--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰে সীমান্তৰ সংঘাত এতিয়া নিৰসন হোৱাৰ দিশে! যদিও বিভিন্ন সময়ত পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰে ভাৰতীয় সেনাক আক্ৰমণ কৰি আহিছে তথাপি পুনৰ এলঅ’চিত যুদ্ধবিৰতি ঘোষণা কৰিছে ভাৰত-পাকিস্তানৰ সেনাই। জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ভাৰত-পাকিস্তান।

আৰু পঢ়িব পাৰিব : একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

দুয়োখন দেশৰ সামৰিক বাহিনীয়ে এখন যুটীয়া বিজ্ঞপ্তিযোগে আজি এই কথা প্ৰকাশ কৰিছে। কালি নিশাৰে পৰা দুয়োখন দেশৰ সামৰিক বাহিনীয়ে এই যুদ্ধবিৰতি পালন কৰাৰ বাবে সন্মত হোৱা বুলি প্ৰকাশ কৰা হৈছে বিজ্ঞপ্তিখনত।

ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (ডিজিএমঅ’) লেফটেনেণ্ট জেনেৰেল পৰমজিৎ সিং সংঘা আৰু পাকিস্তানৰ সামৰিক বাহিনীৰ তেওঁৰ সমপৰ্যায়ৰ বিষয়াৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সিদ্ধান্ত উপনীত হয় দেশ দুখন। টেলিফোনযোগে এই আলোচনা চলে দুয়ো দেশৰ সামৰিক বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া দুজনৰ মাজত।

আৰু পঢ়িব পাৰিব : খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ…

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ দুয়োপাৰে শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ দিশত দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপৰ মাজতে বৈৰী ৰাষ্ট্ৰ দুখনৰ এই পদক্ষেপ আশাপ্ৰদ বিবেচিত হৈছে। অৱশ্যে এই চুক্তিৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদবিৰোধী অভিযান ব্যাহত নহয়। আলোচনাৰ সময়ত দুয়ো দেশৰ সামৰিক বিষয়া দুগৰাকীয়ে সীমান্তৰ দুয়োপাৰৰ পৰিস্থিতি সম্পৰ্কে বিশ্লেষণ কৰে। নিয়ন্ত্ৰণৰেখাৰ লগতে আন সকলো সীমান্তৱৰ্তী অঞ্চলতে শান্তি, সহযোগিতা তথা সদ্ভাৱপূৰ্ণ পৰিস্থিতি সৃষ্টিৰ বাবে দুয়ো দেশে যুদ্ধবিৰতিৰ পদক্ষেপ গ্ৰহণ কৰা বুলি যুটীয়া বিজ্ঞপ্তিখনত কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ