ভাৰত পৰাস্ত হ’লেও ভাৰতৰ বাবে কিছু ইতিবাচক দিশ পোহৰলৈ আহিছে। ইয়াৰ মাজতে অন্যতম এটা হ’ল হার্দিক পাণ্ডিয়াৰ প্ৰত্যাৱৰ্তন। ১২টা বলত ৩১ ৰানৰ দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে হাৰ্দিকে। বিগত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাৰ্ছীত হিট হাৰ্দিক।

দীৰ্ঘদিন ধৰি আঘাতপ্ৰাপ্ত হাৰ্দিকক বিগত বৰ্ষৰ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ পৰা বাদ দিয়া হৈছিল। দীৰ্ঘদিন ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত আইপিএলত এক অন্যৰূপত উজলি উঠিছিল হাৰ্দিক পাণ্ডিয়া। আইপিএল আৰম্ভ হোৱাৰ পূৰ্বে তেওঁৰ ফিটনেছৰ পৰা আৰম্ভ কৰি তেওঁৰ দললৈকে সকলো বিষয়তে প্ৰশ্ন উত্থাপন হৈছিল। অৱশ্যে, আইপিএলত খেলুৱৈ হিচাপে কঠোৰ পৰিশ্ৰম কৰা হাৰ্দিকে প্ৰথমবাৰৰ বাবে ফ্ৰেঞ্চাইজি গুজৰাট টাইটানছৰ অধিনায়ক হৈ খিতাপ জয় কৰে।

শেহতীয়াকৈ, বিচিচিআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত হাৰ্দিকে তেওঁৰ আইপিএল ভ্ৰমণৰ বিষয়ে সদৰী কৰিছে। হাৰ্দিকে কয়, ‘মই সাংঘাটিক সুখী। নিজৰ সৈতে হোৱা যুঁজখনত জয়ী হৈ মই সুখীতো আছিলোৱেই, লগতে আছিল আৰু বহুতো প্ৰত্যাহ্বান। আইপিএলত জয়ী হোৱাটো পৰৱৰ্তী কথা, প্লে’ অফৰ বাবে যোগ্যতা অৰ্জন কৰাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল, কাৰণ বহুতে আমাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। খেল আৰম্ভ হোৱাৰ আগতেই বহুতে আমাক দেখি নাক কোচাইছিল। বহু প্ৰশ্ন উত্থাপন হৈছিল। মোৰ প্ৰত্যাৱৰ্তনক লৈয়ো মোৰ বিষয়ে বহু কথাই আলোচনা হৈছিল।'

তাৰকা ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে পুনৰ ফিটনেছ লাভ কৰিবলৈ কিমান কষ্টৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল সেই বিষয়েও চমু বিৱৰণ দিয়ে। হাৰ্দিকে কয়, ‘আনক সঁহাৰি জনোৱাৰ প্ৰয়োজন অনুভৱ নকৰো, কিন্তু মই যি কৰিছো তাৰ বাবে মই গৌৰৱান্বিত। ছমাহত কি সহ্য কৰিবলগীয়া হৈছিল মই জানো। প্ৰতিদিনে পুৱা ৫বজাত উঠি ট্ৰেইনিং কৰিবলৈ গৈছিলোঁ, যোৱা চাৰিমাহে ৰাতি ন বজাৰ ভিতৰত শুই পৰিছিলো। গতিকে, আইপিএল আৰম্ভ হোৱাৰ আগতে বহু যুঁজিব লগীয়া হৈছে, বহুত কিবা কিবি এৰিবলগীয়া হৈছে। মই মোৰ জীৱনত সদায় কঠোৰ পৰিশ্ৰম কৰি আহিছো আৰু ইয়াৰ পৰা মই সদায় লাভৱান হৈ আহিছো।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন