--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবাদ আছে যে ৰক্তপিপাসু ভাম্পায়াৰসকলে এটা সময়ত মাটিৰ তলত বাস কৰিছিল। কিন্তু মানুহে মাটিৰ তলত বাস কৰাৰ কথা হয়তো সাধাৰণতে ভাবিব নোৱাৰা ধৰণৰ এটা কথা। মানুহ এটা সময়ত গুহাবাসী আছিল। পাহাৰ-পৰ্বতৰ গুহাই-কন্দৰে মানুহে বাস কৰি প্ৰকৃতিৰ সৈতে সংগ্ৰাম কৰিছিল। কিন্তু মাটিৰ তলত বাস কৰাৰ কথাটো কিবা যেন আচহুৱা যেন লাগে। পিছে তেনে আচহুৱা যেন লগা কথা এটাই ঘটি আছে চীনত। কোনো প্ৰযুক্তিৰ বলত নহয়, পৌৰাণিক পৰম্পৰা অনুসৰিয়েই সম্পূৰ্ণ প্ৰাকৃতিক ৰূপত চীনৰ এটা বিশেষ স্থানত হাজাৰ হাজাৰ মানুহে মাটিৰ তলত গাঁও তৈয়াৰ কৰি বাস কৰি আহিছে।বিশ্বৰ এই আশ্চৰ্যকৰ গাঁওখন চীনৰ হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰত আছে। 

গাঁওখনৰ সকলো ঘৰ মাটিৰ তলত আছে। মাটি কাটি গুহাৰ দৰে বনোৱা হৈছে আৰু তাতেই ঘৰ নিৰ্মাণ কৰা হৈছে। গাঁওখনত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি লোকসকলে এনেদৰে মাটিৰ তলত ঘৰ সাজি বাস কৰি আহিছে। ঐতিহাসিক তথ্য অনুসৰি চীনত চতুৰ্দশ শতিকাত মিং ৰাজবংশৰ শাসনৰ চলি থকাৰ সময়ৰে পৰাই সেই গাঁওখনত মানুহে মাটিৰ তলত ঘৰ সাজি বাস কৰি আহিছে। সেয়ে হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰৰ সেই গাঁওখন প্ৰায় ৪,০০০ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে।প্ৰাকৃতিক বিপৰ্যয়, শত্ৰুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষা পোৱাৰ বাবেই মানুহে প্ৰথমে এনেদৰে গাঁওখনত মাটিৰ তলত ঘৰ সাজি বাস কৰিবলৈ লৈছিল বুলি বহুতে ক’ব বিচাৰে। 

এই ধৰণে মাটিৰ তলত ঘৰ সজাৰ ফলত গ্ৰীষ্মকালত ঘৰৰ ভিতৰৰ পৰিবেশ শীতল আৰু শীতকালত গৰম হৈ থাকে বুলি গাঁওখনৰ একাংশ বাসিন্দাই প্ৰকাশ কৰিছে। মাটিৰ তলৰ গাঁওখনত এতিয়া ঘৰৰ সংখ্যা প্ৰায় ১০,০০০। তাত কমেও ৩,০০০ লোকে বাস কৰি আছে। মাটিৰ তলত থাকিলেও গাঁওখনত সময় বাগৰাৰ লগে লগে আধুনিকতাৰ পৰশো পৰিছে। গাঁওখনত পানী যোগান, বিদ্যুতৰ ব্যৱস্থা আদি সকলো আছে। চীনৰ মাটিৰ তলত থকা এই গাঁওখনে বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটকসকলকো আকৰ্ষণ কৰি আহিছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ