--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ‘অখিল গগৈৰ ভূমিকাৰ বাবে হতাশ হৈছে ৰাইজৰ দলৰ নেতা কৰ্মী। অখিল গগৈয়ে দুৰ্ঘটনাক্ৰমে ৰাজনীতিলৈ অহা বুলি ঘোষণা কৰিছে তেনে পৰিপ্ৰেক্ষিতত ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটোৰ জন্মও হৈছে দুৰ্ঘটনাক্ৰমেহে। বিজেপি বিধায়কৰ পৰা দলৰ বাবে ধন লৈছিল অখিল গগৈয়ে।’ এনে ভালেমান বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সদ্য পদত্যাগী নেতা কমল কুমাৰ মেধিয়ে। ‘ৰাইজৰ দল’ ত্যাগৰ আনুষ্ঠানিক ঘোষণাৰ পাছত আজি এখন সংবাদ মেল সম্বোধন কৰি কমল কুমাৰ মেধিয়ে ভালেমান অসন্তুষ্টিৰ কথা ব্যক্ত কৰে।

অখিল গগৈৰ সংগ্ৰামী দিনৰ সতীৰ্থ তথা ৰাজনৈতিক যাত্ৰাৰো সংগী কমল কুমাৰ মেধিৰ আকস্মিক দলত্যাগৰ খবৰক লৈ চৰ্চা চলি থকাৰ মাজতে কমল কুমাৰ মেধিয়ে উত্থাপন কৰা অভিযোগবোৰে বিশেষ তাৎপৰ্য বহন কৰিছে। সংবাদমেলত তেওঁ ব্যক্তিগত ক্ষমতা লাভৰ আকাংক্ষা নাই বুলিও তেওঁ দাবী কৰে আৰু কয় যে, ক্ষমতাৰ লোভ থকা হলে বিজেপি-এজিপিত যোগ দিলোঁহেঁতেন।

তেওঁ আৰু কোনোদিন আৰু ‘ৰাইজৰ দল’লৈ নাযাওঁ বুলি মন্তব্য কৰে। তেওঁ দাবী কৰে যে, বিজেপি-অগপৰ শীৰ্ষ নেতৃ্ত্বই মাতি থকাৰ পাছতো তেওঁ আজিলৈ যোৱা নাই। অখিল গগৈ সৈতে তেওঁৰ ব্যক্তিগত মতানৈক্য নাই যদিও ৰাজনৈতিকভাৱে মতবিৰোধ আছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে, ৰাইজৰ দলৰ পৰা মই ১২ এপ্ৰিলতে পদত্যাগ কৰিছিলোঁ। কিন্তু দলটোৰ ক্ষতি বাবে ৰাজহুৱা কৰা নাছিলোঁ। কিন্তু কালি বিষয়ববীয়া সভা আছিল। তাত এজনে আমি বিজেপি এজেন্ট হৈ কাম কৰিছোঁ নেকি বুলিও সুধিছিল। পৰিস্থিতি যথেষ্ট বেয়া হৈছিল, সেয়েহে ভাবিলোঁ মনে মনে থকাটো ভুল হ’ব।

অখিল গগৈ সন্দৰ্ভতো বহু ক’বলগীয়া আছে বুলি মন্তব্য কৰি তেওঁ কয় যে, শেহতীয়াভাৱে তেওঁ মন্তব্য কৰি আহিছে যে ৰাজনীতি লৈ আহি তেও ভুল কৰিলে। এই কথাই দলত নেতিবাচক প্ৰভাৱ পেলাইছে। দলৰ সভাপতিগৰাকীয়েই যদি দল ত্যাগ কৰি ৰাজপথৰ আন্দোলনলৈ ঘূৰি যোৱাৰ কথা ভাবে তেন্তে বাকী কৰ্মীসকলে কি কৰিব এতিয়া? আৰু কোনো আহিব দললৈ? অখিল গগৈৰ ভূমিকাৰ বাবে সকলোৱে এতিয়া হতাশ হৈছে।

তেওঁ লগতে কয় যে, জে’লত থাকোঁতে আমি আশা কৰিছিলোঁ তেওঁ সমুখৰ পৰা দলটোক নেতৃত্ব দিব। কিন্তু জে’লৰ পৰা ওলোৱাৰ ১০মাহ হোৱা পাছটো তেওঁ দলটো আগুৱাই নিব পৰা নাই। আজিলৈ দলটোৰ পঞ্জীয়ন কৰাই নহ’ল। পঞ্জীয়ন সন্দৰ্ভত অখিল গগৈক সুধিলে তেওঁ বিষয়টো বেলেগলৈ থেলে। সাংগঠনিক ভেটি সবল কৰিবলৈ সভাপতিয়ে যি কাম কৰিব লাগে সেয়া অখিল গগৈয়ে কৰা নাই বুলিও তেওঁ অভিযোগ কৰে।

এক বিস্ফোৰক মন্তব্য কৰি তেওঁ কয় যে, আমাৰ অনুভৱ হয় ঘটনাক্ৰমেহে দলটো গঠন কৰা হৈছিল। জে’লৰ পৰা ওলাবৰ বাবেহে অখিল গগৈয়ে দলটো খুলিছিল নেকি? ‘নিয়া’ তদন্তৰ পৰা পৰিত্ৰান পাবলৈ দল গঠন কৰিছিল নেকি? তেওঁৰ ভূমিকাৰ বাবে এতিয়া আমি হতাশ হৈ পৰিছোঁ। তেওঁ জে’লৰ পৰা ওলাবলৈ আমাক ব্যৱহাৰহে কৰিলে নেকি?

মেধিয়ে লগতে কয় যে, কেৱল ময়েই নহয়। আৰু কেইজনমানেও পদত্যাগ কৰিছে। কিন্তু এতিয়ালৈ ৰাজহুৱা কৰা নাই। ‘ৰাইজৰ দল’ৰ অনিশ্চিত ভৱিষ্যতৰ বাবে মই পদত্যাগ কৰিলোঁ। বৰ্তমানে তেওঁ অন্য কোনো দলত যোগদানৰ কথা চিন্তা কৰা নাই বুলিও তেওঁ মন্তব্য কৰে। তেওঁ আনকি আন এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, বিজেপি বিধায়ক মানৱ ডেকাৰ পৰা পৌৰসভা নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে টকা লৈছিল। দলৰ মজিয়াত এই বিষয়ে চৰ্চা চলিছিল। এই সম্পৰ্কীয় কথা-বতৰাৰ মাজতে অখিল গগৈৰ সৈতে তেওঁৰ মতবিৰোধ হৈছিল বুলিও তেওঁ সদৰি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ