--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : দেশত ভালেমান ৰাজ্যত ক'ভিড সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে৷ মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত এটা হোষ্টেলত ১৮৬গৰাকী শিক্ষাৰ্থীৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ৰ সংক্ৰমণ৷ লগতে চাৰিগৰাকী শিক্ষকৰ দেহতো ধৰা পৰিছে ক'ভিডৰ উপস্থিতি৷

আৰু পঢ়িব পাৰিব : খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ…

ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটোক কনটেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ জানিব পৰা মতে, হোষ্টেলটোত ক'ভিড আক্ৰান্ত শিক্ষাৰ্থীসকলৰ বেছিভাগেই অমৰাৱতী আৰু যাৱতমল জিলাৰ। বিগত সপ্তাহত এই দুয়োখন জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলিও জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : সংগীতজ্ঞ কুল বৰুৱাৰ দেহাৱসান শিলপুখুৰীত…

ইপিনে, মহাৰাষ্ট্ৰত বুধবাৰে ৮,৮০০গৰাকী ক'ভিড আক্ৰান্ত ধৰা পৰা লগতে ৮০ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে। চাৰিমাহৰ পাছত এদিনতে চিনাক্ত হোৱা এই সংখ্যা হৈছে সৰ্বাধিক৷ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যখনত কঠোৰভাৱে ক'ভিড প্ৰট’কল বলৱৎ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ