--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবাদ আছে যে ৰক্তপিপাসু ভাম্পায়াৰসকলে এটা সময়ত মাটিৰ তলত বাস কৰিছিল। কিন্তু মানুহে মাটিৰ তলত বাস কৰাৰ কথা হয়তো সাধাৰণতে ভাবিব নোৱাৰা ধৰণৰ এটা কথা। মানুহ এটা সময়ত গুহাবাসী আছিল। পাহাৰ-পৰ্বতৰ গুহাই-কন্দৰে মানুহে বাস কৰি প্ৰকৃতিৰ সৈতে সংগ্ৰাম কৰিছিল। কিন্তু মাটিৰ তলত বাস কৰাৰ কথাটো কিবা যেন আচহুৱা যেন লাগে। পিছে তেনে আচহুৱা যেন লগা কথা এটাই ঘটি আছে চীনত। কোনো প্ৰযুক্তিৰ বলত নহয়, পৌৰাণিক পৰম্পৰা অনুসৰিয়েই সম্পূৰ্ণ প্ৰাকৃতিক ৰূপত চীনৰ এটা বিশেষ স্থানত হাজাৰ হাজাৰ মানুহে মাটিৰ তলত গাঁও তৈয়াৰ কৰি বাস কৰি আহিছে।বিশ্বৰ এই আশ্চৰ্যকৰ গাঁওখন চীনৰ হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰত আছে। 

গাঁওখনৰ সকলো ঘৰ মাটিৰ তলত আছে। মাটি কাটি গুহাৰ দৰে বনোৱা হৈছে আৰু তাতেই ঘৰ নিৰ্মাণ কৰা হৈছে। গাঁওখনত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি লোকসকলে এনেদৰে মাটিৰ তলত ঘৰ সাজি বাস কৰি আহিছে। ঐতিহাসিক তথ্য অনুসৰি চীনত চতুৰ্দশ শতিকাত মিং ৰাজবংশৰ শাসনৰ চলি থকাৰ সময়ৰে পৰাই সেই গাঁওখনত মানুহে মাটিৰ তলত ঘৰ সাজি বাস কৰি আহিছে। সেয়ে হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰৰ সেই গাঁওখন প্ৰায় ৪,০০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে।প্ৰাকৃতিক বিপৰ্যয়, শত্ৰুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষা পোৱাৰ বাবেই মানুহে প্ৰথমে এনেদৰে গাঁওখনত মাটিৰ তলত ঘৰ সাজি বাস কৰিবলৈ লৈছিল বুলি বহুতে ক’ব বিচাৰে। 

এই ধৰণে মাটিৰ তলত ঘৰ সজাৰ ফলত গ্ৰীষ্মকালত ঘৰৰ ভিতৰৰ পৰিবেশ শীতল আৰু শীতকালত গৰম হৈ থাকে বুলি গাঁওখনৰ একাংশ বাসিন্দাই প্ৰকাশ কৰিছে। মাটিৰ তলৰ গাঁওখনত এতিয়া ঘৰৰ সংখ্যা প্ৰায় ১০,০০০। তাত কমেও ৩,০০০ লোকে বাস কৰি আছে। মাটিৰ তলত থাকিলেও গাঁওখনত সময় বাগৰাৰ লগে লগে আধুনিকতাৰ পৰশো পৰিছে। গাঁওখনত পানী যোগান, বিদ্যুতৰ ব্যৱস্থা আদি সকলো আছে। চীনৰ মাটিৰ তলত থকা এই গাঁওখনে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকসকলকো আকৰ্ষণ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ