--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ৰাগা’, প্ৰিয়ংকাই নোৱাৰিলে, এইবাৰ ভেটি ৰক্ষাৰ বাবে ছোনিয়াৰ শেষ চাল ‘পিকে’! দেশৰ নিৰ্বাচনী ৰাজনীতিৰ বাবে এক প্ৰকাৰ চমৎকাৰ হিচাপে চিহ্নিত হৈছে প্ৰশান্ত কিশোৰ। ইটোৰ পাছত সিটো নিৰ্বাচনত তেওঁৰ ৰণকৌশলে বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া দেশৰ সৰ্বপ্ৰাচীন দলটোৰ হৃত গৌৰৱ আৰু স্থান পুনৰুদ্ধাৰৰ বাবে তেওঁকে বাছি লোৱা হৈছে। প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি চলি থকা ব্যাপক চৰ্চাই দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে।

 ছোনিয়া গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে প্ৰশান্ত কিশোৰে একাধিক বৈঠকত ভাগ লৈছে। দলীয় সূত্ৰই প্ৰকাশ কৰিছে যে, তেওঁ কংগ্ৰেছত যোগদান কৰা তথা দলত তেওঁৰ ভূমিকা কি হ’ব তাৰ চূড়ান্ত গান্ধীয়ে। মন কৰিবলগীয়া যে, ৰাহুল-প্ৰিয়ংকাৰ ভূমিকাই দলক সংগঠিত কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশান্ত কিশোৰৰ চমৎকাৰেহে যে গান্ধী পৰিয়ালৰ হাতত কংগ্ৰেছক ৰাখিব পাৰিব সেয়া নিশ্চিত। সেয়েহে তেওঁৰ শেষ চাল তেওঁ বহু চিন্তা-চৰ্চাৰ মাজেৰে ল’বলৈ চেষ্টা কৰাটো স্পষ্ট হৈ পৰিছে।

 সূত্ৰ অনুসৰি, ছোনিয়া গান্ধীয়ে সোমবাৰে সন্ধিয়া পিকে সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে। ছোনিয়াই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে ৰাহুল-প্ৰিয়ংকাৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছেমন কৰিবলগীয়া কথাটো হৈছে যে, বিগত এসপ্তাহত ছোনিয়াৰ সৈতে তিনিবাৰকৈ আলোচনাত মিলিত হৈছে প্ৰশান্ত কিশোৰ। আৰু এই সময়ছোৱাত উপস্থিত নাই ৰাহুল গান্ধী। কংগ্ৰেছৰ ভৱিষ্যৎৰ সৈতে জড়িত এটা বিষয়ৰ গুৰুত্বপূৰ্ণ আলোচনা চলি থকাৰ মাজতে ৰাহুল গান্ধীৰ অনুপস্থিতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৰাহুল গান্ধী বিদেশলৈ গৈছে।

এজন কংগ্ৰেছ নেতাই সদৰি কৰা মতে, চূড়ান্ত সিদ্ধান্ত ছোনিয়া গান্ধীয়ে ল'ব। ছোনিয়াই ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনা কৰিছে। দলত প্ৰশান্ত কিশোৰৰ ভূমিকা কি হ', তেওঁ দলত একেবাৰে যোগদান কৰিব নে নাই, আগন্তুক বিধানসভা নিৰ্বাচন আৰু ২০২৪লোকসভা নিৰ্বাচন তেওঁ দলক কিদৰে সহায় কৰিব সেইবোৰ বিষয়ৰ সিদ্ধান্ত শীঘ্ৰেই লোৱা হ’ব।

জানিব পৰা মতে, প্ৰশান্ত কিশোৰৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ কংগ্ৰেছৰ এটা পেনেলক দায়িত্ব দিয়া হৈছে। তেওঁলোকে এসপ্তাহৰ ভিতৰত ছোনিয়া গান্ধীক আলোচনাৰ সাৰাংশ জনাব। সূত্ৰ অনুসৰি, প্ৰশান্ত কিশোৰে কংগ্ৰেছক উত্তৰ প্ৰদেশ, বিহাৰ আৰু ওড়িশাত অকলে যুঁজিবলৈ পৰামৰ্শ দিছে। আনহাতে তামিলনাডু, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত মিত্ৰতাত অৱতীৰ্ণ হৈ যুঁজ দিবলৈ পৰামৰ্শ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ