--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মাতৃয়ে একে সময়তে ২ বা ৩ টা সন্তান জন্ম দিয়াটো সাধাৰণ কথা হ’ব পাৰে, কিন্তু এগৰাকী মহিলাই যদি একেলগে ৯ টা সন্তান জন্ম দিছে বুলি কলে আপুনি শুনি আচৰিত নহ’বনে? গছত গৰু উঠা কথা যেন লাগিলেও এয়া পিছে একেবাৰে সঁচা কথা। আফ্ৰিকাৰ দেশ মৰক্কোত সংঘটিত হৈছে এই আজৱ ঘটনা। মালিত বাস কৰা এগৰাকী মহিলাই একেলগে ৯টা সন্তান জন্ম দিয়ে। তথ্য অনুসৰি সকলো নৱজাত শিশু সুস্থ। ২০২১ চনৰ ৪ মেত ৯টিকৈ সন্তান জন্ম দিছিল হালিমা চিচ নামৰ মহিলাগৰাকীয়ে। এই খবৰে তেতিয়া সকলোতে তোলপাৰ লগাইছিল। এক বছৰৰ পাছত এই কথা পুনৰ চৰ্চালৈ আহিছে কিয়নো ৯টিকৈ শিশুৰ জন্মদিন সুন্দৰকৈ উদযাপন কৰা হয়। আটাইকেইটি শিশু সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

 মালিৰ বাসিন্দা হালিমা। কিন্তু প্ৰসৱৰ ঠিক আগতে হালিমাক মালি চৰকাৰে বিশেষ যত্নৰ বাবে মৰক্কোলৈ(Morocco) পঠিয়াইছিল। প্ৰায় এবছৰৰ পাছতো হালিমাই সন্তানৰ সৈতে মৰক্কোত বাস কৰি আছে। তেওঁক বিশেষ কেয়াৰ চেণ্টাৰত ৰখা হৈছে। হালিমাৰ ৯ টা সন্তানৰ ভিতৰত ৫জনী ছোৱালী আৰু ৪ জন ল'ৰা। সন্তানৰ পিতৃৰ নাম কাদেৰ আৰবে। কাদেৰৰ বয়স ৩৬ বছৰ। কাদেৰে মালিৰ মিলিটাৰীত কাম কৰে। পিতৃয়ে জনায় যে সকলো সন্তানৰ স্বভাৱ বেলেগ বেলেগ। কিছুমান কেঁচুৱাই বহুত শব্দ কৰে আৰু কিছুমানে অতি নিস্তব্ধ হৈ থাকে। 

উল্লেখ্য যে একে সময়তে বহু সন্তান জন্ম দিয়াটো বিপদজনক বুলি গণ্য কৰা হয়। বহু দেশত মহিলাসকলৰ গৰ্ভত একেলগে ৪ টাতকৈ অধিক সন্তান হ’লে গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিয়া হয়। অকালতে জন্ম হোৱা আৰু সন্তানৰ ক্ষেত্ৰতো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভধাৰণৰ সময়ত হালিমাৰ জীৱন বিপদত পৰিব পাৰে বুলিও চিকিৎসকে জনাইছিল। কিন্তু সকলোকে আচৰিত কৰি হালিমাই সুন্দৰকৈ ৯ টি সন্তানৰ জন্ম দিয়ে।
 
শিশুকেইটিৰ প্ৰথম জন্মদিন উদযাপন কৰাৰ সময়ত চিকিৎসালয়খনৰ নাৰ্ছসকলো উপস্থিত আছিল। তেওঁলোকে কেকো কাটিছিল। এই ৯ টা শিশুৰ জন্মৰ সময়ত তেওঁলোকৰ ওজন আছিল ৫০০ গ্ৰামৰ পৰা ৯৬৩ গ্ৰামৰ ভিতৰত। প্ৰসৱ কৰোৱা দলটোত আছিল ১০ গৰাকী চিকিৎসক, ২৫ গৰাকী পেৰামেডিকেল ষ্টাফ আৰু ১৮ গৰাকী নাৰ্ছ। হালিমাই ৯ টা সন্তান জন্ম দি ৮ টা সন্তানৰ মাতৃ নাদ্যা চুলেমানৰ অভিলেখ ভংগ কৰিছিল। ইয়াৰ পাছতেই তেওঁ বিখ্যাত হৈ পৰিল। ২০০৯ চনত নাদ্যাই আঠটা সন্তান জন্ম দিছিল।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ