--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁৰ চিটি স্কেন কৰা হৈছিল। মূৰত তেজ জমা হোৱা দেখা গ’ল।

ডিজিটেল ডেস্ক : খেতিপথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা। সোমবাৰে ছিমডেগা মহকুমাৰ নিজৰ গাঁৱত খেতিপথাৰত কাম কৰি থকা অৱস্থাত পৰি অচেতন হৈ পৰে ভাৰতৰ প্ৰাক্তন মিডফিল্ডাৰ লাক্ৰা।


৪৫ বছৰীয়া প্ৰাক্তন খেলুৱৈগৰাকীক ততাতৈয়াকৈ ছিমডেগা হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাৰ পৰাই তেওঁক উন্নত চিকিৎসাৰ বাবে ৰাঁচীলৈ প্ৰেৰণ কৰা হয়। হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙে কয়, ‘তেওঁ এতিয়া সুস্থিৰ। আজি ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰীয়ে তেওঁক সাক্ষাৎ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। আমি হকী ইণ্ডিয়াই তেওঁৰ আশু আৰোগ্য কামনা কৰিছো।'


হকী ঝাৰখণ্ডৰ উপ-সভাপতি তথা ছিমডেগা হকীৰ সভাপতি মনোজ কনবেগীয়ে কয় যে বিমল নিজৰ খেতিলৈ গৈছিল, য’ত তেওঁ অচেতন হৈ পৰিছিল।


৪৫ বছৰীয়া বিমল লাক্ৰাক প্ৰাথমিক চিকিৎসাৰ বাবে কুৰ্দেগলৈ লৈ যোৱা হয়, তাৰ পৰাই তেওঁক ছিমডেগা সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁৰ চিটি স্কেন কৰা হৈছিল। মূৰত তেজ জমা হোৱা দেখা গ’ল। চিকিৎসকৰ লগত পৰামৰ্শ কৰি তেওঁক ৰাঁচীলৈ লৈ যোৱা হয় আৰু কুৰেচেটা হাস্পতালত ভৰ্তি কৰোৱা হয়।


বিমল লাক্ৰাৰ স্বাস্থ্যৰ আপডেট দি ডাঃ সঞ্জয় কুমাৰে কয়, ‘যেতিয়া তেওঁক আমাৰ চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া তেওঁ অচেতন আছিল। আমি তেওঁৰ চিটি স্কেন কৰিলোঁ, য’ত তেওঁৰ মগজুৰ বাওঁ সন্মুখত আঘাত পোৱা দেখা গ’ল... ক্লট হৈ গ’ল... আমি তেওঁক আই চি ইউত ভৰ্তি কৰিলোঁ। আমি তেওঁৰ চিটি স্কেন আকৌ কৰি দিলোঁ আৰু মগজুৰ আন অংশত কিছুমান অতিৰিক্ত ক্লট দেখা গ’ল। এই মুহূৰ্তত অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই আৰু এইটো এটা ভাল খবৰ। আমি তেওঁক ক্ৰিটিকেল কেয়াৰ ইউনিটত অহৰহ পৰ্যবেক্ষণত ৰাখিছো।


ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে সকলো ধৰণৰ চিকিৎসাৰ বাবে নিৰ্দেশনা দিছে আৰু ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰীয়ে চিকিৎসালয়খনত উপস্থিত হৈ বিমল লাক্ৰাক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে।


উল্লেখ্য যে বিমল লাক্ৰাই আগতে জাতীয় দলত মিডফিল্ডাৰ হিচাপে খেলিছিল। ২০০৩ আৰু ২০০৭ চনত এছিয়া কাপৰ স্বৰ্ণ পদক বিজয়ী দলৰ সদস্য আছিল লাক্ৰা।তেওঁৰ ভাতৃ বীৰেন্দ্ৰ লাক্ৰা আৰু ভগ্নী অসুন্ত লাক্ৰাও ক্ৰমে পুৰুষ আৰু মহিলা শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু