--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাইত শুনা গ’ল মানৱতাৰ জয়ধ্বনি। এজন দুৰ্দশাগ্ৰস্ত বয়োজ্যেষ্ঠ অটো চালকক সহায় কৰিবলৈ আগবাঢ়ি আহিল সহস্ৰ সহৃদয় লোক। নাতিনীৰ শিক্ষাৰ বাবে নিজৰ ঘৰটোকো বিক্ৰী কৰিবলৈ বাধ্য হোৱা অটো চালকজনক ২৪লাখ টকা বৰঙণি দি সহায় কৰিলে বিভিন্নজন হৃদয়বানে। এই মন জৰুৱা ঘটনাটোৱে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ নামেৰে মুকলি বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম

জানিব পৰা মতে, দেশৰাজ নামৰ বয়োজ্যেষ্ঠ লোকজনে তেওঁৰ দুই বোৱাৰী আৰু চাৰি নাতি-নাতিনীক মুম্বাইত অটো চলাই পোহপাল দি আহিছিল। তেওঁৰ কান্ধে বব পৰাতকৈ বহু বেছি গধুৰ আছিল তেওঁৰ ভাৰখন। নাতি-নাতিনী আৰু দুই বোৱাৰীয়েকক পোহপাল দিয়া তথা নাতি-নাতিনীৰ শিক্ষা-দীক্ষাৰ দায়িত্ব আছিল তেওঁৰ কাৰণে অতি গধুৰ। দুই পুত্ৰৰ মৃত্যুৰ পাছত এই গধুৰ বোজা তেওঁ বহন কৰি আহিছিল। পিছে এগৰাকী নাতিনীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰি তেওঁৰ কষ্ট সাৰ্থকো কৰি তুলিছিল। পিছে নাতিনীয়েকে বিএড পঢ়াৰ বাবে দিল্লীলৈ যাব বিচৰাত কেনা লাগে দেশৰাজৰ অংকত।

আৰু পঢ়িব পাৰিব :‘কনা হাঁহক পতান’ দিয়াৰ দৰে চাহ শ্ৰমিকক মজুৰি দিছে চৰকাৰে

নাতিনীৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত অৱশেষত তেওঁ নিজৰ ঘৰটোকে বিক্ৰী কৰি দিবলগীয়া হয়। এই ঘটনাৰ বিষয়ে পোহৰলৈ আনে ‘হিউমেনছ অব মুম্বাই’ নামৰ সংস্থাটোৱে আৰু তেওঁলোকে দেশৰাজৰ বাবে ‘ক্ৰাউড ফাণ্ডিং’ আৰম্ভ কৰে। ২০ লাখ টকা সংগ্ৰহৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানে যথেষ্ট সঁহাৰি লাভ কৰে আৰু সহস্ৰজনৰ সহায়েৰে দেশৰাজৰ বাবে ২৪ লাখ টকা সংগ্ৰহ হয়। তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কংগ্ৰেছ নেত্ৰী অৰ্চনা ডালমিয়াইও টুইটাৰত পোষ্ট কৰিছিল আৰু মুম্বাইবাসীক সহায়ৰ আহ্বান জনাইছিল। মিলিন্দ দেওৰাৰ দৰে নেতায়ো ইয়াৰ ৰিটুইট কৰে। শেহতীয়াকৈ দেশৰাজে ২৪লাখ টকাৰ এখন চেক হাতত লৈ থকা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে আৰু তেওঁক সহায় কৰা সকলোকে তেওঁ কৃতজ্ঞতাও জ্ঞাপন কৰিছে। মানৱতাৰ জয়ধ্বনি বাজি উঠা এই ঘটনাই সকলোৰে অন্তৰ স্পৰ্শ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ