--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছেমি ফাইনেল পর্যায়ত কালি ভূপালীয়ে ৫৪ কেজি শাখাত ছার্ভছেজৰ তনুৰ হাতত ৪-১-ত আৰু আৰতিয়ে ৫৭কেজিত তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়ো ৩-২-ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে

ডিজিটেল ডেস্ক : দুর্দান্ত প্ৰদৰ্শনৰ জৰিয়তে টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী লাভলীনা বৰগোহাঁই, পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়ো, দেশীয় বক্সিং ক্ষেত্ৰৰ অন্যতম সম্ভাৱনা গীতিমণি গগৈয়ে তেলেংগানাৰ হায়দৰাবাদস্থিত ছাৰুনগৰ ইনড'ৰ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে।


তেনেদৰেই তেলেংগানা বক্সিং ফেডাৰেশ্যনে বক্সিং ফেডাৰেশ্যন অব্ ইণ্ডিয়া আৰু তেলেংগানা ক্রীড়া সঞ্চালকালয়ৰ তত্ত্বাৱধানত আয়োজন কৰা প্রতিযোগিতাখনত তিনিগৰাকী শীর্ষ অসম কন্যাই কমেও ৰূপৰ পদক অর্জন কৰাটো নিশ্চিত কৰিছে। সোমবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলৰ ৭৫ কেজি শাখাত লাভলীনাই উত্তৰ প্ৰদেশৰ স্নেহাক প্রথম ৰাউণ্ডতে ধৰাশায়ী কৰি (আৰ এছ চি), অংকুশিতাই ৬৫ কেজি শাখাত সৰ্বভাৰতীয় পুলিচৰ অমিতা কুণ্ডুক ৫-০ আৰু গীতিমণিয়ে মহাৰাষ্ট্ৰৰ শ্রিবাণী বিক ৫-০ পইণ্টৰ মসৃণ ব্যৱধানত ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে।


ফাইনেলৰ খেলসমূহ আজি হ'ব য'ত অংকুশিতাই ৰে'লৱেৰ শশীৰ বিৰুদ্ধে, লাভলীনাই এলা যাদৱৰ বিৰুদ্ধে (ৰে'লৱে) আৰু গীতিমণিয়ে দিল্লীৰ শিৱানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে, আন দুগৰাকী অসম কন্যা ভূপালী হাজৰিকা আৰু আৰতি দলেই ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ছেমি ফাইনেল পর্যায়ত কালি ভূপালীয়ে ৫৪ কেজি শাখাত ছার্ভছেজৰ তনুৰ হাতত ৪-১-ত আৰু আৰতিয়ে ৫৭কেজিত তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়ো ৩-২-ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ