--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : বৈৰী ৰাষ্ট্ৰ পাকিস্তানৰে সীমান্তৰ সংঘাত এতিয়া নিৰসন হোৱাৰ দিশে! যদিও বিভিন্ন সময়ত পাকিস্তানে যুদ্ধবিৰতি উলংঘাৰে ভাৰতীয় সেনাক আক্ৰমণ কৰি আহিছে তথাপি পুনৰ এলঅ’চিত যুদ্ধবিৰতি ঘোষণা কৰিছে ভাৰত-পাকিস্তানৰ সেনাই। জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ভাৰত-পাকিস্তান।

আৰু পঢ়িব পাৰিব : একেটা হোষ্টেলৰ ১৮৬ শিক্ষাৰ্থীৰ কোভিড পজিটিভ, দেশত শংকা বৃদ্ধি

দুয়োখন দেশৰ সামৰিক বাহিনীয়ে এখন যুটীয়া বিজ্ঞপ্তিযোগে আজি এই কথা প্ৰকাশ কৰিছে। কালি নিশাৰে পৰা দুয়োখন দেশৰ সামৰিক বাহিনীয়ে এই যুদ্ধবিৰতি পালন কৰাৰ বাবে সন্মত হোৱা বুলি প্ৰকাশ কৰা হৈছে বিজ্ঞপ্তিখনত।

ভাৰতৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান (ডিজিএমঅ’) লেফটেনেণ্ট জেনেৰেল পৰমজিৎ সিং সংঘা আৰু পাকিস্তানৰ সামৰিক বাহিনীৰ তেওঁৰ সমপৰ্যায়ৰ বিষয়াৰ সৈতে হোৱা আলোচনাৰ সময়ত এই সিদ্ধান্ত উপনীত হয় দেশ দুখন। টেলিফোনযোগে এই আলোচনা চলে দুয়ো দেশৰ সামৰিক বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া দুজনৰ মাজত।

আৰু পঢ়িব পাৰিব : খৰালিত ভূমিস্খলন ! থিতাতে মৃত্যু এজনৰ…

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ দুয়োপাৰে শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ দিশত দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপৰ মাজতে বৈৰী ৰাষ্ট্ৰ দুখনৰ এই পদক্ষেপ আশাপ্ৰদ বিবেচিত হৈছে। অৱশ্যে এই চুক্তিৰ ফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদবিৰোধী অভিযান ব্যাহত নহয়। আলোচনাৰ সময়ত দুয়ো দেশৰ সামৰিক বিষয়া দুগৰাকীয়ে সীমান্তৰ দুয়োপাৰৰ পৰিস্থিতি সম্পৰ্কে বিশ্লেষণ কৰে। নিয়ন্ত্ৰণৰেখাৰ লগতে আন সকলো সীমান্তৱৰ্তী অঞ্চলতে শান্তি, সহযোগিতা তথা সদ্ভাৱপূৰ্ণ পৰিস্থিতি সৃষ্টিৰ বাবে দুয়ো দেশে যুদ্ধবিৰতিৰ পদক্ষেপ গ্ৰহণ কৰা বুলি যুটীয়া বিজ্ঞপ্তিখনত কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ