--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে৷ কালি কংগ্ৰেছ নেতৃত্বৰে দীঘলীয়া বৈঠকত মিলিত হয় দেশৰ চৰ্চিত নিৰ্বাচনী ৰণনীতিবিদগৰাকী৷ কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি, প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ কোৱা হৈছে আৰু কংগ্ৰেছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে৷

ইতিমধ্যে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিবলৈ আগ্ৰহ দেখুৱাইছে আৰু দলটোৰ দোষ-দুৰ্বলতা আৰু সফলতাৰ বাবে কি কি কৰিব লাগিব তাৰ বিতং উপস্থাপন আগবঢ়াইছে৷ কালিৰ বৈঠকত কিশোৰে ২০২৪ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বৰ সন্মুখত নিজৰ চিন্তাক উপস্থাপন কৰিছে৷ আৰু কংগ্ৰেছে তেওঁৰ পৰামৰ্শ, ধাৰণাক কেনেদৰে আগুৱাই নিব তাৰ প্ৰতি লক্ষ্য ৰাখি এখন সমিতি গঠন কৰিব৷

ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে প্ৰশান্ত কিশোৰে বৈঠক সমাপ্ত কৰাৰ পাছত এই তথ্য সদৰী কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালে৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, কংগ্ৰেছে উত্তৰ প্ৰদেশ, বিহাৰ আৰু ওড়িশাত অকলে যুঁজ দিব লাগে, আৰু তামিলনাডু, পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত মিত্ৰতা গঠন কৰিব লাগে বুলি প্ৰশান্ত কিশোৰে পৰামৰ্শ আগবঢ়াইছে৷ কিশোৰৰ এই পৰামৰ্শৰ প্ৰতি সন্মত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী৷

প্ৰশান্ত কিশোৰে ২০২৪ৰ সাধাৰণ নিৰ্বাচনকে ধৰি কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক পুনৰুত্থান কৰাৰ বাবে ছোনীয়া-ৰাহুলৰ সৈতে সৈতে পুনৰ আলোচনা আৰম্ভ কৰিছে। মমতা বেনাৰ্জীৰ বংগ বিজয়ৰ পাছত বিগত বৰ্ষত কিশোৰ আৰু গান্ধী পৰিয়ালৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল, য'ত ৰণনীতিবিদজনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ