--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁৰ চিটি স্কেন কৰা হৈছিল। মূৰত তেজ জমা হোৱা দেখা গ’ল।

ডিজিটেল ডেস্ক : খেতিপথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা। সোমবাৰে ছিমডেগা মহকুমাৰ নিজৰ গাঁৱত খেতিপথাৰত কাম কৰি থকা অৱস্থাত পৰি অচেতন হৈ পৰে ভাৰতৰ প্ৰাক্তন মিডফিল্ডাৰ লাক্ৰা।


৪৫ বছৰীয়া প্ৰাক্তন খেলুৱৈগৰাকীক ততাতৈয়াকৈ ছিমডেগা হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰাই তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰা হয়। হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙে কয়, ‘তেওঁ এতিয়া সুস্থিৰ। আজি ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰীয়ে তেওঁক সাক্ষাৎ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। আমি হকী ইণ্ডিয়াই তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।'


হকী ঝাৰখণ্ডৰ উপ-সভাপতি তথা ছিমডেগা হকীৰ সভাপতি মনোজ কনবেগীয়ে কয় যে বিমল নিজৰ খেতিলৈ গৈছিল, য’ত তেওঁ অচেতন হৈ পৰিছিল।


৪৫ বছৰীয়া বিমল লাক্ৰাক প্ৰাথমিক চিকিৎসাৰ বাবে কুৰ্দেগলৈ লৈ যোৱা হয়, তাৰ পৰাই তেওঁক ছিমডেগা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁৰ চিটি স্কেন কৰা হৈছিল। মূৰত তেজ জমা হোৱা দেখা গ’ল। চিকিৎসকৰ লগত পৰামৰ্শ কৰি তেওঁক ৰাঁচীলৈ লৈ যোৱা হয় আৰু কুৰেচেটা হাস্পতালত ভৰ্তি কৰোৱা হয়।


বিমল লাক্ৰাৰ স্বাস্থ্যৰ আপডেট দি ডাঃ সঞ্জয় কুমাৰে কয়, ‘যেতিয়া তেওঁক আমাৰ চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁ অচেতন আছিল। আমি তেওঁৰ চিটি স্কেন কৰিলোঁ, য’ত তেওঁৰ মগজুৰ বাওঁ সন্মুখত আঘাত পোৱা দেখা গ’ল... ক্লট হৈ গ’ল... আমি তেওঁক আই চি ইউত ভৰ্তি কৰিলোঁ। আমি তেওঁৰ চিটি স্কেন আকৌ কৰি দিলোঁ আৰু মগজুৰ আন অংশত কিছুমান অতিৰিক্ত ক্লট দেখা গ’ল। এই মুহূৰ্তত অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই আৰু এইটো এটা ভাল খবৰ। আমি তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিটত অহৰহ পৰ্যবেক্ষণত ৰাখিছো।


ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে সকলো ধৰণৰ চিকিৎসাৰ বাবে নিৰ্দেশনা দিছে আৰু ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰীয়ে চিকিৎসালয়খনত উপস্থিত হৈ বিমল লাক্ৰাক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে।


উল্লেখ্য যে বিমল লাক্ৰাই আগতে জাতীয় দলত মিডফিল্ডাৰ হিচাপে খেলিছিল। ২০০৩ আৰু ২০০৭ চনত এছিয়া কাপৰ স্বৰ্ণ পদক বিজয়ী দলৰ সদস্য আছিল লাক্ৰা।তেওঁৰ ভাতৃ বীৰেন্দ্ৰ লাক্ৰা আৰু ভগ্নী অসুন্ত লাক্ৰাও ক্ৰমে পুৰুষ আৰু মহিলা শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ