--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মাতৃয়ে একে সময়তে ২ বা ৩ টা সন্তান জন্ম দিয়াটো সাধাৰণ কথা হ’ব পাৰে, কিন্তু এগৰাকী মহিলাই যদি একেলগে ৯ টা সন্তান জন্ম দিছে বুলি কলে আপুনি শুনি আচৰিত নহ’বনে? গছত গৰু উঠা কথা যেন লাগিলেও এয়া পিছে একেবাৰে সঁচা কথা। আফ্ৰিকাৰ দেশ মৰক্কোত সংঘটিত হৈছে এই আজৱ ঘটনা। মালিত বাস কৰা এগৰাকী মহিলাই একেলগে ৯টা সন্তান জন্ম দিয়ে। তথ্য অনুসৰি সকলো নৱজাত শিশু সুস্থ। ২০২১ চনৰ ৪ মেত ৯টিকৈ সন্তান জন্ম দিছিল হালিমা চিচ নামৰ মহিলাগৰাকীয়ে। এই খবৰে তেতিয়া সকলোতে তোলপাৰ লগাইছিল। এক বছৰৰ পাছত এই কথা পুনৰ চৰ্চালৈ আহিছে কিয়নো ৯টিকৈ শিশুৰ জন্মদিন সুন্দৰকৈ উদযাপন কৰা হয়। আটাইকেইটি শিশু সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।

 মালিৰ বাসিন্দা হালিমা। কিন্তু প্ৰসৱৰ ঠিক আগতে হালিমাক মালি চৰকাৰে বিশেষ যত্নৰ বাবে মৰক্কোলৈ(Morocco) পঠিয়াইছিল। প্ৰায় এবছৰৰ পাছতো হালিমাই সন্তানৰ সৈতে মৰক্কোত বাস কৰি আছে। তেওঁক বিশেষ কেয়াৰ চেণ্টাৰত ৰখা হৈছে। হালিমাৰ ৯ টা সন্তানৰ ভিতৰত ৫জনী ছোৱালী আৰু ৪ জন ল'ৰা। সন্তানৰ পিতৃৰ নাম কাদেৰ আৰবে। কাদেৰৰ বয়স ৩৬ বছৰ। কাদেৰে মালিৰ মিলিটাৰীত কাম কৰে। পিতৃয়ে জনায় যে সকলো সন্তানৰ স্বভাৱ বেলেগ বেলেগ। কিছুমান কেঁচুৱাই বহুত শব্দ কৰে আৰু কিছুমানে অতি নিস্তব্ধ হৈ থাকে। 

উল্লেখ্য যে একে সময়তে বহু সন্তান জন্ম দিয়াটো বিপদজনক বুলি গণ্য কৰা হয়। বহু দেশত মহিলাসকলৰ গৰ্ভত একেলগে ৪ টাতকৈ অধিক সন্তান হ’লে গৰ্ভপাত কৰিবলৈ পৰামৰ্শ দিয়া হয়। অকালতে জন্ম হোৱা আৰু সন্তানৰ ক্ষেত্ৰতো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভধাৰণৰ সময়ত হালিমাৰ জীৱন বিপদত পৰিব পাৰে বুলিও চিকিৎসকে জনাইছিল। কিন্তু সকলোকে আচৰিত কৰি হালিমাই সুন্দৰকৈ ৯ টি সন্তানৰ জন্ম দিয়ে।
 
শিশুকেইটিৰ প্ৰথম জন্মদিন উদযাপন কৰাৰ সময়ত চিকিৎসালয়খনৰ নাৰ্ছসকলো উপস্থিত আছিল। তেওঁলোকে কেকো কাটিছিল। এই ৯ টা শিশুৰ জন্মৰ সময়ত তেওঁলোকৰ ওজন আছিল ৫০০ গ্ৰামৰ পৰা ৯৬৩ গ্ৰামৰ ভিতৰত। প্ৰসৱ কৰোৱা দলটোত আছিল ১০ গৰাকী চিকিৎসক, ২৫ গৰাকী পেৰামেডিকেল ষ্টাফ আৰু ১৮ গৰাকী নাৰ্ছ। হালিমাই ৯ টা সন্তান জন্ম দি ৮ টা সন্তানৰ মাতৃ নাদ্যা চুলেমানৰ অভিলেখ ভংগ কৰিছিল। ইয়াৰ পাছতেই তেওঁ বিখ্যাত হৈ পৰিল। ২০০৯ চনত নাদ্যাই আঠটা সন্তান জন্ম দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ