--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এটা টুইট। দাদাৰ এই টুইটটোতে যেন কঁপি উঠিল হিমালয়! সকলোতে আৰম্ভ হ’ল আলোচনা। সৌৰভ গাংগুলীয়ে বিচিচিআইৰ অধ্যক্ষ পদ ত্যাগ কৰি ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে নেকি বুলি সৰ্বত্ৰে চৰ্চা। একাংশই আকৌ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা ৰাজ্যসভাৰ সাংসদ হিচাপে যোগদান কৰিব বুলি উৰাবাতৰি বিয়পালে সামাজিক মাধ্যমত। কিন্তু প্ৰকৃত সত্য কি? সৌৰভ গাংগুলীয়ে সঁচাকৈয়ে ৰাজনীতিত যোগদান কৰিব নেকি? নে সেই টুইটটোৰ যোগেদি দিছে আন কিবা ইংগিত?

দৰাচলতে, যিটো টুইটক লৈ ইমান জল্পনা-কল্পনা চলিছে আচলতে সৌৰভে টুইটটোত কি কৈছিল? বুধবাৰে হঠাত্‍ সৌৰভে টুইট কৰি কয়, ‘বিগত ৩০ বছৰত ক্ৰিকেটে মোক বহুখিনি দিছে। এতিয়া নতুন কিবা এটা আৰম্ভ কৰিব খুজিছোঁ। মই এনেকুৱা কাম কৰিব বিচাৰো যাৰ দ্বাৰা সাধাৰণ জনতা উপকৃত হ’ব।’  মহাৰাজৰ এই টুইটৰ পিছত ছ’চিয়েল মিডিয়াত দুটা সম্ভাৱনাই বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গ’ল। এক, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ। দ্বিতীয়তে, তেওঁ ৰাজনীতিত যোগদান কৰিব। আন একাংশৰ মতে, সৌৰভৰ এই টুইটটো কেৱল এটা গুগলীহে। বিজ্ঞাপনৰ চমক। ইয়াৰ সৈতে বিচিচিআই বা ৰাজনীতিৰ কোনো সম্পৰ্ক নাই।

মন কৰিবলগীয়া যে, এতিয়ালৈকে সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা নাই। কেৱল মাত্ৰ  জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিব বুলি জনাইছে। দিনদিয়েক আগেয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি আইচিচিৰ অধ্যক্ষ হোৱাৰো ইংগিত পোৱা গৈছিল। বৰ্তমানৰ সভাপতি বাৰ্কেলেইয়ো আইচিচিৰ অধ্যক্ষ হিচাপে সৌৰভক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কৈছিল। অৱশ্যে, এইবাৰ সৌৰভৰ গন্তব্য স্থান আইচিচি নে ৰাজনীতি? সেয়া সময়তহে লক্ষ্যণীয় হ’ব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ