--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে৷ কালি কংগ্ৰেছ নেতৃত্বৰে দীঘলীয়া বৈঠকত মিলিত হয় দেশৰ চৰ্চিত নিৰ্বাচনী ৰণনীতিবিদগৰাকী৷ কংগ্ৰেছ সূত্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি, প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ কোৱা হৈছে আৰু কংগ্ৰেছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে৷

ইতিমধ্যে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিবলৈ আগ্ৰহ দেখুৱাইছে আৰু দলটোৰ দোষ-দুৰ্বলতা আৰু সফলতাৰ বাবে কি কি কৰিব লাগিব তাৰ বিতং উপস্থাপন আগবঢ়াইছে৷ কালিৰ বৈঠকত কিশোৰে ২০২৪ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতৃত্বৰ সন্মুখত নিজৰ চিন্তাক উপস্থাপন কৰিছে৷ আৰু কংগ্ৰেছে তেওঁৰ পৰামৰ্শ, ধাৰণাক কেনেদৰে আগুৱাই নিব তাৰ প্ৰতি লক্ষ্য ৰাখি এখন সমিতি গঠন কৰিব৷

ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে প্ৰশান্ত কিশোৰে বৈঠক সমাপ্ত কৰাৰ পাছত এই তথ্য সদৰী কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা কেচি বেণুগোপালে৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, কংগ্ৰেছে উত্তৰ প্ৰদেশ, বিহাৰ আৰু ওড়িশাত অকলে যুঁজ দিব লাগে, আৰু তামিলনাডু, পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰত মিত্ৰতা গঠন কৰিব লাগে বুলি প্ৰশান্ত কিশোৰে পৰামৰ্শ আগবঢ়াইছে৷ কিশোৰৰ এই পৰামৰ্শৰ প্ৰতি সন্মত হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী৷

প্ৰশান্ত কিশোৰে ২০২৪ৰ সাধাৰণ নিৰ্বাচনকে ধৰি কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক পুনৰুত্থান কৰাৰ বাবে ছোনীয়া-ৰাহুলৰ সৈতে সৈতে পুনৰ আলোচনা আৰম্ভ কৰিছে। মমতা বেনাৰ্জীৰ বংগ বিজয়ৰ পাছত বিগত বৰ্ষত কিশোৰ আৰু গান্ধী পৰিয়ালৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল, য'ত ৰণনীতিবিদজনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ