--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গাংগুলীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এটা টুইট। দাদাৰ এই টুইটটোতে যেন কঁপি উঠিল হিমালয়! সকলোতে আৰম্ভ হ’ল আলোচনা। সৌৰভ গাংগুলীয়ে বিচিচিআইৰ অধ্যক্ষ পদ ত্যাগ কৰি ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে নেকি বুলি সৰ্বত্ৰে চৰ্চা। একাংশই আকৌ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা ৰাজ্যসভাৰ সাংসদ হিচাপে যোগদান কৰিব বুলি উৰাবাতৰি বিয়পালে সামাজিক মাধ্যমত। কিন্তু প্ৰকৃত সত্য কি? সৌৰভ গাংগুলীয়ে সঁচাকৈয়ে ৰাজনীতিত যোগদান কৰিব নেকি? নে সেই টুইটটোৰ যোগেদি দিছে আন কিবা ইংগিত?

দৰাচলতে, যিটো টুইটক লৈ ইমান জল্পনা-কল্পনা চলিছে আচলতে সৌৰভে টুইটটোত কি কৈছিল? বুধবাৰে হঠাত্‍ সৌৰভে টুইট কৰি কয়, ‘বিগত ৩০ বছৰত ক্ৰিকেটে মোক বহুখিনি দিছে। এতিয়া নতুন কিবা এটা আৰম্ভ কৰিব খুজিছোঁ। মই এনেকুৱা কাম কৰিব বিচাৰো যাৰ দ্বাৰা সাধাৰণ জনতা উপকৃত হ’ব।’  মহাৰাজৰ এই টুইটৰ পিছত ছ’চিয়েল মিডিয়াত দুটা সম্ভাৱনাই বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গ’ল। এক, সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ। দ্বিতীয়তে, তেওঁ ৰাজনীতিত যোগদান কৰিব। আন একাংশৰ মতে, সৌৰভৰ এই টুইটটো কেৱল এটা গুগলীহে। বিজ্ঞাপনৰ চমক। ইয়াৰ সৈতে বিচিচিআই বা ৰাজনীতিৰ কোনো সম্পৰ্ক নাই।

মন কৰিবলগীয়া যে, এতিয়ালৈকে সৌৰভ গাংগুলীয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা নাই। কেৱল মাত্ৰ  জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিব বুলি জনাইছে। দিনদিয়েক আগেয়ে বিচিচিআইৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি আইচিচিৰ অধ্যক্ষ হোৱাৰো ইংগিত পোৱা গৈছিল। বৰ্তমানৰ সভাপতি বাৰ্কেলেইয়ো আইচিচিৰ অধ্যক্ষ হিচাপে সৌৰভক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কৈছিল। অৱশ্যে, এইবাৰ সৌৰভৰ গন্তব্য স্থান আইচিচি নে ৰাজনীতি? সেয়া সময়তহে লক্ষ্যণীয় হ’ব!



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ