--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছেমি ফাইনেল পর্যায়ত কালি ভূপালীয়ে ৫৪ কেজি শাখাত ছার্ভছেজৰ তনুৰ হাতত ৪-১-ত আৰু আৰতিয়ে ৫৭কেজিত তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়ো ৩-২-ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে

ডিজিটেল ডেস্ক : দুর্দান্ত প্ৰদৰ্শনৰ জৰিয়তে টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁই, পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়ো, দেশীয় বক্সিং ক্ষেত্ৰৰ অন্যতম সম্ভাৱনা গীতিমণি গগৈয়ে তেলেংগানাৰ হায়দৰাবাদস্থিত ছাৰুনগৰ ইনড'ৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

তেনেদৰেই তেলেংগানা বক্সিং ফেডাৰেশ্যনে বক্সিং ফেডাৰেশ্যন অব্ ইণ্ডিয়া আৰু তেলেংগানা ক্রীড়া সঞ্চালকালয়ৰ তত্ত্বাৱধানত আয়োজন কৰা প্রতিযোগিতাখনত তিনিগৰাকী শীর্ষ অসম কন্যাই কমেও ৰূপৰ পদক অর্জন কৰাটো নিশ্চিত কৰিছে। সোমবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলৰ ৭৫ কেজি শাখাত লাভলীনাই উত্তৰ প্ৰদেশৰ স্নেহাক প্রথম ৰাউণ্ডতে ধৰাশায়ী কৰি (আৰ এছ চি), অংকুশিতাই ৬৫ কেজি শাখাত সৰ্বভাৰতীয় পুলিচৰ অমিতা কুণ্ডুক ৫-০ আৰু গীতিমণিয়ে মহাৰাষ্ট্ৰৰ শ্রিবাণী বিক ৫-০ পইণ্টৰ মসৃণ ব্যৱধানত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে।

ফাইনেলৰ খেলসমূহ আজি হ'ব য'ত অংকুশিতাই ৰে'লৱেৰ শশীৰ বিৰুদ্ধে, লাভলীনাই এলা যাদৱৰ বিৰুদ্ধে (ৰে'লৱে) আৰু গীতিমণিয়ে দিল্লীৰ শিৱানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, আন দুগৰাকী অসম কন্যা ভূপালী হাজৰিকা আৰু আৰতি দলেই ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ছেমি ফাইনেল পর্যায়ত কালি ভূপালীয়ে ৫৪ কেজি শাখাত ছার্ভছেজৰ তনুৰ হাতত ৪-১-ত আৰু আৰতিয়ে ৫৭কেজিত তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়ো ৩-২-ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ